জাঁত সমূহ ১) দিঘলীয়া জাঁত: ক্লাষ্টাৰ , বৰ বেঙেনা , জেচি - ১, কুচীয়া বি ডব্লিও আৰ (BWR) - ৩৪ ,পুচা ক্রান্তি , পুচা পাৰপ'ল লং, পুচা পাৰপ'ল। ২) ঘূৰণীয়া জাঁত : পুচা পাৰপ'ল ৰাওণ্ড , পুচা ভৈৰব , জে চি - ২, বি ডব্লিও আৰ (BWR) ১২ ৩) অবলঙ (Oblong) : বি বি ৭ , পষ্ট সম্রাট । মাটি নির্ব্বাচন পানী জমা হব নোৱাৰা ওখ বালি চহিয়া মাটি আগতীয়া জাতৰ বাবে আৰু পলসুৱাৰ পৰা আলতীয়া মাটি শেহতীয়া জাতৰ বাবে । অম্লতা ৫.৫ - ৭.০ ভিতৰত হোৱাটো প্রয়োজন । পথাৰ প্রস্তুতি মাটিডোখৰ ভালদৰে চহায় ধূলিময় কৰি প্রস্তুত কৰিব লাগে আৰু লগতে পচনসাৰ প্রয়োগ কৰিব লাগে । প্রতিহেক্টৰত ২৫ কি: গ্রা: অনুপাতত মালাথিয়ন পাউদাৰ ৫ শতাংশ প্রয়োগ কৰিব লাগে । প্রতি তিনিবছৰৰ ব্যৱধানত চূণ হেক্টৰে প্রতি ২০ কি: গ্রাম প্রয়োগ কৰিব লাগে । ৰোৱাৰ প্রায় ৩০ দিনৰ আগেয়ে চূণ ব্যৱহাৰ কৰিব পাৰিলে ভাল । বীজৰ পৰিমাণ ৭০০ - ৮০০ গ্রাম / হেক্টৰত সিঁচাৰ সময় : শীতকালিৰ বাবে : চেপ্তম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত গ্রীষ্মকালিৰ বাবে : জানুৱাৰীৰ পৰা ফেব্রুৱাৰীৰ ভিতৰত পুলিৰ ব্যৱধান : ৭৫ চে: মি: * ৬০ চে:মি: ( শাৰীৰ পৰা শাৰীলৈ আৰু পুলিৰ পৰা পুলিলৈ ) সাৰ প্রয়োগ পচনসাৰ : ১০ টন / হেক্টৰত নাইট্রজেন : ৫০ কি: গ্রাম / হেক্টৰত পটাচ : ৫০ কি : গ্রাম / হেক্টৰত ফচফৰাচ : ৫০ কি:গ্রাম /হেক্টৰত নাইট্রজেনৰ আধা অংশ আৰু অন্য সাৰ আৰু পচনসাৰৰ সমুদায় মাটি প্রস্তুত কৰাৰ সময়ত প্রয়োগ কৰিব লাগে । বাকী থকা নাইট্রজেন খিনি গছৰ ওপৰ ভাগত প্রয়োগ কৰিব লাগে । পৰিচর্য্যা (ক) জলসিঞ্চন : পুলি ৰোৱাৰ পিছতেই প্ৰথমটো জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ তাৰ পিছত ১০-১৫ দিনৰ ব্যৱধানত মাটিৰ গুণাগুনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োগ কৰিব লাগে ৷ (খ) বনবাত নিৰাময় : পুলি ৰোৱাৰ ২০ দিনৰ পিছত বনবাত চিকুণাব লাগে ৷ পুলি ৰোৱাৰ ৩০ দিনৰ পিছত জিবাৰলিক এচিডৰ মিশ্ৰণ প্ৰয়োগ কৰিলে গছৰ স্বাস্হ্য ভাল হয় । শস্য ৰক্ষা ১. ফল আৰু ডাল বিন্ধা কৰা পোকৰ বাবে (ক) পুলিৰোৱাৰ ২০ দিনৰ পিচত ২.৫ গ্রামকৈ প্রতিজোপা গছৰ বাবে ফৰেট অথবা ফুৰাদনৰ দানা ব্যৱহাৰ কৰিব । (খ) ডেল্টামিথ্রিন ( ডেচিচ্ ২.৮ ই:চি: ) ঔষধ অথবা মালাথিয়ন ৫০ ইঞ্চি ১ মিলি লিটাৰ প্রতি লিটাৰ পানীত মিহলি স্প্রে কৰিব। (গ) বেঙেনা ৰোৱাৰ দাঁতিয়ে দাঁতিয়ে অথবা গছৰ মাজত নহৰু গছ ৰোলেও বেঙেনা গছবোৰ পোক - পৰুৱাৰ আক্রমণৰ পৰা কিছু পৰিমাণে ৰক্ষা পাব পাৰি । ২. বেকটেৰীয়া জনিত গছ লেৰেলি যোৱা ৰোগ (Bacterial wilt): এই বেমাৰ পৰা ৰক্ষা পাবলৈ ষ্টপ্তমাইচিল ১০০ পি পি এম মিশ্রণেৰে মাটিত প্রয়োগ কৰিব লাগে । ৩. ভেঁকুৰৰ দ্বাৰা গছ লেৰেলি যোৱা ৰোগ (Tungal wilt) : ৩ শতাংশ কেপটাফ্ ৰ দ্বাৰা মাটি শোধন অথবা মাটিত দৰব প্রয়োগ কৰিব । ৪. বগা ব্লাইট বেমাৰ বাবে ০.০৫ শতাংশ বেভিষ্টিন ঔষধ স্প্রে কৰিব । ৫. শস্যকৃমিৰ বাবে : (ক) প্রতিবর্গমিটাৰত ০.৬ গ্রামকৈ ছেবুফ'চ্ (Sebuphos) ঔষধ প্রয়োগ কৰিব । (খ) ০.০৫ শতাংশ গাঢ়তাৰ মনক্রেটফচ অথবা কার্বঠালফান ঔষধৰ মিশ্রণত পুলিবোৰৰ শিপাবোৰ ৬ ঘন্টা মান ৰোৱাৰ আগেয়ে ডুবায় থব । (গ) ৫০০ পি পি এম গাঢ়তাৰ কার্বফুৰান , ডায়োজিনন অথবা ফৰেটৰ মিশ্রণত ৩০ মিনিটমান সময় পুলিবোৰৰ শিপা অংশ ডুবায় ৰাখিব লাগে । উৎপাদন : ২০০ কুইন্টল /হেক্টৰত । বেঙেনা - ভেণ্ডিৰ অন্তবর্ত্তী কৃষি : প্রথম শস্য হিচাবে বেঙেনাত পচন সাৰ ১০ টন / হেক্টৰত আৰু ১০:৩০: ১৫ কি: গ্রাম /হেক্টৰৰ অনুপাতত প্রয়োগ কৰিব । তাৰ পিচত দ্বিতীয় শস্য হিচাপে ভেণ্ডিত পচনসাৰৰ অবিহনে আৰু অনুমোদিত হাৰত নাইট্রজেন , ফচফৰাচ আৰু পটাচ সাৰ প্রয়োগ কৰিব লাগে । উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।