ধানৰ উন্নত জাতসমূহ আহু, শালি, বৰো আৰু বাওধানৰ বাবে মাটি আৰু পানীৰ পৰিস্থিতি সাপেক্ষে বেছি উৎপাদন দিব পৰা আধুনিক জাত সমূহ উৎপাদন বৃদ্ধিৰ সচাঁৰ কাঠী৷ আহুধান সিচাঁ আৰু ৰোৱা তথা আগতীয়া আৰু নিয়মীয়া আহুধানৰ জাত লুইত আৰু কপিলী অতি কমদিনীয়া (৯৫-১০০) অৰ্দ্ধচাপৰ জাত ৷ দ’ চানেকীয়া মাটিত শুকানে সিচাঁ আৰু ৰোৱাৰ বাবে উপযুক্ত ৷ বানপানী হোৱা অঞ্চলত বানপানী হোৱাৰ আগতে চপাব পাৰি ৷ ধানৰ আকাৰ মোটা ৷ লাচিত আৰু চিলাৰায় কমদিনীয়া (১২০-১২৫) অৰ্দ্ধচাপৰ জাত ৷ ৰোৱা আহুৰ বাবে উপযুক্ত ৷ ধানৰ আকাৰ মোটা ৷ গোবিন্দ কমদিনীয়া (১১০-১১৫) খৰাং সহ্য কৰিব পৰা জাত ৷ সিচাঁ আৰু ৰোৱা আহুৰ বাবে উপযুক্ত ৷ ৰাচী আই আৰ–৩৬ আৰু আই আৰ–৫০ কমদিনীয়া (১১৫-১২০) জাত ৷ ৰোৱা আহুৰ বাবে উপযুক্ত ৷ কমদিনীয়া (১১৫-১২০) জাত ৷ ৰোৱা আহুৰ বাবে উপযুক্ত ৷ ধানৰ আকাৰ দীঘলীয়া, লাহি ৷ শালিধান শালি বতৰত নিয়মীয়া বা শেহতীয়া আৰু মাটি পানীভেদে কৰিব পৰা জাত বেলেগ বেলেগ৷ মনিৰাম, কুশল আৰু পঙ্কজ তাকৰীয়া অথচ ফুলফুলাকৈ পানী থকা দ’ চানেকীয়া মাটিৰ বাবে উপযুক্ত দীৰ্ঘদিনীয়া (১৫০-১৫৫) অৰ্দ্ধচাপৰ জাত ৷ ধানৰ আকাৰ মজলীয়া ৷ পিয়লি, ৰঞ্জিৎ আৰু বাহাদুৰ নিয়মীয়া পানী থকা দ’ মাটিৰ বাবে উপযুক্ত, দীৰ্ঘদিনীয়া (১৫০) লাহি, অৰ্দ্ধচাপৰ জাত ৷ বৈদেহী(আই,ই,টি–১০০১৬) দ’ মাটিৰ বাবে উপযুক্ত, দীৰ্ঘদিনীয়া অৰ্দ্ধচাপৰ লাহি ধান ৷ মাচুৰী মজলীয়া ধৰণৰ মাটিৰ বাবে উপযুক্ত,মধ্যমীয়া ওখ, দীৰ্ঘদিনীয়া (১৪৫) লাহি ধান ৷ সত্যৰঞ্জন, বসুন্ধৰা মজলীয়া ধৰণৰ মাটিৰ বাবে উপযুক্ত, অৰ্দ্ধচাপৰ মধ্যমদিনীয়া (১৩৫) ৷ ৰবিশস্যৰ বাবে মাটি সময়মতে আজৰি হোৱাকৈ চপাব পৰা লাহি ধানৰ জাত ৷ মনোহৰ শালি বেছি দ’মাটিৰ বাবে উপযুক্ত ওখ জাত, অতি সাৰুৱা মাটিত বাগৰি পৰে ৷ ধানৰ আকাৰ মোটা৷ বৰাধান আঘোণী, ভোগালী বৰা ধানৰ অৰ্দ্ধচাপৰ অধিক উৎপাদনক্ষম জাত ৷ শালিৰ সময় মতে কৰিব পাৰি ৷ চাউলৰ ৰং বগা ৷ ৰঙিলী বৰা ধানৰ অধিক উৎপাদনক্ষম ওখ জাত ৷ নিয়মীয়া সময়ত কৰাৰ বাবে উপযুক্ত ৷ চাউলৰ ৰং বগা ৷ জহাধান কেতেকী জহা অধিক উৎপাদনক্ষম সময়মতে কৰিব পৰা জহা ধানৰ মধ্যমীয়া ওখজাত ৷ শেহতীয়া শালি মনোহৰ শালি, এণ্ডিউ শালি বুঢ়া কঠীয়া (৬০ দিন) ভাদৰ শেহলৈকে ৰুব পৰা মোটা ধানৰ জাত ৷ আহিনৰ মাজলৈকেও ৰুব পাৰি ৷ প্ৰসাদ ভোগ বুঢ়া কঠীয়া (৬০ দিন) ভাদৰ তৃতীয় সপ্তাহলৈকে ৰুব পাৰি, লাহি জাত ৷ সত্যৰঞ্জন, বসুন্ধৰা কুমলীয়া কঠীয়া (২১-২৫ দিন) ভাদৰ শেহলৈকে ৰুব পৰা মোটা ধান ৷ এই কেইবিধ জাত কঠীয়া সিঁচাৰ দৰে গজালি উলিয়াই বোকা মাটিত ভাদৰ ২৫ তাৰিখলৈকে সিঁচিও কৰিব পাৰি ৷ বৰোধান কিছু পৰিমাণে ঠাণ্ডা সহ্য কৰিব পৰা বৰো ধানৰ উন্নত জাত উদ্ভাৱিত হৈছে ৷ অৱশ্যে সাৱধান হোৱা উচিত যাতে পানী হোৱাৰ আগতে ধান চপাব পৰা হয় ৷ জয়মতী মধ্যমীয়া ওখ আৰু মধ্যমদিনীয়া (১৭৫) লাহি ধানৰ জাত ৷ পানী যোগানৰ ব্যৱস্থা থকা মাটি আৰু শেহতীয়াকৈ কঠীয়া পৰা অৱস্থাৰ বাবে উপযুক্ত ৷ বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ আৰু গৌতম মধ্যমদিনীয়া (১৬০-১৬৫) অৰ্দ্ধচাপৰ আৰু মজলীয়া মোটা ধানৰ জাত ৷ পানী যোগানৰ ব্যৱস্থা থকা মাটিৰ বাবে শেহতীয়াকৈ কঠীয়া পৰা জাত ৷ মাচুৰী মধ্যমদিনীয়া (১৮০) আৰু শীত সহ্য কৰিব নোৱাৰা লাহি ধানৰ ওখ জাত৷ আগতীয়াকৈ কঠীয়া পৰা জাত ৷ বৰো-১, বৰো-২ কমদিনীয়া (১৫০-১৬৫) জাত ৷ অতি দ’ বা বিল অঞ্চলৰ বাবে উপযুক্ত জাত৷ মোটা ধান৷ কালচাৰ–১ অতি কমদিনীয়া (১৪০) মোটা জাতৰ ধান ৷ শেহতীয়াকৈ কঠীয়া পৰা জাত৷ কলিঙ্গ-২ মধ্যমদিনীয়া (১৭৫) অৰ্দ্ধচাপৰ জাত ৷ শেহতীয়াকৈ কঠীয়া পৰা আৰু মোটা ধানৰ জাত ৷ আই আৰ-৫০ কমদিনীয়া (১৫৫) দীঘলীয়া আকাৰৰ গুটিৰ অৰ্দ্ধচাপৰ জাত ৷ জলসিঞ্চন থকা মাটিৰ বাবে শেহতীয়াকৈ ৰোৱা জাত ৷ বাওধান অতি দ’ অঞ্চলত কৰিব পৰাকৈ বাও ধানৰ দুটা নতুন মোটা জাতৰ ধান অসমতে উদ্ভাৱিত হৈছে৷ পদ্মনাথ, পানীন্দ্ৰ৷ কঠীয়া পৰা প্ৰণালী মাটি নিৰ্বাচন ৰ’দ ঘাই সমান আৰু পানীৰ উৎসৰ ওচৰত থকা মাটি বাচি ল’ব ৷ প্ৰয়োজন সাপেক্ষে পানী উলিয়াই দিব পৰা ব্যৱস্থা থাকিব লাগে ৷ অতি বালিয়া বা অতি আলতীয়া মাটি কঠীয়া তলিৰ বাবে উপযুক্ত নহয় ৷ বীজ শোধন নিৰ্ভৰযোগ্য অনুষ্ঠানৰ পৰা সংগহ কৰা বীজ নহলে বেমাৰ আজাৰৰ বাবে শোধন কৰি লোৱা ভাল ৷ শুকানে সিচাঁ ধানৰ বাবে বীজ শুকানে শোধন কৰিব আৰু কঠীয়া পৰাৰ বাবে বীজ ঔষধ মিহলোৱা পানীত তিয়াই শোধন কৰিব ৷ ঔষধবোৰ হ’ল ডাইথেন এম ৪৫, কেপটাফ্ আৰু ফলটাফ্ নামৰ ঔষধৰ প্ৰতি কিলোগ্ৰাম বীজৰ বাবে ২.৫ গ্ৰাম বা ওপৰ সমানকৈ এচামুচ ৷ শুকান বীজৰ লগত উক্ত ঔষধ সমূহৰ যি কোনো এবিধৰ ২.৫ গ্ৰাম প্ৰতি কি:গ্ৰাম বীজৰ লগত মিহলাই ড্ৰাম বা টিনত বন্ধ কৰি পাঁচ মিনিটমান সময় জোকাৰি থাকিলে ঔষধবোৰ বীজত মিহলি হব ৷ এইবোৰ ঔষধৰ অভাৱত বেভিষ্টিন একগ্ৰাম প্ৰতি কি: গ্ৰাম বীজৰ লগত মিহলাব পাৰে ৷ তিয়াব লগা বীজৰ ক্ষেত্ৰত উক্ত ঔষধ সমূহৰ ২.৫ গ্ৰাম বা বেভিষ্টিন ঔষধৰ ১.০ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ১ কি:গ্ৰা:বীজ হিচাবে তিয়াই থ’ব৷ সেই বীজখিনি পিছত গাপ দিলেই হ’ল ৷ বোকা কঠীয়া তলী কঠীয়া পৰাৰ এমাহ আগতে গোবৰ/পচন সাৰ চতিয়াই লৈ সমাৰ বাই থ’ব ৷ যিমান মাটি ৰুব তাৰ দহ ভাগৰ এভাগ মাটিত কঠীয়া পাৰিব ৷ এইদৰে দহকঠা অৰ্থাৎ দুবিঘা মাটিৰ বাবে কঠীয়াতলী হ’ব লাগিব ১ কঠা ৷ বিঘাই প্ৰতি ৫ কিলোগ্ৰামকৈ বীজৰ প্ৰয়োজন হলে ১ কঠা কঠীয়া তলীত ১০ কিলো বীজ সিঁচিব ৷ কঠীয়াতলী ৬-৮ চাহ মাৰি মৈয়াই খুব ভালদৰে চাহ কৰিব আৰু ওপৰভাগ সমান কৰিব ৷ প্ৰস্তুত কৰা ডৰাটো ৪ ফুট বহল কৈ মাজত খোজেৰে এফুট মানৰ বাট ৰাখি চিতা কৰিব ৷ বোকা অলপ টান হ’লে এই বাটৰ মাটিখিনি কোৰেৰে আতৰাই পেলালে নলা হ’ব ৷ এতিয়া ফলিয়া বাহেৰে প্ৰতিখন চিতা পুনৰ সমান কৰি লওঁক ৷ শেষৰ চাহত প্ৰতি কঠাত ১৭০০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ৮০০ গ্ৰাম মিউৰিয়েট অৱ পটাচ্ সাৰ প্ৰয়োগ কৰিব ৷ গুকান কঠীয়াতলি বিশেষ পৰিস্থিতিত (খৰাং) শুকান কঠীয়াতলী কৰা হয়৷ এমাহ আগতে গোবৰ/পচনসাৰ দি সমাৰ বাই থ’ব৷ সিচাঁৰ আগতে ৮-১০ চাহ মাৰি মৈয়াই মাটি ধুলিয়াৰি কৰি ল’ব৷ শেষৰ চাহত প্ৰতি কঠাৰ তলীত ১৭০০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷ চাৰি ফুটৰ অন্তৰে অন্তৰে এফুটকৈ বাট ৰাখিব যাতে তলীখন চিতা চিতা হয়৷ পাতলীয়াকৈ নাঙলেৰে সীৰলু উলিয়াই শুকান বীজ সিচিঁব, আৰু পাতলীয়াকৈ মৈ মাৰি বীজবোৰ মাটিৰে ঢাকি দিব৷ ওপৰত শুকান গোবৰৰ গুৰি চটিয়াই দিব পাৰিলে জীপ ৰখাত সহায় কৰিব ৷ বীজবোৰ বেছি দ’ত পৰিব নালাগিব আৰু মাটিখিনি পিত খুৱাব লাগিব ৷ ডাপগ পদ্ধতি বিশেষ পৰিস্থিতিৰ (বানপানী) কঠিয়াৰ অভাৱত এই পদ্ধতিৰে কঠিয়া কমদিনতে পাব পাৰি ৷ পকা মজিয়া, চোতালৰ চুক, সমান টিনপাত আদি টান সমতলৰ ওপৰত পলিথিন পাৰি লৈ গজালি উলিওৱা বীজ ঘনকৈ সিঁচিব ৷ এক বৰ্গমিটাৰত প্ৰায় ১.৫ কিলোগ্ৰাম বীজ সিঁচিব ৷ বীজতলী পানীৰে পাতলীয়াকৈ তিয়াই ৰাখিব আৰু প্ৰথম তিনিদিন মানলৈ হাতেৰে লাহে লাহে মাজে মাজে হেচাঁ দিব যাতে শিপাই পানী পাই থাকে ৷ কঠীয়া এক ইঞ্চিমান ওখ হলে আধা ইঞ্চিমান পানী ৰাখিব ৷ অতি ঘন বাবে কঠীয়াৰ শিপাই জট বান্ধিব আৰু দুসপ্তাহতে কঠীয়া নুৰিয়াই পথাৰলৈ নি, ফালি ফালি ৰুব পাৰিব৷ একঠাৰ ডৰা এটা ৰুবলৈ ১ বৰ্গমিটাৰতকৈ অলপ বেছি ডাপগ কঠীয়া লাগে ৷ সময়মতে নুৰুলে মাটিৰ অভাৱত ডাপগ কঠীয়া মৰি যাব ৷ বীজ তিওৱা বীজে পানী শুহি নললে গজালি নোলায় ৷ শোধন কৰিলে ঔষধ মিশ্ৰিত পানীতে বীজ তিয়াব ৷ বহল পাত্ৰ যেনে কেৰাহী, থালি আদিত বীজ তিয়াব ৷ টেমাত তিয়ালেও অপকাৰ নহয় ৷বস্তাত তিয়ালে চিমেন্ট আদিৰ প্লাষ্টিক বস্তা নল’ব ৷ বস্তাত যদি ৭০ কিলোগ্ৰাম ধৰে তেনেহলে ৪০ কিলোগ্ৰাম মান বীজ হে ভৰাব৷ বস্তাৰ একেবাৰে ওপৰত মুখখন গাঠি দি এনেভাৱে বন্ধ কৰিব যাতে সকলো খিনি বীজে পানী শুহি ফুলিব পাৰে৷ বস্তাত বেছিকৈ বীজ ভৰালে বীজে ভালকৈ পানী নুশুহিব আৰু সকলোখিনি নগজিব ৷ গৰমত ২৪ ঘন্টা আৰু ঠাণ্ডাত ৩৬ ঘন্টা বীজ তিয়াব ৷ গাপ দিয়া এনে ফ্ৰেম উঠাই নিব পৰাকৈ কৰিব আৰু ৰাতিৰ ভাগত ঠাণ্ডা সোমাব নোৱাৰাকৈ কাষবোৰ বোকাৰে বন্ধ কৰি দিব ৷ কঠীয়া উঠোৱাৰ ৭ দিন মান আগৰে পৰা ১-২ ঘন্টাকৈ দিনত ফ্ৰেমটো উঠাই থ’ব ৷ এনে কৰিলে মুকলি পৰিবেশৰ লগত কঠীয়াই নিজকে খাপ খুৱাব পৰা হয় ৷ পলিথিনৰ ফ্ৰেম আঁতৰোৱাৰ পদ্ধতি হ’ল প্ৰথম দিনা দুঘন্টা আৰু পিছত ক্ৰমে বঢ়াই দি দুদিনমান সম্পূৰ্ণ উন্মুক্ত কৈ ৰাখিব লাগে ৷ গজালি ওলাবলৈ ধান গৰম হ’ব লাগিব ৷ মাটিৰ ওপৰত পলিথিন, কলপাত আদি পাৰি ল’ব ৷ গৰম আনিবলৈ ওপৰত ফটা বস্তা আদিৰে ভালকৈ গাপ দিব ৷ ঠাণ্ডাৰ দিনত (বৰো) পাৰিলে ৰ’দ খুৱাব ৷ গৰমত ২৪-৩৬ ঘন্টা আৰু ঠাণ্ডাত ৩৬-৪৮ ঘন্টা গাপ পালে গজালি ওলাব ৷ গাপ দিয়া সময়ত যাতে বীজখিনি ওলাই নাযায় তালৈ লক্ষ্য ৰাখিব ৷ আৱশ্যক হ’লে পানী ছতিয়াই থাকিব ৷ গজালি ওলালে সিঁচাৰ কাম আৰাম্ভ কৰিব ৷ বৰো কঠীয়া শীতৰ প্ৰভাৱৰ বাবে দ্ৰুতগতিত নাবাঢ়ে ৷ বাঁহৰ কামিৰে কৰা ফ্ৰেমত বন্ধ পলিথিন লগাই বৰোধানৰ কঠীয়াতলীৰ ওপৰত দি থ’লে ৰ’দ আৰু গৰম সমানে পাব৷ কঠীয়াতলীৰ দৈৰ্ঘ্য বেচি হ’লে পলিথিনৰ ফ্ৰেম সুবিধা আনুযায়ী বঢ়াই লব পাৰে ৷ এনে ফ্ৰেম উঠাই নিব পৰাকৈ কৰিব আৰু ৰাতিৰ ভাগত ঠাণ্ডা সোমাব নোৱাৰাকৈ কাষবোৰ বোকাৰে বন্ধ কৰি দিব ৷ কঠীয়া উঠোৱাৰ ৭ দিন মান আগৰে পৰা ১-২ ঘন্টাকৈ দিনত ফ্ৰেমটো উঠাই থ’ব ৷ এনে কৰিলে মুকলি পৰিবেশৰ লগত কঠীয়াই নিজকে খাপ খুৱাব পৰা হয় ৷ পলিথিনৰ ফ্ৰেম আঁতৰোৱাৰ পদ্ধতি হ’ল প্ৰথম দিনা দুঘন্টা আৰু পিছত ক্ৰমে বঢ়াই দি দুদিনমান সম্পূৰ্ণ উন্মুক্ত কৈ ৰাখিব লাগে ৷ বানাক্ৰান্ত অঞ্চলত ধান খেতি বানাক্ৰান্ত অঞ্চলত ধান খেতি অসমত বছৰি পায় ৫ লাখ হেক্টৰ খেতি মাটিত বানপানী হয় ৷ অসমত দুই ধৰণৰ বানাক্ৰান্ত অঞ্চল আছে ৷ ১) প্ৰতি বছৰে বানপানী হোৱা :পাহাৰ অঞ্চলত হোৱা বৰষুণৰ পানী ভৈয়ামলৈ বাগৰি আহি সময় মতে ওলাই যাব নোৱাৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে ৷ অতি দ’ অঞ্চল য’ত নৈৰ পৃষ্ঠৰ পানী ওফন্দি পানীয়ে বুৰাই বা ওভতনি মাৰে আৰু বছৰি মথাউৰি ছিগি পানী হোৱা দ’ অঞ্চল ৷ এইবোৰ অঞ্চলত কৃষকে বাম ঠাইত কঠীয়া পাৰি থয় ৷ ২) মাজে মাজে বা হঠাৎ পানী হোৱা : নৈৰ সোঁত সলনি হৈ পাৰ বা মথাউৰি ভাগি সচৰাচৰ পানী নোহোৱা অঞ্চলো প্লাৱিত কৰে ৷ এনে অঞ্চলত ৰাইজে নিয়মীয়া খেতি কৰে যদিও পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে আৰু তাক পুৰণ কৰিবলৈ সঁচ কঠীয়াকৈ নাথাকে ৷ বানাক্ৰান্ত অঞ্চলত ধান খেতিৰ প্ৰধান কৌশল সমুহ (ক) পোহৰ সংবেদনশীল জাতৰ বুঢ়া কঠীয়া ৰোৱা পৰিস্থিতি প্ৰতি বছৰে বানপানী হোৱা অঞ্চল ৷ জাত পোহৰ সংবেদনশীল অৰ্থাৎ কাতিবিহুৰ সময়ত ফুলা দীৰ্ঘদিনীয়া ওখ জাত ৷ যেনে : মনোহৰ শালি, এণ্ডিউ শালি আৰু অৰ্দ্ধচাপৰ জাত যেনে – বিৰাজ৷ কঠীয়া সচৰাচৰ পানী নুঠা বাম মাটিত কঠীয়া পাৰিব ৷ কঠীয়া নিয়মীয়া শালিতকৈ ঘনকৈ ( একঠা মাটিত ১২-১৫ কিলো) পাৰিব ৷ নিয়ম মতে সাৰ প্ৰয়োগ কৰিব ৷ প্ৰয়োজন সাপেক্ষে মিউৰিয়েট অৱ পটাছ (কঠাত ২৫০ গ্ৰাম) টপদেছ কৰিব ৷ জুলাই মাহত (আহাৰ ১৫- শাওণ ১৫) কঠীয়া পাৰিব ৷ সম্ভাব্য পানী শুকাই মাটি ওলোৱাৰ দিনৰ দুমাহ আগত কঠীয়া পাৰিব ৷ ৰোৱা কঠীয়াৰ বয়স ৫৫-৬০ দিন হ’লেই ভাল ৷ কহুঁৱা ফুলালৈকে ৰোৱাৰ সময় থিক থাকে ৷ ভাদ মাহৰ পৰাই বুঢ়া কঠীয়া ৰুলে গোছাত ৬-৭ ডালকৈ দিব আৰু ঘনাই (৮"x৬" বা ৬"x৬" দুৰত) ৰুব ৷ থিয় পোনকৈ ৰুব আৰু বেছি দ’ত নুপুতিব ৷ সাৰ প্ৰয়োগ শেষৰ বা ৰোৱণী চাহত আটাইখিনি সাৰ প্ৰয়োগ কৰি হাল বাই মাটিত সাৰ মিহলি কৰি দিব ৷ ডি. এ, পি ৩ কিলোগ্ৰাম, ইউৰীয়া ৫ কিলো গ্ৰাম আৰু মিউৰিয়েট অৱ পটাচ ৪ কিলোগ্ৰাম নাইবা চুপাৰ ফচফেট ৯ কিলোগ্ৰাম, ইউৰীয়া ৬ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাচ ৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰক ৷ ধান ফুলিবলৈ অতি কম দিন পায় হেতুকে ইয়াত টপদেছ কৰাৰ প্ৰয়োজন নহয় ৷ আটাইখিনি সাৰ শেষৰ চাহতে প্ৰয়োগ কৰিব ৷ (খ) অতি কমদিনীয়া জাতৰ কুমলীয়া কঠীয়া ৰোৱা অতি কমদিনীয়া (১০০ দিনৰ তলৰ) জাতৰ যেনে- লুইত, কপিলী, কালচাৰ – ১, হীৰা আদিৰ ২০-২৫ দিনীয়া কঠীয়া ৰুব পাৰি ৷ পৰিস্থিতি সচৰাচৰ বানপানী হোৱা আৰু হঠাৎ বানপানী হৈ কঠীয়া নষ্ট কৰা এই দুয়ো অঞ্চলতে এই পদ্ধতিৰে ধান খেতি কৰিব পাৰি ৷ কঠীয়া কঠীয়াতলী বাম ঠাইত নিৰ্বাচন কৰিব যাতে পানীয়ে নাপায় ৷ কঠীয়াতলী পানীত ডুব গৈ থাকিলে ডাপগ পদ্ধতিৰে পাৰিব ৷ লুইত, কপিলী, কালচাৰ-১ আদি জাতৰ কঠীয়া ভাদৰ ১৫ তাৰিখলৈকে পাৰিব ৷ সাৰ প্ৰয়োগ মাটি শেষৰবাৰ চাহ কৰাৰ সময়ত সম্পূৰ্ণ সাৰ প্ৰয়োগ কৰিব ৷ ইউৰীয়া ১২ কিলোগ্ৰাম, একক চুপাৰ ফচফেট ১৭ কি:গ্ৰা: আৰু মিউৰিয়েট অৱ পটাচ ৪ কি:গ্ৰা: প্ৰতি বিঘাত একেবাৰতে দিব ৷ অন্যথা ডি, এ, পি ৬ কি:গ্ৰা:, ইউৰীয়া ১০ কি:গ্ৰা: আৰু মিউৰিয়েট অৱ পটাচ ৪ কি:গ্ৰা: প্ৰতি বিঘা হিচাবতো দিব পাৰে ৷ অতি কমদিনীয়া বাবে এই খেতিত টপদেচিং নকৰিলেও হয় ৷ ৰোৱা অতিকুমলীয়া (২০-২৫ দিন) কঠীয়া ৰুব আৰু কোনো ক্ষেত্ৰতে কমদিনীয়া জাতৰ কঠীয়া বুঢ়া হ’বলৈ নিদিব ৷ অতি ঘনকৈ (৬" x ৪" বা ৪" x ৪" দুৰত) কঠীয়া ৰুব যাতে বেছিকৈ পোখা মেলিবলৈ নাপায় ৷ নহ’লে একেলগে নপকিব ৷ প্ৰতি গোছাত দুডালকৈ কঠীয়া ৰুব৷ কঠীয়া একেবাৰে ওপৰতে (১") ৰুব, দ’কৈ ৰুলে একেলগে নপকিব৷ কঠীয়া পোনকৈ ৰুব নহ’লে অযথা সময় বাঢ়ি থোক ওলোৱাত বিঘিনি ঘটাব৷ পানী ৰখাত বিশেষ সাৱধান হ’ব৷ আলিবোৰ বোকাৰে লিপি ল’ব৷ (গ) দীৰ্ঘদিনীয়া জাতৰ কঠীয়া জীয়াই থৈ ৰোৱা পোহৰ সংবেদনশীল দীৰ্ঘদিনীয়া জাতৰ কঠীয়া জীয়াই থৈ পুনৰ মূল পথাৰত ৰুব পাৰি ৷ এনে কৰিলে তিনিটা লাভ হয় ৷ কঠীয়া গাঁঠি নধৰে আৰু কঠীয়াৰ সংখ্যা ২-৩ গুণ বাঢ়ি যায় ৷ কঠীয়া সোনকালে সজাল ধৰে আৰু পোখাও মেলে ৷ বুঢ়া কঠীয়াতকৈ উৎপাদন বেছি পোৱা যায় ৷ কঠীয়া ৰীতি অনুসৰি আহাৰৰ শেষ ভাগত কঠীয়া পাৰিব ৷ কঠীয়াৰ বয়স ৩-৪ সপ্তাহ হোৱাৰ লগে লগে আন এডৰা পথাৰত ১৫" x ১৫" বা ২০"x ১০" দুৰত ৰুই থ’ব ৷ এই কঠীয়া পুনৰ ৩-৪ সপ্তাহৰ পিছত উঠাই পানী মুক্ত হোৱা পথাৰত ৰুব ৷ জীয়াই থোৱা কঠীয়াত পোখা মেলিব বাবে তাৰ পোখা ভাঙি ২-৩ গোছা সহজেই ৰুব পাৰিব৷ এনেকৈ ভাদৰ মাজভাগলৈকে উন্নত জাতৰ কঠীয়াও ৰুব পাৰি৷ পোহৰ সংবেদনশীল জাতৰ ক্ষেত্ৰত কঠীয়া তলীত আৰু জীয়াই থোৱা তলীত এসপ্তাহকৈ মুঠ দুসপ্তাহ ৰোৱাৰ সময় বঢ়াই দিব পাৰি৷ (ঘ) কমদিনীয়া জাত বোকাত সিঁচা বোকা কৰা সমান পথাৰত অতি কমদিনীয়া (১০০ দিনৰ তলৰ) জাত গজালি উলিয়াই কঠীয়াৰ দৰে পাতলীয়াকৈ সিঁচিব পাৰি ৷ পৰিস্থিতি ঠাতে পানী হোৱা ঠাইত যদি কঠীয়া পৰা সম্ভৱ নহয়৷ সচৰাচৰ পানী হোৱা ঠাইত কঠীয়াৰ অভাৱ হ’লে৷ বাৰে বাৰে পানীয়ে মাৰি কঠীয়া নোহোৱা কৰিলে৷ মাটি প্ৰস্তুতি আগতে ৰোৱা ধান মাৰিলে এচাহ বাই মৈয়াই সমান কৰি ল’ব৷ পিছৰ চাহৰ আগে আগে সাৰ প্ৰয়োগ কৰিব৷ আগতে ৰোৱা মাটি নহলে চাৰি চাহৰ প্ৰয়োজন হ’ব৷ পলস পৰা মাটি সমান হৈ থাকিলে প্ৰস্তুতিৰ প্ৰয়োজন নহয়৷ তিওৱা আৰু গাপ দিয়া কঠীয়া পৰাৰ দৰে একেই ৷ শালি বতৰত এদিন এৰাতি তিয়াই এদিন এৰাতি গাপ দিলেও গজালি ওলাব ৷ সাৰ প্ৰয়োগ সাৰ প্ৰয়োগৰ হাৰ আৰু নিয়ম ৰোৱা পদ্ধতিৰ দৰে ৷ একেবাৰতে নিদিৰ্ষ্ট নিৰিখত সাৰ প্ৰয়োগ কৰিব ৷ সাৰ যাতে মাটিত মিহলি হয় তাৰবাবে এচাহ হাল বাই মৈয়াব ৷ সিঁচা বিঘা মাটিত ৮-১০ কি:গ্ৰা: হিচাপত বীজ সিচিঁব৷ বোকা মাটিত সিচিঁবলৈ হ’লে মাটিৰ ওপৰভাগ সমান হ’ব লাগিব ৷ সিচাঁৰ দুদিনৰ পৰা সাত দিনলৈ চৰায়ে খাব পাৰে, তাৰবাবে সাৱধান হ’ব ৷ পাৱাৰ টিলাৰ চলোৱা মাটিত এদিন পিছতহে সিঁচিব৷ বতৰ চাই সিঁচিব যাতে সিঁচাৰ দিনাখন বৰষুণ নহয় ৷ উন্নত জাতৰ আহুধানৰ কৃষি পদ্ধতি উন্নত জাতৰ আহুধানৰ কৃষি পদ্ধতি আহুখেতি তিনি ধৰণে কৰিব পাৰি ৷ শুকানে সিঁচা আহু দ’ চানেকীয়া, পলসুৱা, যথেষ্ট জীপাল মাটিত শুকানে সিঁচা আহু কৰিব পাৰি ৷ সিঁচা ছয় আঠ চাহ মাৰি মৈয়াই ধুলিয়াৰিকৈ মাটি প্ৰস্তুত কৰিব ৷ শেষৰ চাহৰ আগে সাৰ প্ৰয়োগ কৰিব ৷ নাঙলেৰে ৬" – ৮" দূৰত সীৰলু কৰিব ৷ মাটিত জীপ থাকিলে সীৰলু বাম আৰু খৰাং হ’লে সীৰলু অলপ দ’ কৰিব (১” - ২”) ৷ বিঘাত ১০-১২ কি:গ্ৰাম হিচাপে বীজ সিঁচি মৈৰে ঢাকি দিব৷ বনবাত বনবাতেই শুকানে সিঁচা আহুৰ প্ৰধান আহুকাল ৷ শাৰীৰ মাজত সাৰ প্ৰয়োগ কৰিব লাগে ৷ শুকান নিৰণি যন্ত্ৰ বা ঘুৰ্নিত কোৰ বা বুটি কোৰ ২০-২৫ দিনত চলাব৷ মাটিত যথেষ্ট জীপ থাকিলে এবিঘাৰ বাবে বুটাক্লোৰ নামৰ ঔষধ আধা লিটাৰ ৫০-৬০ লিটাৰ পানীত মিহলাই বীজ সিঁচাৰ ৫-৭ দিনৰ ভিতৰত মাটিত স্প্ৰে কৰিব ৷ ২৫ দিনত এবাৰ হাতেৰে নিৰণি কৰিব৷ সাৰ প্ৰয়োগ বিঘাই প্ৰতি ১২ কি:গ্ৰাম ইউৰীয়া, ১৭ কি:গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪ কি:গ্ৰাম মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷ মাটি চহোৱাৰ সময়ত মাত্ৰ একক চুপাৰ ফচফেট দিব ৷ ইউৰীয়া আৰু মিউৰিয়েট অৱ পটাচৰ আধা নিৰণিৰ সময়ত আৰু বাকীখিনি ৪০-৪৫ দিনৰ পিছত দিব ৷ বোকা কৰি সিঁচা আহু পানী যোগানৰ সুবিধা থকা মাটিত কঠীয়া সিঁচাৰ দৰে সিঁচা পদ্ধতি ৷ বীজ তিয়াই গাপ দি গজালি উলিয়াই বোকা কৰি সমান কৰা পথাৰত বিঘাই প্ৰতি ৮-১০ কি:গ্ৰাম হিচাপে বীজ সিঁচিব ৷ বোকা কৰাৰ সময়ত একক চুপাৰ ফচফেট বিঘাই প্ৰতি ১৭ কি:গ্ৰাম হিচাপে প্ৰয়োগ কৰিব ৷ ইউৰীয়া আৰু মিউৰিয়েট অৱ পটাচৰ প্ৰয়োগ বিধি শুকানে সিঁচা আহুৰ দৰে ৷ বনবাত নিয়ন্ত্ৰণৰ ব্যৱস্থা শুকানে সিঁচা আহুৰ দৰেই ৷ কেৱল বোকাত মৰা নিৰনি যন্ত্ৰ ব্যৱহাৰ কৰিব ৷ বনবাত মৰা ঔষধৰ প্ৰয়োগ শুকান আহুৰ দৰে একে ৷ বোকাত শাৰী শাৰীকৈ সিঁচাৰ বাবে ধান গৱেষণা সঞ্চালকালয়ে উলিওৱা ড্ৰাম চীডাৰ ব্যৱহাৰ কৰিব পৰা হয় ৷ ৰোৱা আহু পানী যোগানৰ সুবিধা থকা মাটিতহে আগতীয়া ৰোৱা আহু কৰা সম্ভৱ ৷ বৰষুণ নিৰ্ভৰশীল অঞ্চলত নিয়মীয়া ৰোৱা আহুৰ কম দিনীয়া জাত বাচি লব ৷ কঠীয়া ভাল জাত আৰু ভাল কঠীয়া উৎপাদনৰ প্ৰধান আহিলা ৷ অনুমোদিত নিয়ম সমূহ অনুসৰণ কৰি কঠীয়াতলী প্ৰস্তুত কৰিব, সাৰ দিব আৰু কঠীয়া সিঁচিব৷ কঠীয়া সঠিক বয়সত উঠাব আৰু বেমাৰ বা কীট পতঙ্গৰ পৰা ৰক্ষা কৰিব ৷ মাটি প্ৰস্তুতি শালি ধান কটাৰ পিছত পথাৰত জীপ থাকোতেই দ’কৈ সমাৰ বাই থব যাতে নৰাবোৰ পচিবলৈ সময় পায় আৰু শালিত হোৱা বেমাৰ, পোক-পতঙ্গ আদি মৰে ৷ ৰোৱাৰ এমাহমান আগতে গোবৰ, পচন সাৰ দি এচাহ মাৰিব ৷ আলিবোৰ বাতি তিনিদিন মান পানী ভৰাই থ’ব ৷ চাৰি–ছয় চাহেৰে বোকা দিব ৷ শেষৰ চাহৰ আগে আগে সাৰ প্ৰয়োগ কৰিব ৷ মাটিৰ ওপৰ ভাগ যিমান পাৰি সমান কৰি ল’ব ৷ সাৰ প্ৰয়োগ সাৰ প্ৰয়োগ কৰাৰ সময়ত পানী কমাই ৰাখিব ৷ বিঘাই প্ৰতি ১২ কি:গ্ৰাম ইউৰীয়া, ১৭ কি:গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪ কি:গ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰ লাগে ৷ ৰোৱাৰ সময়ত ইউৰীয়াৰ আধা, একক চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাচৰ সম্পূৰ্ণ ভাগ, শেষৰ চাহৰ আগে আগে প্ৰয়োগ কৰিব যাতে হালৰ লগত মাটিত মিহলি হৈ যায় ৷ বাকী থকা ইউৰীয়াৰ আধাভাগ পোখা মেলাৰ সময়ত (২০-২৫ দিনত) আৰু বাকী আধা মনি ধৰাৰ আৰাম্ভণিতে (৪০-৪৫ দিনত) টপদেচ কৰিব ৷ টপদেচ কৰি উঠিয়েই নিৰণি যন্ত্ৰ শাৰীৰ মাজত চলাই সাৰখিনি মাটিত মিহলি কৰি ল’ব ৷ ৰোৱা কঠীয়াৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখিব ৷ যিমান মহীয়া জাত সিমান সপ্তাহৰ কঠীয়া ৰুব ৷ কমদিনীয়া জাতৰ বুঢ়া কঠীয়া ৰুলে একেলগে নপকে ৷ ৰোওঁতে হেলনীয়াকৈ নুৰুব, হেলনীয়াকৈ ৰুলে সজাল ধৰাত আৰু পোন হওঁতে সময় ল’ব ৷ কঠীয়া একেবাৰে ওপৰতে ৰুব (১” ইঞ্চি) ৷ বেচি দ’ত ৰুলে নতুন শিপা আৰু পোখা মেলোতে বিসঙ্গতি হয় আৰু একেলগে নপকে ৷ যিমান পাৰি ঘনাই ৰুব ৷ চাৰিমহীয়া জাত ৮” X ৬”ইঞ্চি দুৰত আৰু তিনিমহীয়া জাত ৬” X ৪”ইঞ্চি দুৰত ৰুব ৷ সেৰেঙা কৰিলে শেষলৈকে পোখা মেলি থাকিব ৷ ফলত থোক চুটি হ’ব আৰু একেলগে নপকিব ৷ গোছত কঠীয়া দুডালকৈ দিব ৷ ৰোৱাৰ এসপ্তাহৰ ভিতৰত মাজে মাজে মৰি যোৱা গোছাবোৰ একে বয়সৰ কঠীয়াৰে পুৰাই দিব ৷ ধান চপোৱা আহু ধান কটাৰ সময়ত বৰষুণ হৈ থাকিলে থোকতে গজালি ওলাব পাৰে ৷ ধান ৫০% ভাগ ফুল ফুলাৰ ৩০-৩৫ দিনৰ পিচৰ পৰা চপাব পৰা হয় ৷ সেইমতে বতৰ চাই ৩০ দিনৰ পৰা চপোৱাৰ চেষ্টা কৰিব ৷ বতৰ ভাল নহ’লে ৪০ দিনলৈকে বাট চাব পাৰিব ৷ ধান কাটি মুঠিবোৰ ওপৰ মোৱাকৈ ৰাখি পথাৰতে শুকাবলৈ দিব ৷ পথাৰত পানী থাকিলে বাহঁৰ ডাং বান্ধি শুকুৱাওঁক ৷ নুশুকুৱাকৈ জাপি ৰাখিলে বতৰৰ বাবে গাপ লাগিব নাইবা গজালি ওলাব ৷ যিমান পাৰি সোনকালে মৰণা মাৰি শুকুৱাই গুটি ধানহে ৰাখিব ৷ উন্নত জাতৰ শালি ধানৰ কৃষি পদ্ধতি পথাৰ প্ৰস্তুতি কঠীয়া ৰোৱাৰ কমেও তিনি সপ্তাহ আগেয়ে প্ৰথম চাহ সমাৰ বাব লাগে ৷ কঠীয়া ৰোৱাৰ আগে আগে বোকা দিলেই হ'ল ৷ আগতীয়াকৈ হাল বাই থলে বন-বাতবোৰ গেলি পঁচি পচনসাৰ তৈয়াৰ হোৱাত সহায় হয় ৷ সোমাই থকা পোক-পৰুৱাবোৰ ধবংস হয় ৷ পথাৰখন যিমান পাৰে সমান কৰিব লাগে ৷ সমান কৰিলে পানী ৰাখিবলৈ ভাল আৰু সাৰ প্ৰয়োগত অধিক সুফল পোৱা যায় ৷ পথাৰ ডৰাৰ চাৰিও কাষ পৰিষ্কাৰ কৰি ৰাখিলে পোক-পৰুৱাৰ বংশ বৃদ্ধি আৰু আক্ৰমণ যথেষ্ট কমি থাকে ৷ সাৰৰ পৰিমাণ বিঘাই প্ৰতি ১৫০০ কি:গ্ৰাম (অনুমানিক ১৫০ পাচি) পচনসাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে ৷ ইয়াৰ উপৰিও প্ৰয়োজন হোৱা ৰাসায়নিক সাৰৰ পৰিমাণ এনে ধৰণৰ:- সাৰৰ নাম একক চুপাৰ ফচফেট দিলে (বিঘাই প্ৰতি) কিলোগ্ৰাম হিচাপত ডি,এ,পি দিলে (বিঘাই প্ৰতি) কিলোগ্ৰাম হিচাপত অৰ্দ্ধচাপৰ জাতৰ বাবে: ইউৰীয়া ১২ ১০ ডি,এ,পি ০ ৬ একক চুপাৰ ফচফেট ১৭ ০ মিউৰিয়েট অৱ পটাচ্ ৪ ৪ ওখ জাতৰ বাবে: ইউৰীয়া ৬ ৫ ডি,এ,পি ০ ৩ একক চুপাৰ ফচফেট ৮ ০ মিউৰিয়েট অৱ পটাচ্ ২ ২ সাৰ প্ৰয়োগৰ সময় কমদিনীয়া (১০০-১২০) জাতৰ বাবে শেষৰ বাৰ মাটি চাহ কৰা সময়ত আধাভাগ ইউৰীয়া অৰ্থাৎ ৬ কি:গাম, সমুদায় একক চুপাৰ ফচফেট্ আৰু মিউৰিয়েট অৱ পটাচ্ প্ৰয়োগ কৰিব ৷ বাকী আধাভাগ ইউৰীয়া অৰ্থাৎ ৬ কি:গাম পোখা মেলাৰ (২০-২৫ দিনত) সময়ত প্ৰয়োগ কৰিব ৷ মধ্যকালীন আৰু দীৰ্ঘকালীন (১২০-১৫০) জাতৰ বাবে শেষৰবাৰ মাটি বোকা কৰা সময়ত আধাভাগ ইউৰীয়া (অৰ্থাৎ ৬ কি:গাম), সমুদায় একক চুপাৰ ফচফেট্ আৰু মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷ বাকী থকা ইউৰীয়াৰ আধাভাগ পোখা মেলাৰ সময়ত (কঠীয়া ৰোৱাৰ পৰা ২০-৩০ দিনৰ ভিতৰত) আৰু আধাভাগ মনি ধৰাৰ আৰশনিতে (কঠীয়া ৰোৱাৰ পৰা ৪৫-৫০ দিনৰ ভিতৰত) প্ৰয়োগ কৰিব ৷ কঠীয়াৰ বয়স আৰু ৰোৱাৰ দুৰত্ব জাত বয়স (দিন হিচাপত) শাৰী আৰু পুলিৰ দুৰত্ব (চে:মি:) অতি কমদিনীয়া জাত (১০০ দিনৰ ভিতৰত) ২১-২৫ ১৫x১০ বা ১০x১০ (৬"x৪") বা (৪"x৪") কমদিনীয়া আৰু মধ্যকালীন জাত (১২০ দিন) ২৫-২৮ ২০x১৫ (৮"x৬") মধ্যকালীন জাত (১২০-১৩০ দিন) ২৫-৩০ ২০x১৫ (৮"x৬") দীৰ্ঘকালীন জাত (১৩০ দিনৰ বেচি) ৩০-৩৫ ২০x২০ (৮"x ৮") মাচুৰি ৩০-৩৫ ৩০-৩৫x২০ (১০"x ৮") মনোহৰ শালি আৰু অন্যান্য ওখ জাত ৩৫-৫৫ ২৫x২৫ (১০"x ১০") তলৰ শাৰী বন্ধনীত থকা বোৰইঞি হিচাপত প্ৰয়োজনীয় কথা অধিক উৎপাদনক্ষম দীৰ্ঘদিনীয়া যেনে: বাহাদুৰ, ৰিঞ্জৎ আদি জাতৰ ক্ষেত্ৰত দুৰত ২০ x ১৫ চে:মি: ও দিব পাৰি ৷ অধিক উৎপাদনক্ষম কমদিনীয়া শেহতীয়া শালিৰ ক্ষেত্ৰত দুৰত ১৫ x ১০ চে:মি: বা ১০ x ১০ চে:মি: ও দিব পাৰি ৷ গোছে প্ৰতি কঠীয়াৰ সংখ্যা জুলাই মাহত (সময়মতে ৰোৱা) ৰোৱা খেতিত ২-৩ ডাল ৷ অতি কমদিনীয়া কিন্তু শেহতীয়াকৈ ৰোৱাত ২-৩ ডাল ৷ চেপ্তেম্বৰত অৰ্থাৎ শেহতীয়া ৰোৱা খেতিত (দীৰ্ঘকালীন বা ওখ জাত) ৬-৭ ডাল ৷ কঠীয়া ৰোৱাৰ গভীৰতা যি কোনো জাতৰ বা যি কোনো সময়তে ৰোৱা কঠীয়া ৪-৫ চে:মি: (১-২ইঞি) দত ৰুব লাগে কঠীয়া বেছি দ কৈ ৰুলে শিপা আৰু গছ বাঢ়োতে পলম হয় ৷ বনবাত নিয়ন্ত্ৰণ কঠীয়া ৰোৱাৰ ২০-২৫ দিন আৰু ৪০-৫০ দিনৰ ভিতৰত শাৰীবোৰৰ মাজত গছকি দি অথবা নিৰণি যন্ত্ৰৰ সহয়েৰে বনবাত নিয়ণ্ত্ৰণ কৰিব ৷ সেই সময়ত টপদেচ কৰিলে সাৰ মাটিত ভালদৰে মিহলি হয়৷ পথাৰখন আগতীয়াকৈ হাল বাই থলে বনবাত সহজে গজি উঠি অনষ্টি কৰিব নোৱাৰে৷ ভালকৈ প্ৰস্তুত হোৱা পথাৰত সদায় হিচাবত পানী ৰাখিব পাৰিলে (২"-৩") বনবাত সহজে নাবাঢ়ে ৷ বনবাতবোৰ পথাৰৰ মাজত গছকি বা নিৰণি যন্ত্ৰৰে সুমুৱাই দিলে সেইবোৰ পচি সাৰ হয় ৷ পথাৰত পানী ৰখাৰ ব্যৱস্থা পথাৰত পানী ৰখাৰ ব্যৱস্থা কঠীয়া ৰোৱাৰ ২-৩ দিন পিছৰ পৰাই খেতি চপোৱাৰ ৭-৮ দিন আগলৈকে ধাননী পথাৰত ৩-৪ চে:মি: (২ ইঞি) পানী ৰখাৰ প্ৰয়োজন৷ গোটেই পথাৰ ডৰাত সমানে পানী ৰাখিবলৈ হ’লে পথাৰ ডৰা সমান হোৱা প্ৰয়োজন৷ নহলে উৎপাদনৰ তাৰতম্য হয়৷ জলসিঞ্চন কৰিলে এবাৰ ২" - ৩" পানী সুমুৱাই বন্ধ পানী নাইকিয়া হোৱাৰ পিছত পুনৰ পানী ভৰাই দিব লাগে৷ ধাননী পথাৰৰ মাটি কঠীয়া ৰোৱাৰ পিছত কেতিয়াও ফাটি যোৱাকৈ শুকাবলৈ নিদিব ৷ অন্তত: জেক ৰখাকৈ পানীৰ ব্যৱস্থা কৰিব ৷ পথাৰ ডৰাত ১০-১৫ দিন পানী বন্ধ হৈ থাকিলে পানীৰ ওপৰত এটা চামনি পৰে ৷ ফলত গছে বায়ুৰ পৰা খাদ্য আহৰণ আৰু উশাহ নিশাহ লোৱাত অসুবিধা হয় ৷ তেনে ক্ষেত্ৰত পাৰিলে মাজতে পানী উলিয়াই দিলে বা নিৰণি যন্ত্ৰ চলালে উৎপাদন বৃদ্ধি হয় ৷ অন্যথা শাৰীবোৰৰ মাজত খোজ কাঢ়ি দিলেও হয় ৷ ৰোৱা মাটি ডৰাত পানী বেছি হ’লে পথাৰ ডৰাৰ পানী উলিয়াবৰ বাবে আলি কাটিলে একেফালে নাকাটিব ৷ ধানৰ পোখা মেলা, ফুলফুলা বা মনিধৰাৰ সময়ত পানী ৰখাটো অত্যন্ত্ত প্ৰয়োজনীয় অন্যথা উৎপাদন হাস নিশ্চিত৷ উন্নত জাতৰ বৰোধানৰ কৃষি পদ্ধতি উন্নত জাতৰ বৰোধানৰ কৃষি পদ্ধতি পথাৰ প্ৰস্তুতি পথাৰখন ৩-৪ বাৰ হাল বাই মৈয়াই লব ৷ সাৰৰ পৰিমাণ বৰাক উপত্যকা আৰু মধ্য অসম মশলৰ বাদে বাকী সকলো অঞ্চলত ৷ সাৰৰ নাম অতি দ’ অঞ্চল দ’ অঞ্চলৰ আশে পাশে পানী যোগান ধৰিলে (বিঘাই প্ৰতি কিলোগাম) ইউৰীয়া ০ ১২ ১৮ একক চুপাৰ ফচ্ফেট ০ ১৭ ২৭ মিউৰিয়েট অৱ পটাচ ০ ৪ ৬ বৰাক উপত্যকা আৰু মধ্য বশপুত্ৰ মশলৰ দ অঞ্চলৰ আশে পাশে বিঘাই প্ৰতি ৫ কি:গাম ইউৰীয়া, ৯ কি:গাম একক চুপাৰ ফচফেট আৰু ২ কি:গাম মিউৰিয়েট অৱ পটাচৰ প্ৰয়োজন সাৰ প্ৰয়োগৰ সময় জলাহ বা দ অঞ্চলত কঠীয়া ৰোৱাৰ সময়ত সাৰ প্ৰয়োগৰ প্ৰয়োজন নাই ৷ দ অঞ্চলৰ আশে পাশে কৰা খেতিত সমুদায় ইউৰীয়া একক চুপাৰ ফচ্ফেট আৰু মিউৰিয়েট অৱ পটাচ্ কঠীয়া ৰোৱাৰ ২০-২৫ দিনৰ পিছত টপ্দেচিং কৰিব ৷ পানী যোগান ব্যৱস্থা থকা খেতিত ৬ কি:গাম ইউৰীয়া, সমুদায় একক চুপাৰ ফচ্ফেট আৰু মিউৰিয়েট অৱ পটাচ্ শেষৰ চাহ হাল বোৱাৰ আগে আগে প্ৰয়োগ কৰিব ৷ দ্বিতীয় ৬ কি:গাম পোখা মেলাৰ সময়ত আৰু বাকী থকা ৬ কি: গাম ইউৰীয়া মনি ধৰাৰ আৰম্ভণিতে প্ৰয়োগ কৰিব ৷ জলসিঞ্চত অঞ্চলত একক চুপাৰ ফচ্ফেট দ্বিতীয় ৬ কি:গাম ইউৰীয়া টপদেচিং কৰাৰ সময়ত একেলগে প্ৰয়োগ কৰিবও পাৰে ৷ গোছে প্ৰতি কঠীয়াৰ সংখ্যা বিষ্ণুপসাদ, জ্যেতিপসাদ, জয়মতী, বৰো-১, বৰো-২, কৃষ্ণা ধানৰ বাবে গোছে প্ৰতি ২ ডালকৈ কঠীয়া আৰু কালচাৰ-১ (কলিঙ্গ-৩) ধানৰ কঠীয়াৰ সংখ্যা ৩ ডাল হব লাগে ৷ কঠীয়া ৰোৱাৰ গভীৰতা সকলো জাতৰ কঠীয়াই ১-২" (২-৫ চে:মি:) দত ৰুব ৷ কঠীয়া ৰোৱাৰ দুৰত্ব মাচুৰী, বৰো-১, বৰো-২ জাতৰ বাবে শাৰীৰ পৰা শাৰীলৈ ২৫ চে:মি: আৰু গোছাৰ পৰা গোছালৈ ২০ চে:মি: হব লাগে ৷ বিষ্ণুপসাদ, জ্যোতিপসাদ, জয়মতী, কলিঙ্গঁ-২, কৃষ্ণা আৰু কালচাৰ-১ জাতৰ বাবে শাৰীৰ পৰা শাৰীলৈ ২০ চে:মি: আৰু গোছাৰ পৰা গোছালৈ ২০ চে:মি: হব লাগে ৷ বেছি ঘনকৈ কঠীয়া ৰুলে গছ ভালকৈ বাঢ়িব নোৱাৰে আৰু গুটি কম হয় ৷ বেছি দূৰে দূৰে কঠীয়া ৰুলে বনবাত বেছি হোৱাৰ উপৰিও থোকৰ সংখ্যা কমি উৎপাদন যথেষ্ট হাস পাব ৷ খালি ঠাই পূৰ কৰা কোনো কোনো ঠাইত কঠীয়া ৰোৱাৰ পিচত মৰিলে ৭-১০ দিনৰ ভিতৰত একে বয়সৰ কঠীয়া ৰুই দিব লাগে ৷ খালি হোৱা ঠাইত বেছি পলমকৈ কঠীয়া ৰুলে সকলো ধান একেলগে পূৰঠ নহয় ৷ পানী যোগান ব্যৱস্হা শীত কালত বৰষুণ কম হয় বাবে সাধাৰণতে পানী থকা ঠাইতহে এনে খেতি কৰা উচিত ৷ পানী যোগান ব্যৱস্থা থাকিলে পথাৰত ২"ইঞি (৫ চে:মি:) পানী কঠীয়া ৰোৱাৰ ২-৩ দিন পিছৰে পৰা ধান চপোৱাৰ ৭-১০ দিনৰ আগলৈকে ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷ অবিৰত ভাৱে পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰিলে অন্তত: পথাৰত পানী শকাই যোৱাৰ ৩ দিনৰ পিছত পানী যোগান ধৰিলেও সুফল পোৱা যায় ৷ শীত কালত খেতিত ৰাতিপুৱাই অগভীৰ নলীনাদৰ পানী যোগান ধৰিলে পানীৰ উষ্ণতা বাঢ়ে আৰু গছ বঢ়াত সহায় হয় ৷ বনবাত নিয়ন্ত্ৰণ কঠীয়া ৰোৱাৰ ২০ দিন আৰু ৪০ দিনৰ পিছত এবাৰকৈ বনবাত নিৰাই দিব লাগে ৷ ইউৰীয়া টপদেচিং কৰাৰ পিছতে নিৰণি যন্ত্ৰ বা শাৰীৰ মাজত গছকি দিলে বনবাত নিয়ণ্ত্ৰণ হোৱাৰ লগতে ইউৰীয়া সাৰখিনিও মাটিৰ লগত ভালদৰে মিহলি হোৱাত সহায় হয় ৷ সাৰ প্ৰয়োগৰ খুটি নাটি ৰাসায়নিক সাৰ দিলে মাটি বেয়া নহয় ৷ কেৱল প্ৰয়োগৰ মাত্ৰা সঠিক আৰু সুষম হোৱা উচিত ৷ ৰাসায়নিক সাৰৰ লগত পৰ্য্যাদ্ভ: পৰিমাণে সেউজ সাৰ, গোবৰ বা পচন সাৰ প্ৰয়োগ কৰা উচিত ৷ সাৰ প্ৰয়োগৰ সময়ত বেচি পানী নাৰাখিব ৷ লাগিলে ২-৩ দিন ৰওক ৷ পথাৰত ২-৩ ইঞি পানী থাকিলে সাৰ প্ৰয়োগ কৰিব পাৰে ৷ সাৰ সদায় ধানৰ মাজৰ মাটিত প্ৰয়োগ কৰিব ৷ পাতত সাৰ ছটিয়াব নালাগে ৷ বোৱতী পানীৰ পথাৰত সাৰ প্ৰয়োগ নকৰিব ৷ সাৰ নষ্ট হয় ৷ কম পানীত ভেটা মাৰি লৈ সাৰ প্ৰয়োগ কৰিব পাৰে ৷ সাৰ প্ৰয়োগৰ লগে লগে বনবাত নিৰণি কৰিব নহ’লে বনবাতে অধিকাংশ সাৰ গহণ কৰি শস্য ডৰা নশিকটীয়া কৰে ৷ সাৰ প্ৰয়োগ কৰিয়েই নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিলে সাৰ ভাগ মাটিত ভালকৈ মিহলি হয় ৷ অন্যথা মাটি ভালকৈ গছকি যাব লাগে ৷ থলুৱা ধানতকৈ অধিক উৎপাদনক্ষম ধানৰ খাদ্য আহৰণ ক্ষমতা বেচি বাবে সাৰৰ প্ৰয়োজনীয়তা বেছি ৷ বেছি পানী থকা পথাৰত ইউৰীয়া সাৰ টপ্দেচ কৰিব লগা হ’লে ১০ কি:গাম গোবৰৰ লগত ১কি:গাম ইউৰীয়া সাৰৰ হিচাপত মিহলাই গাপ দি প্ৰয়োগ কৰিব ৷ ইউৰীয়া সাৰ সদায় ভাগ ভাগ কৰি প্ৰয়োগ কৰিব লাগে আৰু প্ৰয়োগ কৰি মাটিত মিহলোৱাৰ ব্যৱস্থা কৰিব লাগে৷ ইউৰীয়া আৰু একক চুপাৰ ফচ্ফেট একেলগে মিহলি কৰি নথ'ব, লদা বান্ধি সাৰখিনি নস্ত হয় ৷ ধান ৰোৱাৰ দুমাহ আগতে সেউজ সাৰ পথাৰত সিচিঁ থৈ ৪৫-৫০ দিনত কাটি হাল বাই পথাৰত মিহলি কৰি দিব লাগে ৷ সেউজ সাৰ দিয়া পথাৰত ইউৰীয়াৰ হাৰ শতকৰা ২৫-৫০ ভাগলৈকে কমাব পাৰি ৷ অন্যথা ইউৰীয়া সাৰৰ অপচয় ৰোধ কৰিবলৈ "নীমিন" (নিমৰ ৰসেৰে তৈয়াৰী লালি) দুচামোচ ১ কি:গাম ইউৰীয়াৰ লগত সানি প্ৰয়োগ কৰিব পাৰে ৷ ধানৰ অনিষ্টকাৰী কীট-পতঙ্গ চিনাক্তকৰণ কঠীয়াতলীত পাত ওকণীয়ে মজা খোৱাই আক্ৰমণ কৰিলে দুই এডাল কঠীয়া ৰঙচুৱা হয় ৷ এনেবোৰ কঠীয়া টানি দিলে সহজে উঠি আহে ৷ পথাৰত টুপলিকটাই পাতৰ আগবোৰ কুটি তাৰে বাহঁ সাজে ৷ এই বাহঁৰ মাজত লুকাই থাকি ইহঁতে পাতৰ সেউজীয়া অংশখিনি খায় ৷ আক্ৰান্ত পাত খিলা উজ্জ্বল বগা বৰণৰ হৈ জিলিকি উঠে ৷ চৰহাই আক্ৰমণ কৰিলে পাতত সমান্তৰাল বগা দাগ পৰে ৷ আক্ৰমণৰ মাত্ৰা বেছি হলে পাতবোৰ খেৰ বৰণীয়া হয় ৷ পাতমেৰোৱা পোকে পাতখিলা মেৰিয়াই ভিতৰত লুকাই থাকি পাতৰ সেউজীয়া অংশখিনি খায় ৷ মেৰবোৰ খুলি দিলে বগা দাগবোৰ জিলিকি উঠে ৷ মজা খোৱাই পোখা মেলাৰ সময়ত আক্ৰমণ কৰিলে আক্ৰান্ত পোখাবোৰ ৰঙচুৱা হয় এনেবোৰ পোখা টানি দিলে সহজে উঠি আহে ৷ আনহাতে ইহঁতৰ আক্ৰমণ ফুলফলাৰ পিছত হলে ধানৰ থোকবোৰ পতান হয় ৷ বগা বৰণৰ পতান হোৱা থোকবোৰ টানি দিলে সহজে উঠি আহে ৷ পিয়াঁজী পোকে নতুন পোখা আক্ৰমণ কৰে ৷ আক্ৰান্ত পোখাবোৰ বাঢ়িব নোৱাৰে আৰু পিয়াঁজৰ নলৰ দৰে হয় ৷ সেউজীয়া পাত সোহাই আক্ৰমণ কৰিলে পাতত সৰু বগা ফুটফটীয়া দাগ পৰে ৷ ভাইৰাচ বেমাৰৰ বীজানুবাহক এই পাত সোহাই (পায় ২ মি:মি: দৈৰ্ঘ্য) আক্ৰমণ কৰিলে আক্ৰান্ত গছজোপাত বেমাৰৰ লক্ষণ পৰিলক্ষিত হয়৷ বগা পিঠিয়া সোহনী পোকে গা-গছৰ গুৰি ভাগৰ পৰা ৰস শহি খায় ৷ আক্ৰান্ত গছজোপা পথমে কমলা বৰণীয়া হয় ৷ পিছলৈ গছ-পাতবোৰ মূগাবৰণীয়া হৈ শকাই যায় ৷ সৰু ঘুৰণীয়া অংশত দেখা দিয়া এই আক্ৰমণৰ লক্ষণ পিছলৈ ক্ৰমে বাঢ়ি যায় ৷ গান্ধী পোকে ধানৰ গাখীৰতী অৱস্থাত থোকত পৰি ৰস শহি খায় ৷ আক্ৰান্ত ধানবোৰত মুগা বৰণীয়া ফুট একোটা দেখা যায় আক্ৰমণৰ মাত্ৰা বেচি হলে ধানবোৰ পতান হয় ৷ শুৰ পোকে বান আক্ৰান্ত অষ্টলত গছৰ পাতত আক্ৰমণ কৰে ৷ কজলা বা গাঢ় সেউজীয়া বৰণৰ পায় ২-৩ ইষ্টিমান দীঘল পলুবোৰ আক্ৰমণ কৰিলে গছবোৰ কাঁচিৰে কটাৰ দৰে হয় ৷ কেওকটা পোকে পুৰঠ গছৰ পাত আৰু থোকত আক্ৰমণ কৰে ৷ সু সংহত শস্যৰক্ষাৰ কৌশল কঠীয়াতলিত কঠীয়া সিঁচাৰ দহদিন মানৰ পিছত হাত এখন পানীত তিয়াই কঠীয়া ডৰাৰ ওপৰেদি চলাই দিলে ক'লা বৰণৰ পাত ওকণীবোৰ হাতৰ তলুৱাত লাগি অহা দেখিব ৷ খৰাং বতৰত ইহঁতৰ আক্ৰমণৰ মাত্ৰা বেছি হয় ৷ পাত ওকণি নিয়ণ্ত্ৰণ কৰিবলৈ ইহঁতক দেখাৰ পিছতে ইকালক্স ১০ ইচি নামৰ ঔষধৰ দুচামোচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷ মজাখোৱাৰ আক্ৰমণ দেখিলে মনক্ৰট’ফচ্ ৩৬ ইচি এচামোচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷ কঠীয়া উঠোৱাৰ এসপ্তাহৰ আগেয়ে কঠীয়াডৰাত ফুৰাডন ৩ জি দানাজাতীয় ঔষধৰ ৩-৫ গাম প্ৰতি বৰ্গমিটাৰত ছটিয়াব ৷ এই অৱস্থাত কঠীয়াতলীত জীপ থকাৰ ব্যৱস্থা কৰিব ৷ পথাৰত মাঘ-ফাগুণত এবাৰ দ’কৈ হালবাই থ'লে মজাখোৱা আদিৰ পলু-লেটা বোৰ নষ্ট হ'ব ৷ ধানৰ জাতৰ কৃষিকাল অনুযায়ী সঠিক সময়ত ধান ৰুব ৷ সাধাৰণতে কমদিনীয়া জাত আগতে ৰুলে গান্ধীপোক বেছি হয় ৷আনহাতে দীৰ্ঘদিনীয়া জাত পলমকৈ ৰুলে মজাখোৱা, পিয়াঁজী পোক, চৰহা আদি বেছি হয় এখন পথাৰত পায় একে সময়তে ধান ৰুই শেষ কৰিবলৈ যত্ন কৰিব লাগে ৷ পলম হ’লে পথমে ৰোৱা ডৰাবোৰৰ পৰা পোক-পৰুৱা পিছত ৰোৱা ডৰালৈ বিয়পি পৰিব আৰু বেছি অনিষ্ট কৰিব ৷ দীৰ্ঘদিনীয়া জাত সময়মতে ৰুব নোৱাৰিলে (শাওণৰ পথম পষেকত) বুঢ়া কঠীয়া (৪০-৪৫ দিনীয়া) ব্যৱহাৰ কৰি পোক-পৰুৱাৰ আক্ৰমণ কিছু কম কৰিব পাৰি ৷ কঠীয়াৰ আগবোৰ কাটি ৰুব ৷ এনে কৰিলে মজাখোৱা আদিয়ে পাতৰ আগভাগত পাৰি থোৱা কণীবোৰ মূল পথাৰলৈ বিয়পিব নোৱাৰে ৷ নাইট্ৰোজেন যুক্ত সাৰ একেবাৰতে মাটিত প্ৰয়োগ নকৰি দুবাৰ বা তিনিবাৰত ভাগ কৰি দিব৷ এনে কৰিলে পোক-পৰুৱাৰ আক্ৰমণ কম হয় ৷ ধান ৰুই উঠাৰ পিছত ডৰাবিলাকত ঘনাই জেং পুতি দি পোক খোৱা চৰাই বহিবলৈ সুবিধা কৰি দিব ৷ ফুলফুলাৰ পিছত জেংবোৰ আঁতৰাই দিব যাতে ধান খোৱা চৰাই বহিবলৈ সুবিধা নাপায় ৷ টুপলিকটাৰ আক্ৰমণ হোৱা দেখিলে কেৰাচিন তেলত তিয়াই থোৱা ৰচি এদাল দুজনে দুমূৰে ধৰি ধাননী ডৰাৰ ওপৰেদি চলাই দিব ৷ চৰহা পৰা দেখিলে আক্ৰান্ত পাতবোৰ কাটি পথাৰৰ আঁতৰত পুতি দিব ৷ নতুবা বগৰী আদি কাঁইটীয়া গছৰ ডালেৰে দুদিন মানৰ অন্তৰে অন্তৰে ধানগছবোৰ কোবাই দিব ৷ থলুৱা পদ্ধতি (ITK) প্ৰয়োগ কৰি পোক-পৰুৱাৰ আক্ৰমণৰ মাত্ৰা কম কৰি ৰাখিবলৈ যত্ন কৰিব ৷ ধান পৰাপক্ষত গুৰিত কাটিব ৷ এনে কৰিলে মজাখোৱা আদিৰ পলু-লেটাবোৰ ধবংশ হয় ৷ ধাননীডৰা ভালদৰে নিৰীক্ষণ কৰি থাকিব ৷ পোক-পৰুৱাৰ আক্ৰমণৰ এটা নিৰ্দিষ্ট সীমা (তালিকা) পালেহে ঔষধ প্ৰয়োগ কৰিব ৷ অনিষ্টকাৰী কীট আক্ৰমণৰ সীমা ঔষধ পৰিমান প্ৰতি ৫ লি: পানীত টুপলীকটা গোছে প্ৰতি ১-২ বাঁহ কুইনালফচ্ ২০ ইচি মনক্ৰটফচ ৩৬ ইচি দুচামোচ এচামোচ চৰহা গোছে প্ৰতি ১-২ আক্ৰান্ত পাত নাইবা এটা পূৰ্ণাঙ্স কীট মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি এচামোচ দুচামোচ পাত মেৰোৱা গোছে প্ৰতি ১-২ আক্ৰান্ত পাত কুইনালফচ্ ২০ ইচি মনক্ৰটফচ ৩৬ ইচি দুচামোচ এচামোচ মজাখোৱা শতকৰা পাঁচ ভাগ আক্ৰান্ত পোখা বা ফুলফুলাৰ পিছত প্ৰতি বৰ্গমিটাৰত এজনী পখিলা মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি এচামোচ দুচামোচ পিয়াঁজী পোক শতকৰা পাঁচ ভাগ আক্ৰান্ত পোখা বা প্ৰতি বৰ্গমিটাৰত এডাল আক্ৰান্ত পোখা (পিয়াঁজী পদুৰ্ভাৱ অঞ্চলত) মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি এচামোচ দুচামোচ সেউজীয়া পাত সোঁহা গোছে প্ৰতি ৫-১০ টা চগা (ভাইৰাচ বেমাৰ পাদুৰ্ভাৱ অঞ্চলত গোছে প্ৰতি দুটা চগা) মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি এচামোচ দুচামোচ বাদামী সোহনী পোক গোছে প্ৰতি ৫-১০ টা চগা (ভাইৰাচ বেমাৰ পাদুৰ্ভাৱ অঞ্চলত গোছে প্ৰতি দুটা চগা) মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি এচামোচ দুচামোচ বগা পিঠিয়া সোহনী পোক গোছে প্ৰতি ৫-১০ টা চগা মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি এচামোচ দুচামোচ গান্ধী পোক গোছে প্ৰতি ২ টা মালাথিয়ন ৫% পাউদাৰ ৩কি:গাম প্ৰতি বিঘাত শূৰ পোক কেওকটা পোক গোছে প্ৰতি ১ টা পলু মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি মালাথিয়ন ৫% পাউদাৰ এচামোচ দুচামোচ ৩কি:গাম প্ৰতি বিঘাত ভঁৰালত ধান সঠিক সময়ত কাটিব ৷ পথাৰত বেচিকৈ পকিবলৈ থ’লে ৰ'দৰ তাপত ধানবোৰ ফাটিব আৰু এই ফাটবোৰেদি পোক-পৰুৱাৰ আক্ৰমণ হ'ব ৷ মৰণা মৰাৰ পিছত একে লেঠাৰিকৈ চোকা ৰ'দত ধান শুকাবলৈ নিদিব ৷ এনে কৰিলেও ধানবোৰ ফাটিব ৷ দিনটোৰ আগবেলা ৩-৪ ঘ্ৰুন্টাকৈ কম ৰ'দৰ তাপত প্ৰায় এসপ্তাহমান ধান শুকুৱাব ৷ এনে কৰিলে ধান ফটাৰ ভয় নাথাকে ৷ ধান ভৰোৱাৰ আগেয়ে ভঁৰালবোৰ ভালদৰে পৰিষ্কাৰ কৰি গোবৰ আৰু বালিৰে লিপি ল’ব ৷ প্ৰয়োজন হ’লে মালাথিয়নৰ ৫০ ইচি দুচামোচ একলিটাৰ পানীত মিহলাই বেৰবোৰত স্প্ৰে কৰিব ৷ প্ৰতি ১০০ বৰ্গমিটাৰ এলেকাৰ বেৰৰ বাবে তিনি লিটাৰ পানীৰ আৱশ্যক হ'ব ৷ ডুলি আদিত থোৱা ধানৰ মাজত নিমপাত ভৰাই থ'ব ৷ নিমপাতৰ গোন্ধত পোক পৰুৱা আঁতৰি থাকিব ৷ ফুটিপোক আদিৰ আক্ৰমণৰ মাত্ৰা বেছি হ’লে ফচ্ফিন নামৰ ধোৱাজাতীয় ঔষধৰ বড়ি প্ৰতি ১০০ কি:গাম ধানৰ মাজত এটাকৈ ভৰাই থ'ব ৷ এই ক্ষেত্ৰত ধানৰ ওপৰত পলিথিন এখন মেলি থ'ব যাতে ধোঁৱা বাহিৰ ওলাই নাযায়৷ সময় আৰু সুবিধা অনুযায়ী ভঁৰালৰ ধানখিনি ৰ'দত দি শুকুৱাই ৰাখিব ৷ ভঁৰালৰ ধানত কেতিয়াও ঔষধস্প্ৰে নকৰিব ৷ বীজৰ বাবে ৰখা ধানত মালাথিয়ন ৫% পাউদাৰ মিহলাই থ'ব পাৰে ৷ ভঁৰালত এন্দুৰৰ আক্ৰমণ কমাবলৈ বিষাক্ত টোপ ব্যৱহাৰ কৰিব ৷ ঔষধ প্ৰয়োগৰ নিয়ম ঔষধ প্ৰয়োগৰ আগেয়ে ঔষধ ব্যৱহাৰৰ আগেয়ে প্ৰয়োগৰ নিয়মাৱলী ভালদৰে পঢ়িব আৰু টেমা বা পেকেটত লিখা চন তাৰিখ চাই ঔষধৰ গুণাগুণ সম্পৰ্কে নিশ্চিত হৈ ল'ব ৷ অনুমোদিত ঔষধ ব্যৱহাৰ কৰিব ৷ ঔষধৰ পৰিমাণ স্প্ৰে যন্ত্ৰৰ আয়তন অনুযায়ী হিচাপ কৰি লব ৷ আৱশ্যক হোৱা ঔষধখিনি পোনে পোনে স্প্ৰে যন্ত্ৰত ঢালি নিদিব ৷ ঔষধখিনি এটা সৰু পাত্ৰত অলপ পানীৰ লগত মিহলাই মশিণ প্ৰস্তুত কৰি লব ৷ স্প্ৰে যন্ত্ৰত আধামান পানী ভৰাই ঔষধৰ মশিণটো লাহে লাহে স্প্ৰে যন্ত্ৰত ঢালি দি জোকাৰি লব ৷ ইয়াৰ পিছত বাকী থকা পানীখিনি ঢালি যন্ত্ৰটো পুৰ কৰি বন্ধ কৰিব ৷ বন্ধ যন্ত্ৰটো ভালদৰে জোকাৰি পাম্প দি স্প্ৰে কৰিবলৈ সাজু হ'ব ৷ বতৰটো লক্ষ্য কৰিব ৷ বৰষুণ দিয়াৰ সশাৱনা থাকিলে স্প্ৰে নকৰিব ৷ সদায় ৰাতিপুৱা বা আবেলি স্প্ৰে কৰিব ৷ ঔষধ প্ৰয়োগৰ সময়ত গামোছা আদিৰে নাক-মুখ ভালদৰে ঢাকি ল'ব ৷ বতাহৰ দিশ লক্ষ্য কৰিব ৷ বেচি বতাহ বলি থাকিলে স্প্ৰে নকৰিব ৷ মৃদু বতাহ বলি থাকিলে বতাহৰ দিশত স্প্ৰে কৰিব ৷ স্প্ৰে এনেদৰে কৰিব যাতে গছজোপা ভালদৰে তিতি যায় ৷ ঔষধ প্ৰয়োগৰ সময়ত তামোল,বিড়ি, চুৰট আদি পান নকৰিব ৷ শৰীৰৰ কৰবাত কটা-ছিঙা থাকিলে স্প্ৰে কৰাৰ পৰা বিৰত থাকিব ৷ ঔষধ প্ৰয়োগৰ পিছত স্প্ৰে যন্ত্ৰত ৰৈ যোৱা অৱশষ্টি ঔষধৰ মশিণখিনি আঁতৰত পেলাব ৷ স্প্ৰে যন্ত্ৰটো ভালদৰে পৰিপ্তাৰ কৰিব ৷ পুখুৰী, কুঁৱা আদিৰ পাৰত স্প্ৰে যন্ত্ৰ নুধুব ৷ ঔষধ শেষ হলে টেমা বা বটল দ' গাত কৰি পুতি দিব ৷ ঔষধ প্ৰয়োগৰ পিছত ভালদৰে হাত, ভৰি আৰু গা ধুব ৷ ঔষধৰ টেমা বা বটল সৰু লৰা-ছেৱালীয়ে সহজে বিচাৰি নোপোৱাকৈ লুকুৱাই থব ৷ গছৰ বয়স অনুযায়ী স্প্ৰে কৰিবলৈ আৱশ্যক হোৱা পানী পৰিমাণ কঠীয়াতলিত ৬৫-৮০ লিটাৰ প্ৰতি বিঘাত ধান ৰোৱাৰ ৩০ দিনলৈকে ২৫-৪০ লিটাৰ " " " ৩০-৩৫ দিনলৈকে ৬৫-৮০ লিটাৰ " " " ৫০ দিনৰ পিছত ৭০-১০০ লিটাৰ " ধানৰ প্ৰধান বেমাৰ সমূহৰ চিনাক্তকৰণ চৰক পৰা বা পাত জ্বলা গছৰ পাতত চকু বা মাকো সদৃশ দাগ পৰে ৷ দুই মূৰ জোঙা; মাজ অংশ ধোৱাঁ বা বগা বৰণ আৰু দাগৰ চাৰিও দিশ মুগা ৰঙেৰে আগুৰা ৷ পাচলৈ দাগবিলাক লগ লাগে আৰু পাত জ্বলি যায় ৷ ঠোৰ পচা ঠোকৰ গুৰি সংকোচিত হয় আৰু কলা পৰে ৷ পাছলৈ কলা পৰা অংশত ভাঙি যায় ৷ বেমাৰ গুটিলেও সংক্ৰমিত হয় ৷ মুগা দাগ পৰা পাতত মুগা ৰঙৰ ডিম্বাকৃতিৰ দাগ পৰে আৰু মাজৰ অংশ বগা ৷ দাগবিলাক সাধাৰণতে লগ নালাগে৷ বৌখা চবকা পৰা গছত চবকা চবক দাগ পৰে ৷ দাগ বিলাক সেউজীয়া ও ধোৱাঁ বৰণীয়া ৷ পাচলৈ লক্ষণ পাতত দেখা দিয়ে আৰু বৌখা ও পাতবিলাক দেই যায় ৷ বৌখা পচা ধোৱা মুগা বৰণৰ কিছুমান দাগ বিশেষকৈ থোক আবৰি থকা বৌখা অংশত পৰিলক্ষিত হয় ৷ থোক আধামান ওলায় বা কেতিয়াবা সম্পূৰ্ণ ওলাব নোৱাৰে ৷ বেক্টেৰীয়াজনিত ৰোগ পাত ও গছ লেৰেলা পৰা পয্ৰ্যায় পাত বিলাক হালধীয়া পৰে আৰু পথম গাঠিটো গুৰিৰ ফালে কলা পৰে আৰু পাচলৈ পাত লেৰেলা পৰি পানীত ওপঙি পৰে ৷ গছবিলাক চাপৰ হয় আৰু কম পোখা মেলে ৷ মাজে মাজে গছ মৰিও যায় ৷ পাত দেই যোৱা পয্ৰ্যায় পাতৰ মূৰ আৰু দাঁতিত পথমে সেউজীয়া ও ধোঁৱা বৰণীয়া দাগ সৃষ্টি হয় ৷ লাহে লাহে দাগবোৰ হালধীয়া বৰণ লৈ পাচলৈ বগা হৈ গোটেই পাত আগুৰি ধৰি শকাই যায় ৷ ধানৰ প্ৰধান বেমাৰ কেইটাৰ প্ৰতিকাৰ পাত জ্বলা প্ৰতিৰোধক জাত বাহাদুৰ, মনিৰাম, পিয়লী, কুশল, লুইত, কপিলী, কালচাৰ-১, গোবি্ৰুন্দ, আই আৰ.৩৬, এণ্ডিউ শালি, মনোহৰ শালি, জয়া, ৰাচী, আই,ই,টি - ১০০১৬, আই,ই,টি -“ ১০০২১ গুটি শোধন ডাইথেন এম ৪৫ কেপটাফ প্ৰতি কিলো বীজৰ বাবে ২.৫ গাম ঔষধৰ প্ৰয়োজন বেভিষ্টিন্ প্ৰতি কিলো বীজৰ বাবে ১ গাম ঔষধৰ প্ৰয়োজন ইউৰীয়া সাৰ সীমিতকৰণ টপদেচিং কৰিবলগীয়া ইউৰীয়া সাৰ তিনিভাগত, ৰোৱাৰ ২০, ৪০ আৰু ৬০ দিনত প্ৰয়োগ কৰিব বা বেমাৰৰ প্ৰকোপ বাঢ়িলে ইউৰীয়া ব্যৱহাৰ বন্ধ কৰিব ৷ ঔষধৰ ব্যৱহাৰৰ সীমা (ETL) ৰোৱা ধানৰ পায় ৫-১০% জ্বলাৰ পাচত নাইবা ২% ঠোৰ পচাৰ পাছতহে ঔষধ চতিয়াব ৷ ঔষধ স্প্ৰে হিন'চান ১ মি:লি: প্ৰতি লিটাৰ পানীত অথবা এচামুচ ঔষধ ৫ লিটাৰ পানীৰ হিচাপত নাইবা ১ গামকৈ টপচিন্ এম বা বেভিষ্টিন ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷ মুগা দাগ পৰা গুটি শোধন বেভিষ্টিনৰ বাহিৰে বাকী কেইটা ঔষধ ব্যৱহাৰ কৰিব ৷ পটাছ সাৰ প্ৰয়োগ মিউৰিয়েট অৱ পটাছ সাৰ ওপৰিঞ্চি (৪ কি: প্ৰতি বিঘাত) পথাৰত চতিয়াই বোকাৰ লগত মিহলি কৰি দিব ৷ ঔষধ স্প্ৰে ডাইথেন এম ৪৫ ঔষধ ২.৫ গাম প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে কৰিব ৷ বৌখা চবকা পৰা প্ৰতিৰোধক জাত বাহাদুৰ, ৰিদ্ভ—ত, মনিৰাম, পিয়লি, কুশল, লক্ষিমী, পদ্ভজ, মনোহৰ শালি, এণ্ডিউ শালি, বৰধান, বৰশ'ল পোনা, ইকৰা শালি ইত্যাদি ৷ পথাৰ পৰিচৰ্য্যা বেমাৰী পাতবোৰ কাটি নষ্ট কৰা ৷ ইউৰীয়া সাৰ সীমিত কৰণ ৷ ৰোৱাৰ দুৰত্ব বঢ়াই দিয়া ৷ নিৰণি কৰি চাফ চিকুণকৈ খেতি ডৰা প্ৰতিপালন কৰা ৷ বৌখা পচা প্ৰতিৰোধক জাত বাহাদুৰ, ৰিদ্ভ—ত, মনিৰাম, পিয়লি, কুশল, লক্ষিমী, পদ্ভজ, মনোহৰ শালি, এণ্ডিউ শালি, বৰধান, বৰশ'ল পোনা, ইকৰা শালি ইত্যাদি ৷ পথাৰ পৰিচৰ্য্যা বেমাৰী পাতবোৰ কাটি নষ্ট কৰা ৷ ইউৰীয়া সাৰ সীমিত কৰণ ৷ ৰোৱাৰ দুৰত্ব বঢ়াই দিয়া ৷ নিৰণি কৰি চাফ চিকুণকৈ খেতি ডৰা প্ৰতিপালন কৰা ৷ ঔষধ ব্যৱহাৰৰ সীমা (ETL) ৬-৭% গছত বেমাৰ হ’লেও ঔষধ চতিয়াব ৷ ঔষধ স্প্ৰে বেভিষ্টিন ১ গাম বা কনটাফ ২ মি:লি: প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে কৰিব ৷ বেক্টেৰীয়াজনিত ৰোগ পাত ও গছ লেৰেলা পৰা পৰ্য্যায় প্ৰতিৰোধক জাত পৃস্জ, বাহাদুৰ, মনিৰাম, মাচুৰী, ৰিদ্ভ—ৎ, পিয়লী গুটি শোধন ১০ কি: গাম গুটিৰ বাবে ষ্ট্ৰপটোচাইক্লিন, এগিমাইচিন বা পুচামাইচিন ঔষধ ৫ গাম হিচাপত লৈ শোধন কৰিব ৷ গোবৰত পানীৰ মশিণৰ স্প্ৰে কেঁচা গোবৰ (২০০ গাম প্ৰতিলিটাৰ পানীত) সাত দিনৰ অন্তৰে অন্তৰে কমেও তিনিবাৰ স্প্ৰে কৰক ৷ ওপৰিঞ্চি পটাচ সাৰ ৪ কি:গাম প্ৰতি বিঘাত (মিউৰিয়েট অৱ পটাচ) চটিয়াই বোকাৰ লগত মিহলি কৰিব ৷ পাত দেই যোৱা পৰ্য্যায় প্ৰতিৰোধক জাত বাহাদুৰ, ৰিদ্ভ—ত, মনিৰাম, পিয়লি, কুশল, লক্ষিমী, পদ্ভজ, মনোহৰ শালি, মাচুৰী, আই আৰ - ৩৬, ৰাচী, আই আৰ-৫০ জয়া ৷ নাইট্ৰোজেন সাৰ সীমিত কৰণ নাইট্ৰোজেন সাৰ সীমিত কৰণ নাইট্ৰোজেন সাৰৰ ব্যৱহাৰ বেমাৰ দেখা দিলে বন্ধ কৰি তাৰ পৰিবৰ্তে ওপৰিঞ্চি মিউৰিয়েট অৱ পটাচ ৪ কি:গাম প্ৰতি বিঘাত ব্যৱহাৰ কৰিব আৰু বোকাৰ লগত মিহলাই দিব ৷ পথাৰ পৰিচৰ্য্যা সঘনে বেমাৰ হৈ থকা পথাৰত কঠীয়াৰ আগ নাকাটিব ৷ বনবাত নিৰণি কৰি চাফ চিকুণকৈ খেতি ডৰাক পৰিচৰ্য্যা কৰিব ৷ মাধ্যমীয়া বা হ্ৰস্বকালীন জাত পৰাপক্ষত শাওনৰ শেষৰ ফালে ৰুব ৷ কেঁচা গোবৰ স্প্ৰে লেৰেলা পৰা পৰ্য্যায়ত উল্লেখ কৰাৰ দৰে স্প্ৰে কৰিব ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।