জাঁত জাঁত কৃষি কাল (দিন) শস্য উৎপাদন (কুইন্টল/হেক্টৰ) ৰোগৰ প্ৰতিক্ৰিয়া টি-৯ ৮০-৯০ ১০-১২ হালধীয়া মোজাইক ভাইৰাচ আৰু পাতত দাগ পৰা ৰোগৰ ক্ষেত্ৰত সহনশীল টি-২৭ ৮০-৯০ ১০-১২ হালধীয়া মোজাইক ভাইৰাচ আৰু পাতত দাগ পৰা ৰোগৰ ক্ষেত্ৰত সহনশীল পন্ট ইউ ১৯ ৮০-৯৫ ১০-১২ হালধীয়া মোজাইক ভাইৰাচ আৰু পাতত দাগ পৰা ৰোগৰ ক্ষেত্ৰত সহনশীল টি-১২২ ৮০-৯০ ১০-১২ হালধীয়া মোজাইক ভাইৰাচ আৰু পাতত দাগ পৰা ৰোগৰ হয় শাওঁনীয়া মাহ (এচ বি -১২৯) ৭০-৮০ ১০-১২ হালধীয়া মোজাইক ভাইৰাচ আৰু পাতত দাগ পৰা ৰোগৰ হয় (ওপৰোক্ত জাঁত সকলো পৰিমণ্ডলৰ বাবে অনুমোদিত মাত্ৰ শাওঁনীয়া মাহ অকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চলৰ বাবে অনুমোদিত) বীজ সিঁচা সময়: আগষ্ট মাহৰ মাজভাগৰ পৰা চেপ্তেম্বৰ মাহৰ মাজভাগলৈকে আৰু শাওঁনীয়া মাহ জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ মাজভাগলৈকে বীজ সিঁচাৰ উত্তম সময়। মাটি: মাটিমাহৰ খেতি যদিও বহুবিধ মাটিত কৰিব পাৰি, বালিচহীয়া পলসুৱা মাটিত ইয়াৰ খেতি ভাল হয়। মাটি প্ৰস্তুতি: মাটিমাহৰ খেতিৰ বাবে মাটি একেবাৰে মিহিকৈ চাহ নকৰিলেও হয়। মাটিডৰা ২-৩ বাৰ হালবাই মৈ দি সমান কৰি ল’ব লাগে আৰু বন-বাত আতৰাই ল’ব লাগে। সুবিধা অনুযায়ী অতিৰিক্ত পানী সোনকালে ওলাই যাবৰ বাবে নলা কাটি দিব লাগে। চূণ প্ৰয়োগ: মাটিডৰা পৰীক্ষা কৰি মাটিৰ অম্লতা ৬/০ লৈ আনিবলৈ প্ৰয়োজন অনুযায়ী চূণ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগ: হেক্টৰে প্ৰতি ১-২ টন নাইবা বিঘাই প্ৰতি ১/৩ কুইন্টল পথৰুৱা সাৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে আৰু ই মাটিৰ উৰ্বৰতা বৃদ্ধি পোৱাৰ উপৰিও মাটিৰ গঠনো উন্নত কৰে। উৎপাদনৰ পৰিমাণ (কিলো প্ৰতি হেক্টৰ) ৰাসায়নিক সাৰৰ পৰিমাণ কিলো প্ৰতি বিঘা হেক্টৰ) ৰাসায়নিক সাৰৰ পৰিমাণ কিলো প্ৰতি বিঘা (ক) ৰাইজোৰিয়াম কালচাৰ প্ৰয়োগ নকৰা খেতি: নাইট্ৰোজেন ১৫ ইউৰিয়া ৩২ ৪.৫ ফচফৰাচ ৩৫ একক চুপাৰ ফচফেট ২২০ ৩০ পটাছ ০ মিউৰিয়েট অব পটাছ - - (খ) ৰাইজোৰিয়াম কালচাৰ প্ৰয়োগ নকৰা খেতি: নাইট্ৰোজেন ১০ ইউৰিয়া ২২ ৩ ফচফৰাচ ৩৫ একক চুপাৰ ফচফেট ২২০ ৩০ পটাছ ০ মিউৰিয়েট অব পটাছ - - ব্ৰক্ষ্মপুত্ৰৰ উজনি অঞ্চল, নামনি অঞ্চল আৰু উত্তৰ পাৰ অঞ্চলত নাইট্ৰজেন আদি ফচফৰাছৰ উপৰিও প্ৰতি হেক্টৰত ১০ কিলোতকৈ পটাছ সাৰ প্ৰয়োগ কৰিবলৈ অনুমোদন জনোৱা হৈছে। পথৰুৱা সাৰ প্ৰয়োগ কৰিলে তাত থকা সমানুপাত পৰিমাণৰ নাইট্ৰজেন, ফচফৰাচ আৰু পটাছ সাৰ কমাই প্ৰয়োগ কৰিব লাগে। (এক টন পথৰুৱা সাৰত ৫ কিলোগ্ৰাম নাইট্ৰজেন, ২.৫ কিলোগ্ৰাম ফচফৰাচ আৰু ২.২৫ কিলোগ্ৰাম পটাছ থাকে)। বীজ শোধন নকৰা খেতিত ইউৰিয়া আৰু একক চুপাৰ ফচফেটৰ পৰিৱৰ্তে ডাই-এম’নিয়াম ফচফেট (ড এ পি) হেক্টৰে প্ৰতি ৭৫ কিলোগ্ৰাম নাইবা বিঘাই প্ৰতি ১০ কিলোগ্ৰাম প্ৰয়োগ কৰিব পাৰে। বীজ শোধন বীজ শোধন কৰিবলৈ চিলঙনি, আহতগুৰি, কমলাবাৰী নাইবা আন উপযুক্ত স্তৰৰ ৰাইজোবিয়াম কালচাৰ যিকোনো এবিধ ব্যৱহাৰ কৰিব। ৩-৪ কিলোগ্ৰাম বীজ ১০০ গ্ৰাম কালচাৰেৰে শোধন কৰা হয়। বীজবোৰ সাৱধানে পৰিষ্কাৰ পানীত তিয়াই সেমেকাই ল’ব। বীজ যাতে বেছি পৰ পানীত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰাইজোবিয়াম কালচাৰ এনেদৰে বীজত মিহলাব (প্ৰতি কিলোগ্ৰাম বীজত ১৫ গ্ৰাম কালচাৰ)যাতে বীজৰ ওপৰত এটি পাতল চামনি পৰে। শোধিত বীজবোৰ ছাত শুকুৱাই ল’ব। বীজবোৰত ৰ’দ পৰিবলৈ নিদিব। এবিঘা মাটিৰ বাবে প্ৰয়োজনীয় বীজ শোধন কৰিবলৈ ১ পেকেট এ.এ.ইউ কালচাৰেই যথেষ্ট। এই কালচাৰৰ পেকেট বজাৰত সহজলভ্য। বীজৰ পৰিমাণ কিলো প্ৰতি হেক্টৰ কিলো প্ৰতি বিঘা শাৰীবদ্ধ খেতিত ২৫.০০ ৩.০-৩.৩ বীজ সিচি কৰা খেতিত ২৭.০০ ৩.৬ ব্যৱধান শাৰীৰ মাজত ৩০ ছেন্টিমিটাৰ গছৰ মাজত ১০ ছেন্টিমিটাৰ প্ৰতিপালন: বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছত এবাৰ বনবাত নিৰাই দিব। শস্য ৰক্ষা: ৰোগ/পোক ৰোগনাশক ঔষধ/কীটনাশক ঔষধ ঔষধৰ পৰিমাণ প্ৰতি হেক্টৰ গাঢ়তা স্প্ৰে কৰাৰ মধ্যৱৰ্তী কাল (ক) ৰোগ ব্যধি (১) পাতত দাগ পৰা ব্লাইটক্স-৫০ নাইবা ফাইটোলান নাইবা ফাইকোপ নাইবা বেভিষ্টিন ১.৮-২.০০ কিলোগ্ৰাম ৬০০-৭০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৩০০-৫০০ গ্ৰাম ঔষধ ৬০০-৭০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ০.৩% ০.০৫% ৭-১০ দিন ১২-১৫ দিন (২) ব্লাইট বেভিষ্টিন -ঐ- -ঐ- -ঐ- (৩) চাহি পৰা বেভিষ্টিন -ঐ- -ঐ- -ঐ- (খ) পোক-পৰুৱা: (১) মোৱা পোক মালাথিয়ন-৫০ ইচি ১.০-১.৫ লিটাৰ ৫০০-৭০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ০.৯-০.১৫ প্ৰয়োজন হ’লে পুনৰ স্প্ৰে কৰিব (২) ফুটি পোক -ঐ- -ঐ- -ঐ- -ঐ- (৩) গুবৰুৱা পোক বি.এইচ.বি. ১৫-২০ কিলোগ্ৰাম ১০% -ঐ- ৰোগ/পোক ৰোগনাশক ঔষধ/কীটনাশক ঔষধ ঔষধৰ পৰিমাণ প্ৰতি হেক্টৰ গাঢ়তা স্প্ৰে কৰাৰ মধ্যৱৰ্তী কাল (৪) বিছা পোক ডাইমেথোট নাইবা এন্দাচালফান -ঐ- -ঐ- খেতি চপোৱা: ছেইবোৰ পুৰঠ হ’লে আৰু গাঢ় ৰঙৰ হ’লে আৰু সামান্য হেচিলেই মেল খালে খেতি চপাবৰ হয়। ২-৩ বাৰতে খেতি চপাই শেষ কৰিব লাগে। উৎস: কৃষি বিভাগ, অসম