জাত চাপৰ জাত (জাহাজী) মধ্য ওখ জাত (চেনিচম্পা, মালভোগ, বৰ জাহাজী) ওখ জাত (পুৰা কল, জাতি, মনোহৰ আৰু ভীমকল) মাটি নিৰ্বাচন ওখ, পানী জমা নোহোৱা আৰু যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ থকা মাটি কল খেতিৰ বাবে উপযোগী৷ ৰোপন সামগ্ৰী কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয় ৷ স্বাস্হ্যবান এটা পোখা বা পুলি ওঘালি তাৰ পৰা শিপাবোৰ ভালদৰে আঁতৰাই লব লাগে, যাতে মুঢ়াটোৱে আঘাত নাপায় ৷ তাৰ পাচত ১ ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷ বাছনি কৰা পুলিটোৰ ওজন ১.৫ – ২.০ কেজিৰ ভিতৰত হলে ভাল৷ পুলি ৰোৱাৰ পদ্ধতি পুলিবোৰ সাধাৰণতে গাঁত কৰি ৰোব লাগে আৰু এই গাতবোৰ সাধাৰণতে ৪৫ x ৪৫ x ৪৫ চে: মি: হব লাগে৷ পুলি ৰোৱাৰ ব্যৱধান : চাপৰ জাত : ১.৪ x ১.৪ মিটাৰ [ যেতিয়া মুঢ়া শস্য বা ৰেটুন (Ratoon) হিচাবে কৰা হয় ] ৷ মধ্য ওখ জাত : ২.১ x ২.১ মিটাৰ ওখ জাত : ২.৪ x ২.৪ মিটাৰ পুলি ৰোৱাৰ সময় মাৰ্চ - এপ্ৰিল ৷ সাৰ প্ৰয়োগ : ১২ কেজি পচন সাৰ প্ৰতিজোপা গছৰ বাবে ১১০ গ্ৰাম ইউৰীয়া প্ৰতিজোপা গছৰ বাবে ৩৩ গ্ৰাম ফছফেট প্ৰতিজোপা গছৰ বাবে ৩৩০ প্ৰাম পটাচ প্ৰতিজোপা গছৰ বাবে জাহাজী কলৰ ক্ষেত্ৰত পটাচৰ মাত্ৰা ৫৫০ গ্ৰাম প্ৰতিজোপা গছত প্ৰয়োগ কৰিব পাৰে ৷ বৰ জাহাজীৰ ক্ষেত্ৰত ২০০ গ্ৰাম নাইট্ৰোজেন প্ৰতিজোপা গছত তিনিটা ভাগ কৰি ৩ মাহ, ৫ মাহ আৰু গা-গছ ওলাবৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷পুলি ৰোৱাৰ সময়তে পচনসাৰ প্ৰয়োগ কৰিব লাগে ৷ ফছফৰাচৰ সম্পূৰ্ণ অংশ, নাইট্ৰোজেনৰ আৰু পটাচৰ আধা অংশ পুলি ৰোৱাৰ ৩ মাহৰ পাচতেই প্ৰয়োগ কৰিব ৷ বাকী আধা অংশ নাইট্ৰোজেন আৰু পটাচ পুলি ৰোৱাৰ ৫ মাহৰ পাচত প্ৰয়োগ কৰিব ৷ বৰ জাহাজী কলৰ বাবে বৰণ (৬ গ্ৰাম), জিঙ্ক (৯ গ্ৰাম), কপাৰ (৬ গ্ৰাম) আৰু মলিবিদেনাম (১ গ্ৰাম) প্রতিজোপা গছত প্ৰয়োগ কৰিলে উপকাৰ পোৱা যায় ৷ এইবোৰ অনুসাৰ চেনিচম্পা আৰু জাহাজী কলত প্ৰয়োগ কৰিলে উত্পাদন বৃদ্ধি হয় ৷ জলসিঞ্চন খৰাং বতৰত মাহে ৩ বাৰকৈ জলসিঞ্চন কৰিব লাগে ৷ পৰিচর্য্যা পোখা পুলি উঠোৱা: কলগছৰ গুৰিত ওলোৱা পোখা পুলিবিলাক মাতৃ গছত কলৰ ডিল নোলোৱালৈকে উঘালি পেলাব লাগে ৷ কলডিল ওলোৱাৰ পিছতহে প্ৰতিজোপা গছৰ গুৰিত মাত্ৰ এটা পোখা পুলি ৰাখিব লাগে ৷ অপতৃণ নিবাৰণ : কলৰ বাগিছাত গজা অপতৃণবিলাক মাজে সময়ে চিকুনাই থাকিব লাগে ৷ ‘ডায়োৰণ’ ৩ কেজি প্ৰতি হেক্টৰত বা গেমাক্সিন প্ৰতি হেক্টৰত ১.৫ কিলো প্ৰয়োগ কৰিলে অপতৃণৰ পৰা হাত সাৰি থাকিব পাৰি ৷শস্য চক্ৰ: কল খেতিৰ বাবে ১টা মূলখেতি আৰু পাচত ২ টা মুঢ়া শস্য বা ‘ৰেটুণ’ ৰ খেতি কৰিব পাৰি ৷শস্য চপোৱা : কলৰ ঠোকটোত যেতিয়া কলবোৰৰ শিৰাবিলাক ঘুৰণীয়া হবলৈ আৰম্ভ কৰে তেতিয়া কলথোকা কাটিব লাগে ৷ চাপৰ জাতৰ জাহাজী কল ৰোৱাৰ ১১-১৪ মাহৰ পাচত কাটিব পৰা হয় ৷ অন্যহাতে ওখ জাতবিলাক ১৪-১৬ মাহৰ ভিতৰত পূৰঠ হয় ৷ চেপ্তেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে কলখেতি চপাব পাৰি ৷ উত্পাদন : কলৰ উত্পাদন কেইবাটাও কাৰণৰ ওপৰত নিৰ্ভৰ কৰে, যেনে: জাত নিৰ্বাচন, গছৰ ঘনত্ব, পৰিচর্য্যা আদি৷ ওখ জাত বিলাকৰ পৰা সাধাৰণতে ১৫-২০ টন প্ৰতি হেক্টৰত আৰু চাপৰ জাত বিলাকৰ পৰা ৩০-৪০ টন প্ৰতি হেক্টৰত উৎপাদন পাব পাৰি৷ শস্য ৰক্ষা মূঢ়া ঘুণে খোৱা আৰু শস্য কৃমি (Corm borer and Nematodes) : কলৰ পুলি বাছনি কৰোঁতে সদায় স্বাস্হ্যবান নিৰোগী গছৰ পোখা পুলিহে বাছনি কৰিব লাগে ৷ যদি আক্ৰান্ত পুলিয়েই নিৰ্বাচন কৰিব লগা হয় তেন্তে আক্ৰান্ত অংশ এখন চোকা কটাৰীৰে কাটি পেলাব লাগে ৷ শস্য কৃমি বা মূঢ়া ঘুণে খোৱা পোকৰ পৰা কিছু পৰিমাণে ৰক্ষা পাবলৈ পুলিটো ৰোৱাৰ আগতে মুঢ়াটো বোকাত লেটিয়াই তাৰ ওপৰত ৪০ গ্ৰাম ফুৰাদন ৩ জি চতিয়াই দিব লাগে৷ গা-গছ ঘুণে খোৱা পোক (Pseudostem borer) : এই পোক নিবাৰণ কৰিবলৈ ০.১ শতাংশ শক্তিৰ মেলাথিয়ন (প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ ঔষধ মিহলাই) স্প্রে কৰিব লাগে৷ গছৰ চাৰিওফালে ফুৰাদন ৩-জি দানা চতিয়ালেও ভাল ফল পোৱা যায় ৷ কলৰ বাকলি খোৱা পোক : এইবিধ পোক কলঠোকাত দেখাৰ লগে লগে মালাথিয়ন ৫০ শক্তিৰ ঔষধ ০.১ শতাংশৰ মিশ্ৰণ তৈয়াৰ কৰি ষ্প্ৰে কৰিব লাগে৷ কল গছৰ বাঞ্চিটপ (Bunchy top) বেমাৰ: এই বেমাৰ ৰোধ কৰিবলৈ ৰ'গৰ বা ডাইমেক্রণ ১ মিলিলিটাৰ ঔষধ প্ৰতি লিটাৰ পানীত (৩ লিটাৰ প্ৰতি ২৫ জোপা গছৰ বাবে) মিহলাই ষ্প্ৰে কৰিব লাগে৷ পানামা বেমাৰ (Panama disease or Banana wilt): এই বেমাৰ ৰোধ কৰিবলৈ ১ শতাংশ বৰদ’ মিশ্ৰণ বা ০.০৫ শতাংশ বেভিষ্টিন ঔষধৰ মিশ্ৰন মাটিত প্ৰয়োগ কৰিব লাগে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।