আমাৰ কৃষকে সচৰাচৰ কলৰ গুৰিৰ পৰা ওলোৱা তৰোৱাল সদৃশ পোখা পুলিবোৰ ৰুই কলখেতি কৰা হয়। পুলিবোৰৰ ৰুই কলখেতি কৰা হয়। পুলিবোৰৰ কেইদিনমান পাছত মাটিৰ পৰা ডেৰ ফুট ৰাখি ওপৰৰ অংশ দাৰে কাটি দিয়া হয়। মূঢ়াটো ভালদৰে চুৰুকি তাক বোকাৰে লেনি ফুৰাডন দানা ছটিয়াই পাছত গাঁতত ৰোৱে। কিন্তু এই পদ্ধতিত কোনো এখন কলৰ বাগান পাতিবলৈ পুলিবোৰ কঢ়িওৱাত যথেষ্ট ধন ভাঙিবলগীয়া হয়। সেয়ে বিজ্ঞানীসকলে কলাকর্ষণ (Tissue culture) পদ্ধতিৰে বিজ্ঞানগাৰত কণ কণ পুলিৰ সৃষ্টি কৰিছে, ফলত একেলগে বহুতো পুলি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িওৱাত সহায় কৰে। টিচু কালচাৰ পদ্ধতিৰে কৰা কলখেতিৰ বিষয়ে তলত আভাষ দিয়া হ’ল। মাটি: যিকোনো মাটিতে খেতি কৰিব পাৰি। পানী বন্ধ নোহোৱা মাটি আৰু পানী ধাৰণৰ ক্ষমতা থকা বেছি জৈৱ পদার্থ থকা মাটি ভাল। ব্যৱধান: ওখ জাতৰ বাবে (৬×৬) ফুট আৰু বাকী জাতৰ বাবে (৬×৫) ফুট। মাটি প্রস্তুতকৰণ মাটি ভালদৰে চহাব লাগে। মাটিৰ অম্লতা ৬.৫-৭.০০ ৰ ভিতৰত থাকিলে ভাল। প্ৰচুৰ পৰিমাণে পচন সাৰ, কেঁচু সাৰ প্ৰয়োগ কৰিব লাগে। ১×১×১ ফুট আকাৰৰ গাঁত কৰিব লাগে। গাঁতৰ ৩/৪ ভাগ মাটি+পচন সাৰ+ বালিৰে পূৰাব লাগে। প্ৰতিটো গাঁততে অন্তত ৫ কিলোগ্ৰামকৈ জৈৱিক সাৰ দিব লাগে। ৰোৱা পদ্ধতি টিচু কালচাৰৰ পুলিৰ গাত লাগি থকা পলিথিন আতৰাই গাঁতত পোনকৈ দি পুলিত থকা মাটিলৈকেহে মাটি চপাই দিব। পানী যোগান পুলি ৰোৱাৰ পাছতে পানী ঢালিব ৩-৪ দিনৰ অন্তৰে অন্তৰে পুলিত পানী দি থাকিব। পুলিৰ বয়স অনুযায়ী প্রতিটো পুলিক ২-২০ লিটাৰ পর্যন্ত পানীৰ দৰকাৰ হয়। সাৰ প্রয়োগ ভাল কলখেতিৰ বাবে ৫ বাৰ সাৰ দিয়া হয়। ৰোৱাৰ ১ মাহ পাছৰ পৰা সাৰ দিব। ১) এথোনিয়ান ছালফেট - ৫০ গ্রাম প্রতি পুলিত। ২) নাইট্ৰ’জেন: ফছফৰাছ: পটাছ ১৯:১৯:১৯:-৫০ গ্ৰাম প্ৰতি পুলিত। ৩) মিউৰিয়েট অৱ পটাছ- ১২৫ গ্ৰাম প্ৰতিটো পুলিত। ৪) ইউৰিয়া – ৫০ গ্ৰাম প্ৰতিটো পুলিত। মুঠ সাৰৰ পৰিমাণ –৩২৫ গ্রাম প্রতিটো পুলিত। টপড্ৰেচিং: (এমোনিয়াম ছালফেট) ১৬৫ গ্রাম প্রতিটো পুলিত। ৰোৱাৰ ২, ৩, ৪ আৰু ৬ মাহ পাছত টপড্ৰেচিং ওপৰোক্ত হাৰত দিব লাগে। পুলিৰ পৰা ৮ ইঞ্চি ব্যাসাৰ্দ্ধত সাৰ দি উঠি পানী দিব। শস্য ৰক্ষা টিচু কালচাৰ পুলিবোৰ ৰোগমুক্ত। কিন্তু ৰোগ সময়ত মাটিৰ পৰা ৰোগ পুলিলৈ সংক্রমণ হ’ব পাৰে। সেয়ে গাঁতত পুলি ৰোৱাৰ ৭ দিন আগতে ফুৰাডনৰ দানা প্রতিটো গাঁতত ৩-৪ গ্রামকৈ প্রয়োগ কৰিব লাগে। ফুৰাডনৰ দানা দি পানী দিব লাগে। ফুল গছজোপাৰ দাঁতিত হোৱা পুলি সাৱধানে আঁতৰাব লাগে। চোকা ছুৰীৰে মূল পুলিৰ গুৰিৰ পৰা আতঁৰাব লাগে, নহ’লে পুলিৰ বৰ্দ্ধন কমিব। জাতবোৰ: গ্রেগু নাইনে, ডাৰ্ফ কেভেন্দিছ, উইলিয়ামছ, শ্রীমানথি ৰোবাষ্টা আৰু মহালক্ষ্মী। কলফুল: কলফুলৰ পৰা কল ওলোৱা শেষ হ’লে কলফুল তৎক্ষণাত আঁতৰাব, নহ’লে ৰোগৰ প্ৰাদূৰ্ভাৱ হোৱাৰ সম্ভাৱনা থাকে। ফুল ফুলাৰ সময়ত গছৰ গুৰ যাতে ভিজি বা তিতি থাকে তালৈ চকু দিব। সেয়ে প্রয়োজন অনুযায়ী পানী দিব। কলবোৰ নাবাগৰিবলৈ বাঁহেৰে ঢকা দিব, বিশেষকৈ গ্রেগু নাইনে আৰু উলিয়ামছ জাতত। কলথোক শুকান পাতেৰে ঢাকি দিব নাইবা ছিদ্রযুক্ত পলিথিনৰে ঢাকি দিব। এনে কৰিলে ৰোগে নধৰে, ফল সমভাৱে পকে| উৎপাদন: ৰোৱাৰ ১০-১২ মাহত কল চপাব পাৰি। প্রতি একৰত ৩৫-৪০ মেট্ৰিকটন উৎপাদন পাব পাৰি। উৎস: কৃষি বিভাগ।