১. মোৱাপোক ,থ্রিপচ্ , হুৱাইটফ্লাই , বিছা জাতীয় পোকৰ পৰা ৰক্ষা পাবলৈ ০.১ শতাংশ ( ১ মিলিলিটাৰ ঔষধ /লিটাৰ পানীত) মালাথিয়ন ঔষধ স্প্রে কৰিব । ২. পাতত গাঁত কৰা পোক (Leaf miners) ৰ বাবে ০.১ - ০.২ শতাংশ ( ১-২ মি: লিটাৰ ঔষধ / লিটাৰ পানীত ) ৰ'গৰ ঔষধ স্প্রে কৰিব । ৩. ৰঙা পৰুৱা জাতীয় পোকৰ বাবে মালাথিয়ন ৫ শতাংশ পাউদাৰ ব্যৱহাৰ কৰিব । ৪. চাঁহি পোক (Mites) ৰ বাবে ০.১ শতাংশ ( ১মি:লি: / লিটাৰ পানীত) কেলথেন স্প্রে কৰিব । ৫. পাতত বগা পাউদাৰ (Powdery midew আৰু Rust) জাতীয় বেমাৰ পৰা ৰক্ষা পাবলৈ ০.৫ শতাংশ ( ০.৫ মি: লি: / লিটাৰ পানীত ) কেৰাথেন পানীত মিহলি হোৱা পাউদাৰ ঔষধ ব্যৱহাৰ কৰিব । ৬. এনথ্রেকন'জ্ আৰু দাউনী মিলডিও বেমাৰ বাবে ০.২ শতাংশ দায়থেন জেদ্ - ৭৮ (Diathane 278) ঔষধ ব্যৱহাৰ কৰিব । ৭. মৰহী যোৱা বেমাৰ (Wilt) নিয়ন্ত্রণৰ বাবে এগ্রচান জি এন (Agrosan GN) নামৰ ঔষধৰ প্রতিকিলোগ্রাম বীজৰ বাবে ২ গ্রাম ঔষধেৰে বীজ শোধন কৰিব । ৮. পুলি পচাঁ বেমাৰৰ (Dawping - off) বাবে ৪ শতাংশৰ ফৰমেলদিহাইদ (Formaldehyde) মিশ্রণেৰে মাটিডোগৰ তিয়াই দিয়াৰ ব্যৱস্থা কৰিব । ৯. পাতত দাগ পৰা (Leaf spot) বেমাৰৰ বাবে বৰ'দ মিশ্রণ নাইবা বেভিষ্টিন ০.২ শতাংশ নাইবা কেপটাফ্ ০.২ শতাংশ ব্যৱহাৰ কৰিব । ১০. ভাইৰাচজনিত বেমাৰৰ বাবে (ক) আক্রান্তহোৱা গছবোৰ ওভালি পেলাব । (খ) ভাইৰাচ বহণকাৰী পোক - পৰুৱাবোৰ নষ্ট কৰিব লাগে । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।