জাত -

অধিক উৎপানক্ষম অসমৰ থলুৱা জাত (Assam Tall), টিxডি হাইব্ৰিড (TxD Hybrid), বেঙ্গল চিলেকটেড (Bengal Selected) আৰু বেঙ্গল হাজাৰী (Bengal Hazari)৷

মাতৃ গছজোপাৰ বাছনি -

যি জোপা মাতৃগছে প্ৰতিবছৰে প্ৰায় ১০০ টা নাৰিকল উৎপাদন কৰিব পাৰে আৰু সেইজোপাৰ বয়স প্ৰায় ২০-২৫ বছৰ হয় তেনে গছৰহে নাৰিকল পুলিৰ বাবে বাছনি কৰিব লাগে৷

মাতৃ গছজোপাৰ মুকুটটো যথেষ্ঠ বহল আৰু পাতবোৰে যথেষ্ঠ ঠাই আবৰি ৰখা বিধৰ হব লাগে৷ চেপ্তেম্বৰ-ডিচেম্বৰ মাহত চপোৱা নাৰিকলহে পুলিৰ বাবে নিৰ্বাচন কৰিব লাগে৷

মাটি -

সাধাৰণতে বালিচঁহীয়া মাটিহে নাৰিকল খেতিৰ বাবে বাচিব লাগে৷ যদি মাটিডোখৰ লিকটীয়া হয় তেতিয়া ২ পাচি বালি নাৰিকলৰ গাতটোত প্ৰয়োগ কৰি লব লাগে৷

নাৰিকলৰ বীজ সিঁচা -

বীজৰ বাবে নাৰিকল সিঁচাৰ সময় হ’ল ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে৷ বীজ পুতিবৰ বাবে ৩০ ছে: মি: ওখ আৰু ১ মিটাৰ বহল ভেঁটি কৰি লব লাগে৷ নাৰিকলটো পোতাৰ আগেয়ে দুটা শিৰৰ মাজত থকা বহল পিঠিটো ওপৰফালে ৰাখি পথালিকৈ পুতিব লাগে৷

নাৰিকল পুলি বাছনি:

এবছৰীয়া পুলিহে ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷ বীজ সিঁচাৰ পিছত ভাল পৰিচর্য্যা কৰা পুলিবাৰীৰ পৰা ৫ টা বা তাতোধিক পাত থকা নিৰোগী, গুৰি শকত, এবছৰীয়া পুলি ৰোৱাৰ বাবে ব্যৱস্থা কৰিব লাগে৷ পুলিটোৰ তলৰ এটা বা দুটা পাত ফাটিবলৈ ধৰা পুলি হলে বেচি ভাল৷

পুলি ৰোৱাৰ ব্যৱধান -

৭.৫ মি: x ৭.৫ মি:

গাঁতটোৰ ব্যাসার্দ্ধ :

১ মি: x ১ মি: x ১ মি:

পুলি ৰোৱাৰ সময় :

ওখ মাটিৰ বাবে মাৰ্চ-এপ্ৰিল৷

দ চানেকীয়া মাটিৰ বাবে ছেপ্তেম্বৰ–অক্টোবৰ৷

গাঁত পূৰণ :

শুকান মাটি, ২০ কেজি পচন সাৰ বা শুকান গোবৰ আৰু ১০ গ্ৰাম ৫ শতাংশ এলড্ৰেক্সৰ এটা মিশ্ৰণ গাঁতটোত ভালদৰে ২/৩ অংশ পূৰ হোৱাকৈ প্ৰয়োগ কৰিব লাগে৷

ৰাসায়নিক সাৰ -

প্ৰতিজোপা ফল ধৰা গছৰ বাবে –

ইউৰীয়া- ১.৫০ কেজি

চুপাৰ ফছফেট- ২.৫০ কেজি

মিউৰেট অব পটাচ- ১.৭৫ কেজি

বৰাক্স(সুৱগা)- ২৫ গ্ৰাম

ৰাসায়নিক সাৰখিনি সমানে দুভাগ কৰি এভাগ এপ্ৰিল আৰু আনটো ভাগ অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে৷ সাৰখিনি গছজোপাৰ পৰা কিছু দূৰত্বত ১-১.৭৫ মিটাৰ ব্যাসাৰ্দ্ধৰ এটা নলা খান্দি প্ৰয়োগ কৰিব লাগে৷

গছজোপাৰ বা পুলিটোৰ বয়স অনুযায়ী সাৰৰ পৰিমান তলত উল্লেখ কৰাৰ দৰে বঢ়াব বা কমাব লাগে –

১ম বছৰ - সম্পূৰ্ণ পৰিমাণ সাৰৰ ১/৫ ভাগ

২য় বছৰ-সম্পূৰ্ণ পৰিমাণ সাৰৰ ২/৫ ভাগ

৩য় বছৰ-সম্পূৰ্ণ পৰিমাণ সাৰৰ ৩/৫ ভাগ

৪ৰ্থ বছৰ-সম্পূৰ্ণ পৰিমাণ সাৰৰ ৪/৫ ভাগ

৫ম বছৰৰ পৰা সম্পূৰ্ণ পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে ৷

শস্য ৰক্ষা -

উঁই পোক (White Ant) :

৭.৫ বৰ্গ মিটাৰ পুলিবাৰীৰ বাবে ২০০ গ্ৰাম এলড্ৰেক্স (Aldrex powder) ৫ শতাংশ শক্তি যুক্ত পাউদাৰ আৰু ১০০ গ্ৰাম এলড্ৰেক্স ৫ শতাংশ পুলি ৰোৱাৰ সময়ত গাঁতত প্ৰয়োগ কৰিব লাগে৷

গড় পোক (Rhinoceros Beetle) :

এই পোক নিয়ন্ত্ৰণ কৰিবলৈ ১০ শতাংশ শক্তিযুক্ত বি, এইচ, চি, পাউদাৰ বালিৰ লগত সমান পৰিমাণে মিহলাই নাৰিকল গছৰ মুকুট অংশত আৰু পাৰত খোৰোংবোৰত ছটিয়াই দিব লাগে৷

ঘুণে খোৱা পোক (Red palm weevil):

এই পোকৰ নিয়ন্ত্ৰণ কৰিবলৈ ৩০ শতাংশ শক্তিযুক্ত এন্দচালফান ১ মিলিলিটাৰ একলিটাৰ পানীত মিহলাই গা-গছৰ ফোপোলা অংশত ফুটা কৰি ভিতৰলৈ যোৱাকৈ ঢালি দিব লাগে আৰু তাৰ পাচত ফুটাটো মাটিৰে বন্ধ কৰি দিব লাগে৷

ফুল আৰু ফল খোৱা পোক (Betraceda and Teratheba) :

এই পোক নিয়ন্ত্ৰণ কৰিবলৈ ৩০ শতাংশ ৰ'গৰ ১ মিলি লিটাৰ এক লিটাৰ পানীত মিহলাই ষ্প্ৰে কৰিব লাগে৷ পোকবোৰে নাৰিকল গছত যাতে বাহ ল’ব নোৱাৰে তাৰ বাবে গছৰ মুকুট অংশত থকা বিশেষকৈ পাৰত খোৰোংবোৰত থকা গেলা-পচা অংশ বছৰেকত দুবাৰ-এবাৰ বাৰিষাৰ আগতে আৰু এবাৰ বাৰিষাৰ পিচত চাফা কৰিব লাগে৷

মুকুট পচা (Crown Rot) :

এনে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আক্ৰান্ত গছ জোপাৰ চাৰিওফালে মাটিত ২৫ গ্ৰাম বৰাক্স, ৰাসায়নিক সাৰ দিয়াৰ দৰে প্ৰয়োগ কৰিব লাগে৷ আক্ৰান্তৰ পৰিমাণ বেছি হ’লে এনে ঔষধ প্ৰথমবাৰ প্ৰয়োগৰ ৩ মাহৰ পাচত আকৌ প্রয়োগ কৰিব লাগে৷

গা-গছৰ ৰস ওলোৱা (Stem bleeding) :

এনে বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আক্ৰান্ত অংশ কাটি পেলায় দিব লাগে৷ এতিয়া কাটি চাফা কৰা অংশত বৰদ’ মিশ্ৰণৰ মলম প্ৰস্তুত কৰি ডাঠকৈ লেপি দিব লাগে৷ নতুবা গৰম আলকাতৰাৰ লেপন দিলেও ভাল৷

গেন'দাৰমা (Ganoderama) :

এই বেমাৰ প্ৰতিকাৰৰ বাবে –

গছৰ গুৰিত পানী জমা হবলৈ দিব নালাগে৷ নিৰ্দ্ধাৰিত পৰিমাণৰ সাৰ প্রয়োগ কৰিব লাগে৷ এই বেমাৰত এজোপা গছ আক্ৰান্ত হ’লে বেমাৰৰ বীজাণু যতে কাষৰ জোপালৈ বিয়পিব নোৱাৰে তাৰ বাবে আক্ৰান্ত গছজোপাৰ চাৰিওফালে ২-৩ মিটাৰ আঁতৰত ৪০ ছে: মি: বহল আৰু ৬০ বা ৭০ ছে: মি: দকৈ এটা নলা খান্দিব লাগে৷ জৈৱিক সাৰৰ লগতে গছে প্ৰতি ৫ কিলোগ্ৰাম নিমৰ খলিহৈ ব্যৱহাৰ কৰিব লাগে৷

এই বেমাৰৰ প্ৰাৰম্ভিক পর্য্যায়তে গছজোপা ০.৩ শতাংশ কেপ্টান বা ০.২ শতাংশ ভিটাভেক্স ১০ লিটাৰ পানীত তিনি মাহৰ ব্যৱধানত প্ৰয়োগ কৰিব লাগে৷ নাৰিকলৰ বাৰীখন বা গছজোপাৰ প্ৰতি যথেষ্ট মনোযোগ দি থাকিব লাগে৷ আক্ৰান্ত গছবোৰ পাৰিলে শিপাৰ সৈতে উঠাই পেলাব লাগে৷ দুশাৰী নাৰিকলৰ মাজৰ অংশত কল গছ ৰোব পাৰিলে ভাল৷

গছৰ চাৰিওফালে ১.৫-২ কেজি ছালফাৰ পাউদাৰ প্ৰয়োগ কৰিব লাগে৷ ১ গ্ৰাম কপাৰ চালফেট + ১.৫ গ্ৰাম ওৰাগাজিন মিশ্ৰণ ১০০ মি: লিটাৰ পানীত মিহলাই মাটিত (গছৰ গুৰিত) ঢালিব লাগে৷

কোঁহ পঁচা (Bud rot) :

আক্ৰান্ত অংশ চাফা কৰিব লাগে আৰু এক শতাংশ বৰদ’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে।

পাত জলা (Leaf blight) :

পুৰণা শুকান বা আক্ৰান্ত হোৱা পাতবোৰ আঁতৰাই দিব লাগে আৰু ১ শতাংশ বৰদ’ মিশ্ৰণ ষ্প্ৰে কৰিব লাগে৷

অপইতাকৈ গুটি সৰা (Immature nut shedding) :

প্ৰতি বছৰে অনুমোদিত হাৰৰ সাৰ প্ৰয়োগ৷ কীট নাশক বা বেমাৰ নাশক ঔষধ ব্যৱহাৰ৷ খৰাং বতৰত জলসিঞ্চনৰ ব্যৱস্হা কৰা৷ ৬০ পি. পি. এম. পৰিমাণৰ টু-ফৰ-ডি এক সপ্তাহৰ ব্যৱধানত এমাহ স্ত্ৰী-ফুলত প্ৰয়োগ কৰিব।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।