বীজশোধনঃ মাহজাতীয় শস্য, সৰিয়হ আদিত বীজশোধন পদ্ধতিৰে জীৱাণুসাৰ প্ৰয়োগ কৰিব পাৰি। নিৰ্দিষ্ট প্ৰজাতিৰ জীৱাণুসাৰবিধৰ ৪০০ গ্ৰাম আধা লিটাৰ পৰিষ্কাৰ পানীত মিহলাই এই তৰল মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগে। এই মিশ্ৰণটোত ১০-১২ কেজি বীজ হাতেৰে মিহলাই বীজবোৰৰ ওপৰত জীৱাণুসাৰৰ মিশ্ৰণটোৰ এটা পাতল প্ৰলেপ দিব লাগে ইয়াৰ পিছত ছাঁত শুকুৱাই বীজবোৰ পথাৰত সিঁচি দিব লাগে। শিপাশোধনঃ বিভিন্ন ধৰণৰ পাচলি আৰু ধানত শিপাশোধন পদ্ধতিৰে জীৱাণুসাৰ প্ৰয়োগ কৰা হয়। ধানৰ বাবে পথাৰৰ এচুকত মাটিৰে ভেটা দি এটা গাত খান্দি তাত কিছু পানী ৰাখিব লাগে। এবিঘা মাটিৰ বাবে আধা কেজি এজ’স্পাইৰিলাম আৰু আধা কেজি পিএচবি সেই পানীত মিহলাই এটা তৰল প্ৰস্তুত কৰা হয়। ইয়াত অলপ শুকান গোবৰো দিব লাগে। এতিয়া ধানৰ তুলি অনা কঠিয়াৰ শিপাৰোৰ এই মিশ্ৰণত ৮-১২ ঘণ্টামান ডুবাই ৰাখি মূল পথাৰত শাৰী শাৰীকৈ ৰোপন কৰিব লাগে। মাটিত প্ৰয়োগঃ গোবৰ সাৰ বা পচন সাৰৰ সৈতে জীৱাণুসাৰ মিহলাই এৰাতি থৈ দিব লাগে। পিছত এই সাৰ পুলি ৰোৱাৰ আগে আগে মাটিত দিব লাগে। ভিন ভিন শস্যত প্ৰয়োগ কৰিবলগীয়া জীৱাণুসাৰৰ নাম, পৰিমান আৰু প্ৰয়োগ পদ্ধতি তলত দিয়া হৈছে। শস্য জীৱাণুসাৰৰ নাম জীৱাণুসাৰৰ পৰিমাণ প্ৰয়োগ পদ্ধতি ১) মাহজাতীয় শস্য বাইজবিয়াম পি.এচ.বি ২০০গ্ৰামকৈ/১০কেজি বীজৰ বাবে বীজশোধন ২) পথাৰশস্য এজট’বেক্টাৰ পি.এচ.বি ২০০গ্ৰামকৈ/১০কেজি বীজৰ বাবে বীজশোধন ৩) মৰাপাট এজ’স্পাইৰিলাম পি.এচ.বি ২০০গ্ৰামকৈ/১০কেজি বীজৰ বাবে বীজশোধন ৪) শাক-পাচলি(বিলাহী, বেঙেনা, ফুলকবি, বন্ধাকবি, জলকীয়া ইত্যাদি) এজ’স্পাইৰিলাম/এজট’বেক্টাৰ আৰু পি.এচ.বি ১ কেজিকৈ শিপাশোধন ৫) আলু, আদা, হালধি এজ’স্পাইৰিলাম/এজট’বেক্টাৰ আৰু পি.এচ.বি ৪ কেজিকৈ মাটিত প্ৰয়োগ(তিনি বিঘা মাটিৰ বাবে ১০ কে.জি পচনসাৰৰ লগত মিহলাই ২৪ ঘণ্টাৰ পাছত প্ৰয়োগ) উৎসঃ উদ্যান শস্য আৰু সংসাধন সঞ্চালকালয়, অসম