অসমত প্ৰচুৰ চাহিদা থকা দাইলজাতীয় শস্যবোৰৰ ভিতৰত ৰহৰ মাহ অন্যতম। ৰাজ্যখনৰ অধিকাংশ পৰিয়ালৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত হৈ আছে ৰহৰ দাইল। কিন্তু চাহিদাৰ তুলনাত অসমত উৎপাদন একেবাৰে কম হোৱা বাবে প্ৰতি মাহে বুজন পৰিমাণৰ ৰহৰ দাইল আন ৰাজ্যৰ পৰা আমদানি কৰিব লগা হয়। ইয়াত উপযুক্ত পৰিৱেশ থকাৰ বাবে আমাৰ কৃষক ৰাইজে ৰহৰ মাহৰ খেতি কৰি যথেষ্ট লাভৱান হোৱাৰ সুবিধা আছে। গতিকে এই খেতিত আমাৰ খেতিয়কে গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। জাত বাচনিঃ ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰ বাবে অনুমোদিত জাতটো হৈছে টি-২১। সামান্য জোপোহাধৰণৰ, মজলীয়াকৈ ওখ এইবিধ জাতৰ কৃষিকাল বৰ বেছি দীঘলীয়া নহয়। খেতিৰ সময়ঃ ৰহৰ মাহৰ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে জুন-জুলাই মাহ। পানী ওলাই যোৱাৰ সুবিধা থকা অৰ্থাৎ পানী জমা হোৱাৰ সম্ভাৱনা নথকা পথাৰত এই দুটা মাহত বীজ সিঁচিব পাৰি। সাধাৰণতে ৩-৪ বাৰ হালবাই, মৈয়াই তথা বন-বাত নিৰাই পথাৰখন খেতিৰ বাবে উপযোগী কৰি ল’ব লাগে। বীজ ৰোপণঃ এবিঘা মাটিত খেতি কৰিবলৈ প্ৰায় দুই কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বীজখিনি শাৰীবদ্ধভাৱে সিঁচিব লাগে। দুটা শাৰীৰ ব্যৱধান ৭৫ ছেঃ মিঃ আৰু এটা শাৰীত দুজোপা গছৰ ব্যৱধান হ’ব লাগে ৩০ ছেঃ মিঃ। সাৰ প্ৰয়োগঃ শেষৰবাৰ হাল বোৱাৰ সময়তে বিঘাই প্ৰতি ৬ কুইণ্টল পচন সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি আশানুৰূপ উৎপাদনৰ বাবে প্ৰতি বিঘাত ৫ কিলোগ্ৰাম ইউৰিয়া আৰু ৩৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট প্ৰয়োগ কৰাটো বাঞ্ছনীয়। অৱশ্যে বীজখিনি ৰাইজ’বিয়াম কালছাৰেৰে শোধন কৰিলে বিঘাই প্ৰতি ইউৰিয়া ৩ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিলেই হ’ব। প্ৰতিপালনঃ বীজ সিঁচাৰ ২০-২৫ দিন পাছত এবাৰ বন-বাত নিৰাই দিব লাগে। পুলি লেৰেলি যোৱা ৰোগ ৰহৰ মাহৰ খেতিৰ প্ৰধান শক্ৰু। এই ৰোগত আক্ৰান্ত গছবোৰ উভালি পুৰি পেলাব লাগে। ছেঁই খোৱা পোক, পাত মেৰোৱা পোক, ফুটি পোক, গুবৰুৱা আদিয়ে এই খেতিৰ অনিষ্ট কৰিব পাৰে। এই পোকবোৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ান ৫০ ই চি দৰব ১-১.৫ লিটাৰ ৫০০-৭০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰত স্প্ৰে’ কৰিব লাগে। এবিঘা মাটিৰ খেতিত স্প্ৰে’ কৰিবলৈ ১৪০-২০০ মিলিলিটাৰ দৰব ৭০-১০০ লিটাৰ পানীত মিহলাই ল’ব। চুমিথিয়ান ৫০ ই চি দৰববিধো অনুৰূপ হাৰত প্ৰয়োগ কৰিব পাৰি। ছেঁই খোৱা পোক নিয়ন্ত্ৰণৰ বাবে উক্ত দুবিধ দৰবৰ যিকোনো এবিধ ফুল ধৰাৰ সময়ত এবাৰ স্প্ৰে কৰিব লাগে। তাৰ পাছত ১৫ দিনৰ ব্যৱধানত পুনৰ দুবাৰ স্প্ৰে কৰিব। পাত মেৰোৱা পোক, ফুটি পোক আৰু গুবৰুৱাৰ আক্ৰমণ দেখিলেহে দৰব স্প্ৰে’ কৰিব। উপযুক্তভাৱে প্ৰতিপালন কৰিলে এবিঘা মাটিৰ খেতিৰ পৰা ২ কুইণ্টলপৰ্যন্ত ৰহৰ মাহ উৎপাদন আশা কৰিব পাৰি। উৎসঃ অসমীয়া খবৰ