শীতকালী পাচলি বাৰীডৰাৰ যতন ল’লে শাৰীৰিক ব্যায়াম হোৱাৰ লগতে পৰিস্কাৰ সতেজ বস্তৰে প্ৰস্তত ব্যঞ্জনৰ সোৱাদ ল’ব পাৰি।আজিৰ আত্মকেন্দ্ৰিক পৃথিৱীটো এনে কিছুস্ংখ্যাক লোক আছে যি ঘৰৰ শাক-পাচলি ওচৰ-চুবুৰীয়াৰ সৈতে ভগাই খাই অনাৰিল তৃপ্তি পায়।ইয়াৰ ওপৰি নিবনুৱাৰে ঠাহ খাই পৰা আজিৰ আৰ্থ-সামাজিক ব্যৱস্থাত পাচলি বাৰিডৰাই অলেখজনক স্ব-নিৰ্ভৰশীল হোৱাৰ পথ মোকলাই দিছে।হাড় কঁপোৱা ঠাণ্ডাক অৱজ্ঞা কৰি ঠন ধৰি উঠা শীতৰ শাকনীডৰা বিভিন্ন খনিজ পদাৰ্থ,ভিটামিন আদি পুষ্টিকৰ পদাৰ্থৰ ভঁৰাল।সেয়েহে শীতকালী ঘৰত খাবলৈয়েই হওক অথবা ব্যৱসায়িক ভিত্তিত কৰাই হওক পাচলি বাৰীডৰাৰ পৰাই অধিক ফচল পাবলৈ কেইটামান কথাত গুৰুত্ব দিয়া প্ৰয়োজন। এডোখৰ বেলিৰ কিৰণ পৰা,ওখ,উৰ্বৰা মাটিৰ প্ৰয়োজন। ভেটিটো ৪-৫ মিঃ(দীঘল)×১মিঃ(বহল)×২০-২৫ ছেঃমিঃ(ওখ)হোৱা উচিত, ২কিঃগ্ৰাঃ পচন সাৰ প্ৰতি বৰ্গমিটাৰ মাটিত মিহলাব লাগে আৰু আলতীয়া মাটিত একেই অনুপাতত বালি মিহলাওক, ৰোগৰ প্ৰতিষেধকৰুপে ০.১ শতাংশ শক্তিৰ কেপ্টান বা ফাইটলেন নতুবা ৪ শতাংশ শক্তিৰ ফৰমেলিন মিশ্ৰণেৰে ১০-১৫ছেঃমিঃ দকৈ ভেটিটো সেমেকাওক, ইয়াৰ পাছত ভেটিটো পলিথিন বা মৰাপাটৰ বস্তাৰে ২ দিন ঢাকি ৰাখক, ভেটিটো উদঙাই কুৰিয়াই ৩-৪ দিনলৈ বেলিৰ কিৰণ পৰিব দিব,বৃষ্টি পৰিলে ওপৰত চালিৰ ব্যৱস্থা কৰিব, বীজ ব্যৱহাৰৰ আগতে ৩ গ্ৰাঃ কেপ্টাফ বা থিৰাম বা বেভিষ্টিনেৰে প্ৰতি কিঃগ্ৰাঃ বীজ শোধন কৰা উচিত, শেষবাৰৰ মাটি চাহ কৰোতে,ভূমিজ পতংগৰ প্ৰতিষেধকৰুপে ১০গ্ৰাম ৫ শতাংশ শক্তিৰ মালাথিয়ান প্ৰতি বৰ্গমিটাৰ মাটিত মিহলাব, শোধিত বীজ ১-২ ছেঃমিঃ ব্যৱধানত ভেটিত সিঁচিব, বিশুদ্ধ পচন সাৰ আৰু বালিৰে সিঁচা বীজখিনি ঢাকি দিয়ক, ভেটিতো সমভাবে তিতাকৈ পানী সিঁচিব,খেৰ বা নৰাৰে বীজৰ অংকুৰণ হোৱালৈকে ঢাকিব,বীজ অংকুৰণৰ পাছত পুৱা-গধূলি ২বাৰকৈ পানী সিঁচিব, প্ৰয়োজনসাপেক্ষে পুলিবাৰীৰ ওপৰত চালি ব্যৱস্থা কৰিব, ২৫-৩০দিনীয়া দুপতীয়া সতেজ পুলি উভালি মূল পথাৰত ৰোপণ কৰক,উভলাৰ এসপ্তাহৰ ভিতৰত ক্ৰমে পানী সিঁচা কমাই আনক,কিন্ত উভলাৰ দিনা পানী সিঁচিব, মূল পথাৰৰ প্ৰস্তুতি আগৰ নিচিনাই,ৰোপণৰ ২-৩ দিনলৈ ছাঁৰ ব্যৱস্থা কৰিব, পাচলিডৰাত পুৱা-গধূলি ২বাৰকৈ পানী সিঁচাত অৱহেলা নকৰিব। লিখকৰ পৰিচয় ৰুদ্র নাৰায়ণ বৰকাকতি পতংগতত্ব বিশেষজ্ঞ কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট