সঁচ নিউ হেম্পচায়াৰ মিছগেট আচী য়ামাতো , চুগাৰ বেৰী , পুচা বেদেনা ,ফেজাবাদী , চুগাৰ বেবী । সচঁৰ বর্ণনা ১) নিউ হেম্পচায়াৰ মিদগেট ফলবোৰ আকৃতিত সৰু (১.৫ - ২ কি: গ্রাম ) গোলাকৃতি , উজ্বলবৰণৰ , সেউজীয়া আৰু দাগ থকা , মঙহাল ৰঙা বৰণৰ , ২৮ -৩০ দিনৰ ভিতৰত ( পুষ্দিতা হোৱাৰ পৰা পুৰঠ হোৱালৈ ) সম্পূর্ণ কৰে। ২) আচী য়ামাতো ফলবোৰ মজলীয়া আকৃতিৰ (৩০- ৩৫ চে: মিটাৰ ব্যাসার্দ্ধৰ ) , ৫-৬ কেজি ওজনৰ , পাতল সেউজীয়া ৰঙৰ , মঙহভাগ অথবা ফলৰ ভিতৰত ভাগ গাঢ় গোলপীয়া ৰঙৰ , বীজবোৰ আকৃতিত সৰু ,৯৫ -১০০ দিনৰ ভিতৰত পুৰঠহোৱা আৰু প্রায়বোৰ অঞ্চলত বাবে উপযোগী। ৩) চুগাৰ বেৰী ফলবোৰ নিৰাকৃতিৰ , সৰুৰ পৰা মধ্যমীয়া বিধৰ (২০ -২৫ চে:মিটাৰ ব্যাসার্দ্ধৰ , ৩-৫ কি: গ্রাম ওজনৰ গাঢ় সেউজীয়া ৰঙৰ লগতে পাতল দাগ থকা , ৮৫ দিনৰ ভিতৰত পুৰঠ হোৱা । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।