১. পানীৰ আৰু ট্রাইক'ডাৰমাৰ লগত বীজ মিহলি কৰি ১ কিলো্গ্রাম বীজৰ বাবে ৫ - ৬ গ্রাম ট্রাইক'ডাৰমা ভালদৰে ১০ গ্রাম পানীৰ লগত মিহলি কৰি ৩০ মিনিট মানৰ পৰা ১ ঘন্টা মান সময় সিঁচাৰ আগে আগে শুকাবলৈ দিব লাগে । ২. তিতা বীজ শোধন/ডুবাই কৰা পদ্ধতি ২০ -২৫ গ্রাম মান ট্রাইক'ডাৰমা ১ লিটাৰ পানীৰ লগত মিহলি কৰি তাত ১ ঘন্টামান বীজ / পুলি / আলু শিপা আদি তিয়াই থওক । তাৰ পিচত ১ ঘন্টা মান ছাঁত শুকুৱায় ৰোৱাৰ ব্যৱস্থা কৰিব লাগে । ৩. মাটিত ধালি প্রয়োগ কৰা ২০ - ২৫ গ্রাম মান ট্রাইক'ডাৰমা ১ লিটাৰ পৰিমাণৰ পানীত ভালদৰে মিহলি কৰি মাটিত প্রয়োগ কৰিব পাৰি । ৪. মাটিত প্রয়োগ ১০০ কিঃ গ্রাম শুকান গোবৰ , ১০ কিঃ গ্রাম খলিহৈ ভালদৰে মিহলি কৰি লব । প্রয়োজন হলে অলপ মান পানীও ব্যৱহাৰ কৰিব পাৰে । উপৰোক্ত মিশ্রণটোৰ লগত ১ কিঃ গ্রাম ব্যৱসায়িক ভিত্তিত ভাবে প্রস্ত্তত কৰি উলিওয়া ট্রাইক'ডাৰমা ভালদৰে মিহলি কৰি গোটেই মিশ্রণটো কলপাত অথবা খবৰ কাগজেৰে ৩ দিনমান ঢাকি ৰাখিব লাগে । ৪ দিনৰ দিনা আৱৰণ খন আঁতৰায় অলপমান পানী চতিয়াই ভালদৰে মিহলি কৰি আকৈ ভালদৰে ঢাকি ৰাখিব লাগে। ৭ দিনৰ দিনা মিশ্রণ খিনি আকৈ ভালদৰে মিহলি কৰি মাটিত প্রয়োগ কৰিব লাগে । ১ হেক্টৰ মাটিৰ কাৰণে প্রায় ৫০০ কিঃ গ্রাম শুকান গোবৰ , ৫০ কিঃ গ্রাম খলিহৈ আৰু ৫ কিঃ গ্রাম ট্রাইক'ডাৰমাৰ প্রয়োজন হয় । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।