জাতসমুহ ১৷ আগতীয়া জাত : পুচা দেশী, পুচা চেতকী, পুচা হিমানী ২৷ পলমকৈ কৰা জাত : জাপানীজ হোৱাইট, জৈন পুৰী, বম্বে ৰেড জাতৰ বৰ্ণনা ১ ৷ জাপানীজ হোৱাইট : গছৰ ওপৰ অংশ মধ্যমীয়া আকাৰৰ, পাতবোৰ কাষৰ পৰা ভিতৰলৈকে কটা, শিপাবোৰ ২০-৩০ চে:মিটাৰ দীঘল, চুঙা আকৃতিৰ, বাহিৰৰ আৱৰণ সম পৰিমানে বগা ঊজ্জল, মাংসভাগ ঊজ্জ্বল বগা ৰঙৰ, ফচফচিয়া, মৃদুভাবে উগ্ৰতা থকা, ৫০-৫৫ দিনৰ ভিতৰত পূৰঠ হয়৷ ২ ৷পুচা দেশী : শিপাবোৰ সম্পূৰ্ণকৈ বগা ৰঙৰ, ৩০-৩৫ চে:মিটাৰ দীঘল, সেঊজীয়া ফালে চিয়া আকৃতিৰ, ঊগ্ৰতা থকা, ৫০-৫৫ দিনৰ ভিতৰত পূৰঠ হোৱা আৰু উচ্চ উত্পাদনক্ষম ৷ ৩ ৷ পুচা চেতকী : শিপাবোৰ মধ্যমীয়া আকাৰৰ, মিহি, ছালবোৰ সম্পূৰ্ণ বগা ৰঙৰ, মঙহাল আৰু কোমল, মৃদুভাৱে উগ্ৰতা থকা, প্ৰত্যেকটো মূলাৰ ওজন ৩০০-৪০০ গ্ৰাম; ৫০-৬০ দিনৰ ভিতৰত পূৰঠ হোৱা, হেক্টৰে প্ৰতি ২০০-২৫০ কুইন্টল উৎপাদন দিব পৰা, আগতীয়া খেতিৰ বাবে ঊপযুক্ত ৷ ৪ ৷ পুচা হিমানী : গছৰ ওপৰ অংশ চাপৰ আৰু মূলাবোৰ বৰ ডাঙৰ আকাৰৰ নহয়, আকাৰত মূলাবোৰ ৩০-৩৫ চে:মিটাৰ মান দীঘল আৰু ১০-১২ চে:মিটাৰ মান গাটোৰ আকাৰ হয়, মূলাৰ ৰঙ বগা, মঙহাল আৰু ফচফচিয়া হয়, স্বাদ মিঠা আৰু কম উগ্ৰতা পুষ্ঠ ৷ ৫৫ দিন মানত পূৰঠ হয় ৷ মাটি নিৰ্বাচন পানী জমা আবদ্ধ নোহোৱা বালিচঁীয়া, জৈৱিক পদাৰ্থ সমৃদ্ধ আৰু অম্লতা ৫.৫-৬.৮ ৰ ভিতৰত থকা মাটি এই খেতিৰ বাবে ঊপযোগী ৷ মাটি প্ৰস্তুতি মাটিডোখৰ পামজাত সাৰ আদি যোগান ধৰি ভালকৈ চহাই লব লাগে ৷ বীজৰ পৰিমান ৬-১১.৫ কি:গ্ৰাম/হেক্টৰত ৷ বীজ সিঁচাৰ সময় ১৷ আগতীয়া জাত : আগষ্ট – ছেপ্তেম্বৰ ৷২৷ পলমকৈ কৰা জাত : অক্টোবৰ – নবেম্বৰ ৷ বীজ শোধন প্ৰতি কি:গ্ৰাম বীজৰ বাবে কেপ্টান ৫০ ডব্লিও পি ঔষধ ৩ গ্রাম ব্যৱহাৰ কৰিব। বীজৰ ব্যৱধান ঢাপত বীজ সিঁচিলে ৪৫ চে:মিটাৰ দূৰত্বত আৰু তলিত ২০ চে:মিটাৰ দূৰত্বত শাৰীত বীজ সিঁচিব লাগে ৷ বীজ অঙ্কুৰিত হোৱাৰ ১০-১৫ দিনৰ পিছত পুলিবোৰ ১০ চে:মিটাৰ দূৰত্বত পাতলাই দিব লাগে ৷ সাৰ প্ৰয়োগ হেক্টৰে প্ৰতি পামজাত সাৰ ২০ টন, নাইট্ৰোজেন সাৰ ৫০ কি:গ্ৰাম, ফছফৰাছ ৩০ কি:গ্ৰাম আৰু পটাছ ১০০ কি:গ্ৰাম হাৰত ব্যৱহাৰ কৰিব লাগে ৷ নাইট্ৰোজেন সাৰৰ আধা অংশ, বাকী আনবোৰ সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিব ৷ নাইট্ৰোজেন সাৰৰ বাকী থকা অংশ বীজ সিঁচাৰ ৩০ দিনৰ পিছত গছত ব্যৱহাৰ কৰিব লাগে৷ পৰিচৰ্য্যা ১৷ জলসিঞ্চন : মাটি প্ৰস্তুত কৰাৰ আগেয়ে মাটিডোখৰ এবাৰ জলসিঞ্চন কৰি লব লাগে৷ তাৰ পিছত বীজ সিঁচাৰ এসপ্তাহৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে৷ ২৷ অপতৃণ নিয়ন্ত্ৰণ : বনবাত বোৰ ওলোৱাৰ ২০ দিনৰ পিচৰ পৰা বনবাত বোৰ নিৰাই থাকিব লাগে৷ শস্য ৰক্ষা: মোৱাপোকৰ বাবে মালাথিয়ন ৫ ইচি ঔষধ প্ৰতিলিটাৰ পানীত ২ মি:লিটাৰ মিহলাই স্প্ৰে কৰিব লাগে৷ উৎপাদন : ১৪০–১৮০ কুইন্টল/হেক্টৰত ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।