জাত স্থানীয় জাত আৰু পি এফ ৩৫ মাটি নিৰ্বাচন পানী আবদ্ধ নোহোৱা পলসুৱা মাটিত এই খেতি কৰিব পাৰি ৷ মাটিৰ অম্লতা ৬.০-৭.০ ৰ ভিতৰত থাকিব লাগে৷ মাটি প্ৰস্তুতি মাটিখিনি ভালদৰে হাল বাই গোবৰ, পচনসাৰ প্ৰয়োগ কৰি লব লাগে ৷ বীজৰ পৰিমান হেক্টৰে প্ৰতি ১০-১২ কুইন্টল৷ বীজ সিঁচাৰ সময় অক্টোবৰ আৰু নবেম্বৰ মাহৰ ভিতৰত বীজ সিঁচিব লাগে৷ বীজ শোধন প্ৰতি কি:গ্ৰাম বীজত ২ গ্ৰাম কেপ্টাফেৰে বীজবোৰ সিচাঁৰ আগেয়ে শোধন কৰি লব লাগে৷ বীজৰ ব্যৱধান বীজবোৰ ৩০ ছে:মিটাৰ ব্যৱধানৰ শাৰীত চতিয়াব লাগে আৰু বীজ সিঁচাৰ ৩০ - ৪০ দিনৰ পিছত ১০ চে:মিটাৰ গছৰ পৰা গছলৈ দূৰত্ব ৰাখি পাতল কৰি দিব লাগে৷ সাৰ প্ৰয়োগ পচন সাৰ ২০ টন, নাইট্ৰোজেন ৫০ কি: গ্ৰাম, ফছফৰাছ ২৫ কি:গ্ৰাম৷ নাইট্র'জেনৰ আধা অংশ, পচন সাৰ আৰু ফছফৰাছৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়ত আৰু বাকী থকা নাইট্ৰোজেনৰ অংশ বীজ সিঁচাৰ ৪০ দিনৰ পিচত গছত প্ৰয়োগ কৰিব লাগে৷ বতৰ আৰু মাটিৰ ওপৰত নিৰ্ভৰ কৰি মুঠতে ৫-৬ বাৰ জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে৷ অপতৃণ নিয়ন্ত্ৰণ বীজ সিঁচাৰ ৩০-৪০ দিনৰ পিছত প্ৰথমবাৰ আৰু ৬০ দিনত দ্বিতীয়বাৰ খেতিডৰাৰ পৰা বনবাতবোৰ নিৰাই দিব লাগে৷ শস্য চপোৱা বীজ সিঁচাৰ ৪-৫ মাহৰ ভিতৰত শস্য চপাব পাৰি ৷ উৎপাদন হেক্টৰে প্ৰতি ১০ কুইন্টল বীজ উৎপাদন হয় ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।