জাঁত কৃষি কাল শস্য উৎপাদন (কুইণ্টল/হেক্টৰ) বৈশিষ্ট্য টি-২১ ১৭০-২০০ ১২-১৫ মধ্যমীয়া উচ্চতাৰ (১৭০-১৮৫ চে:) টি-২১ সকলো পৰিমণ্ডলৰ বাবে অনুমোদিত। বীজ সিঁচাৰ সময়: জুন-জুলাই মাহত বীজ সিঁচাৰ বাবে উত্তম। মাটি: বালিচহীয়া, পলসুৱা মাটিৰ ৰহৰ খেতি ভাল হয়। মাটি প্ৰস্তুতি: মাটিডৰা ৩-৫ বাৰ মান মাৰি মৈ দি সমান কৰি লৈ বনবাত নিৰাই ল’ব লাগে। বীজৰ পৰিমাণ: ১২-১৫ কিলোগ্ৰাম/হেক্টৰ বা ১.৮-২.০ কিলোগ্ৰাম/বিঘা। দূৰত্ব: শাৰীবদ্ধভাৱে কৰা খেতিত প্ৰতিটো শাৰীৰ মাজত ৭৫ চে:মি: দূৰত্ব আৰু প্ৰতি দুজোপা গছৰ মাজত ৩০ চে:মি: ব্যৱধান ৰাখিব লাগে। চূণ প্ৰয়োগ: মাটিডৰা পৰীক্ষা কৰি মাটিৰ অল্মতা ৬ লৈ আনিবলৈ প্ৰয়োজন অনুসৰি কৃষিত ব্যৱহাৰিক চূণ সময়মতে প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগ: হেক্টৰে প্ৰতি ৪.৫ টন বা বিঘাই প্ৰতি ৬ কুইণ্টল পথৰুৱা সাৰ বা পচনসাৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰি। ৰাইজোবিয়াম কালচাৰ প্ৰয়োগ নকৰা খেতিত সাৰ ৰাসায়নিক সাৰৰ পৰিমাণ নাইট্ৰজেন-১৫ ইউৰিয়া ৩২ ৪ ফচফৰাচ-৪০ একক চুপাৰ ফচফেট ২২০ ৩৫ পটাছ-০ মিউৰেট অৱ পটাছ - - ৰাইজোবিয়াম কালচাৰ প্ৰয়োগ কৰা খেতিত সাৰ ৰাসায়নিক সাৰৰ পৰিমাণ নাইট্ৰজেন-১০ ইউৰিয়া ২২ ৩ ফচফৰাচ-৪০ একক চুপাৰ ফচফেট ২৫০ ৩৫ পটাছ-০ মিউৰেট অৱ পটাছ - - প্ৰতিপালন: বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছত এবাৰ বনবাত নিৰাব লাগে। শস্যৰক্ষা: (ক)ৰোগ ৰোগ প্ৰতিকাৰ ১) মৰহি যোৱা ৰোগ পাত হালধীয়া ৰঙৰ হৈ লেৰেলি যায়, আক্ৰান্ত ঠাল লেৰেলি শুকাই যায়। আক্ৰান্ত গছসমূহ উভালি দূৰৈত জ্বলাই দিব লাগে। ট্ৰাইক’ডাৰমা ভিৰিডি (২.৫ কি:গ্ৰাম/হেক্টৰ) প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব লাগে। ২) পাতত দাগ পৰা ৰোগ। ব্লাইটক্স-৫০ বা ফাইটোলান প্ৰয়োগ কৰিব লাগে ১.৮-২.০০ কি:গ্ৰাম ৬০০-৭০০ লি: পানীত মিহলাই স্প্ৰে কৰিব লাগে, ৭-১০ দিনৰ ব্যৱধানত। বেভিষ্টিন ৩০০-৫০০ গ্ৰাম ৬০০-৭০০ লিটাৰ পানীত মিহলাই ১২-১৫ দিনৰ ব্যৱধান স্প্ৰে কৰিব লাগে। শস্যৰক্ষা: খ) পোক পৰুৱা ৰোগ প্ৰতিকাৰ ১) মোৱা পোক ২) ছেই-ফুটা কৰা পোক/প’ড ব’ৰাৰ ৩) এপিয়ন ব’ৰাৰ ৪) জেচিড ৫) পাত মেৰোৱা পোক মালাথিয়ান-৫০ ইচি ১.০-১.৫ লিটাৰ বা ফেনিট্ৰিথিয়ন ১.০-১.৫ লিটাৰ প্ৰতি ৫০০-৭০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰত স্প্ৰে কৰিব লাগে। ছেই ফুটা কৰা পোক আৰু এপিয়ন ব’ৰাৰ বাবে ফুল ওলোৱাৰ পৰা ১৫ দিনৰ অন্তৰত/ব্যৱধানত তিনিবাৰ স্প্ৰে কৰিব লাগে। জেচিড, পাত মেৰ খোৱা পোক আদিৰ বাবে প্ৰয়োজন অনুসাৰে স্প্ৰে কৰিব লাগে। খেতি চপোৱা: ছেইবোৰ পূৰঠ হ’লে আৰু সামান্য হেচিলেই মেল খালে চপাবৰ হয়। ২-৩ বাৰত খেতি চপাই শেষ কৰিব লাগে। উৎপাদন ১২-১৫ কুইণ্টল/হেক্টৰ। পাহাৰৰ এঢলীয়া (২০-২৫%) মাটিত মগু বা মাটি মাহ আৰু তিলখেতিৰ সৈতে মাজে মাজে ৰহৰ খেতিও কৰিব পাৰি। ৰহৰ গছ শাৰী পাতি ৰুব লাগে। তেনেকুৱা অৱস্থাত ১৫ কি:গ্ৰাম নাইট্ৰজেন আৰু ৪০ কি:গ্ৰাম ফচফৰাচ প্ৰতি হেক্টৰত সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচা সময় জুলাইৰ শেষৰ সপ্তাহৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহত। উৎস: কৃষি বিভাগ, অসম।