জাত কেলিফ’ৰ্ণীয়া ৱণ্ডাৰ, এলিফেন্ট ট্ৰাঙ্কম্, আৰ্কা মোহিনী, আৰ্কা সৌৰভ, ইলেক্সচ্ ১৬। মাটি নিৰ্বাচন বালিঅঁহীয়া, ওখ, পানী আবদ্ধ নোহোৱা, জৈৱিক পদাৰ্থ সমৃদ্ধ, ৬.০-৬.৫ ৰ ভিতৰত অম্লতা থকা মাটি জলকীয়া খেতিৰ বাবে উপযোগী৷ মাটি প্ৰস্তুতি মাটি ডোখৰ ভালদৰে চহাই ধুলিময় কৰি তাত পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে ৷ বীজ সিঁচাৰ সময় ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত ৷ পুলি ৰোৱাৰ প্ৰণালী সিঁচা পদ্ধতি বীজবোৰ পাতলকৈ ৪০-৪৫ চে:মিটাৰ ব্যৱধানৰ শাৰীত ছটিয়াব লাগে৷ তাৰ পাচত আৰু পাতল কৰি দিব লাগে৷ ৰোৱা পদ্ধতি ৪-৫ সপ্তাহ মানৰ পুলি পথাৰত ৰুব লাগে৷ ব্যৱধান শাৰীৰ পৰা শাৰীলৈ ৪৫ চে:মিটাৰ আৰু পুলিৰ পৰা পুলিলৈ ৪৫ চে:মিটাৰ৷ সাৰ প্ৰয়োগ পচন সাৰ ১০ টন, নাইট্ৰোজেন ১২০, ফছফৰাছ ৬০, পটাছ ৬০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে ৷ নাইট্ৰোজেন আধা অংশ আৰু বাকী সাৰ তথা পচন সাৰৰ সম্পূৰ্ন অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা নাইট্ৰোজেনৰ আধা অংশ পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত গছত প্ৰয়োগ কৰিব লাগে ৷ আনহাতে সিঁচা পদ্ধতিৰ বাবে নাইট্ৰোজেন ১৫০, ফছফৰাছ ৭৫ আৰু পটাছ ৭৫ কি:গ্ৰাম প্ৰতি হেক্টৰত একেলগে মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷ শস্য ৰক্ষা এন্থ্রেকন’জ বেমাৰৰ বাবে কেপ্টান ৫০ ডব্লিও পি ০.২ শতাংশ (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা ডাইফলাটন ০.২ শতাংশ স্প্ৰে কৰিব লাগে ৷ শিপাত গাঠিধৰা উদ্ভিদ কৃমিৰ বাবে নিম গুটিৰ খলিহৈ, সৰিয়হৰ খলিহৈ বা পশুৰ পৰা তৈয়াৰী সাৰ প্ৰয়োগ কৰিলে এই ব্যাধিৰ পৰা আঁতৰত ৰাখিব পাৰি ৷ উত্পাদন : ৭০-৮০ কুইন্টল কেঁচা জলকীয়াৰ উত্পাদন প্ৰতি হেক্টৰৰ পৰা পাব পাৰি। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।