জাত সমুহ গুটিৰ আকাৰ ডাঙৰ : ইউ ডি ২১, জি এন ইউ আই, চি এচ আই, চি আই এম পি অ’ ৩৩ (সাধাৰণতে জলসিঞ্চনৰ ব্যৱস্হা থকা ঠাইতহে খেতি কৰে) গুটিৰ আকাৰ সৰু : ইউ পি ৪১, পুৰা ৩৬০ আৰু স্হানীয় জাত (সাধাৰণতে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা জাত) মাটি নিৰ্বাচন পানী নোৰোৱা পাতল বা গধুৰ, যথেষ্ট জৈৱিক পদাৰ্থ থকা আৰু অম্লতা ৬.০ ৰ পৰা ৭.০ৰ ভিতৰত থকা মাটিহে ধনীয়া খেতিৰ বাবে উপযুক্ত । মাটি প্ৰস্তুতি মাটি ডৰা ভালদৰে চহাই ধূলিময় কৰি তাত পচন সাৰ প্ৰয়োগ কৰিব লাগে আৰু মৈয়াই সমান কৰি লব লাগে৷ বীজৰ পৰিমান ৮ ৰ পৰা ১০ কি: গ্ৰাম প্ৰতি হেক্টৰত ৷ বীজ সিচাঁৰ সময় অক্টোবৰৰ মাজভাগৰ পৰা নবেম্বৰ মাহৰ শেষলৈকে ৷ বীজ শোধন বীজবোৰ সম্পূৰ্ণ অঙ্কুৰিত হবৰ বাবে সিচাঁৰ আগতে ১২-২৪ ঘন্টামান পানীত তিয়াই থব লাগে৷ পানীৰ ওপৰ ভাগত ওপঙি অহা বীজবোৰ আঁতৰাই পেলাব লাগে৷ বীজ সিচাঁৰ আগেয়ে বীজবোৰ কেপ্টান ৫০ ডব্লিও পি ২ গ্ৰাম প্ৰতি কি:গ্ৰাম বীজত শোধন কৰি লব লাগে আৰু বীজবোৰ চতিওৱাৰ আগে আগে দুফাল কৰি লব লাগে৷ দুফাল কৰোঁতে চাব লাগে যাতে বীজবোৰে কষ্ট নাপায়৷ বীজৰ ব্যৱধান ৩০ চে:মিটাৰ ব্যৱধানৰ শাৰীত বীজবোৰ চতিয়াব লাগে আৰু পিছত গছৰ পৰা গছলৈ ২০ চে:মিটাৰ ব্যৱধান ৰাখি বীজ সিঁচাৰ ৩০-৪০ দিনৰ পিছত পাতল কৰি দিব লাগে ৷ সাৰ প্ৰয়োগ : পচন সাৰ ১০-১৫ টন, নাইট্ৰোজেন ৫০ কি:গ্ৰাম, ফছফৰাছ ৫০ কি:গ্ৰাম আৰু পটাছ ৫০ কি:গ্ৰাম প্ৰতি হেক্টৰত মাটি প্ৰস্তুত কৰোতেই প্ৰয়োগ কৰিব লাগে৷ পৰিচর্য্যা জলসিঞ্চণ: বীজ সিঁচাৰ ৩০ দিনৰ পিছত প্ৰথমবাৰ জলসিঞ্চণ কৰিব লাগে আৰু তাৰ পিছত সম্পূৰ্ণ ফুল ফুলাৰ সময়ত ৷ যিমান পাৰে সিমান বাৰেই বনবাতবোৰ নিৰাময় কৰি ৰাখিব লাগে ৷ শস্য ৰক্ষা গছ লেৰেলি যোৱা বেমাৰৰ বাবে বীজ সিঁচাৰ আগেয়েই ব্যৱস্হা গ্ৰহণ কৰিব লাগে ৷ পাতত বগা চামনি পৰা ৰোগ নিৰাময়ৰ বাবে ৱেটেবল ছালফাৰ প্ৰতি হেক্টৰত ২ কি: গ্ৰাম প্ৰয়োগ কৰিব লাগে ৷ গা গছত টেমুনা হোৱা বেমাৰৰ প্ৰতিষেধক হিচাবে বীজবোৰ ভালদৰে ৰ’দত দি শুকুৱাব লাগে৷ শস্য চপোৱা ৪ মাহতে ধনীয়াৰ কৃষিকাল সম্পূৰ্ণ হয় ৷ বীজৰ উত্পাদন আৰু বীজত থকা তেলৰ পৰিমান নিৰ্ভৰ কৰে শস্য চপোৱাৰ সময়ৰ ওপৰত ৷ ধনীয়া গুটিবোৰ সম্পূৰ্ণ পূৰঠ হ’লেহে চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ পূৰঠ নোহোৱা ধনীয়া গুটিয়ে ধনীয়াৰ সুন্দৰ গোন্ধটো হ্ৰাস কৰে ৷ উৎপাদন প্ৰতি হেক্টৰত ৪৫ কুইন্টল বীজ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।