অনুমোদিত জাত লেচেৰা মাহ = নং ১০, নং ৪২/১, ই-চি ৪২১৬ ৰাইচবিন = কে-১ পথাৰ প্ৰস্ততি পানী জমা হব নোৱাৰা বা ওলাই যাব পৰা মাটি নিৰ্বাচন কৰিব লাগে ৷ মোল্ডবোৰ্ড নাঙলৰ দ্বাৰা হাল বাই ২-৩ বাৰ মৈয়াই মাটিডৰা প্ৰস্তুত কৰি লব লাগে৷ বীজ সিঁচাৰ সময় এপ্ৰিল-মে’ ৷ বীজৰ পৰিমান লেচেৰা মাহ = প্ৰতি হেক্টৰত ৫০ কি:গ্ৰাম ৷ ৰাইচবিন = প্ৰতি হেক্টৰত ২৫ কি:গ্ৰাম ৷ দূৰত্ব শাৰীৰ মাজত ৩৫ ছে:মিটাৰ ৷ গছৰ মাজত ১০ ছে:মিটাৰ ৷ সাৰ প্ৰয়োগ : হেক্টৰে প্ৰতি ৩-৪ টন নাইবা বিঘাই প্ৰতি ৪-৬ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব ৷ ফুষ্টি পৰিমান সাৰ সাৰৰ পৰিমান (কি:গ্ৰাম) হেক্টৰত বিঘাত নাইট্ৰোজেন ২০ ইউৰীয়া ৪৪ ৬ ফছফৰাছ ৪০ একক চুপাৰ ফছফেট ২৪৮ ৩৫ পটাছ ২০ মিউৰেট অৱ পটাছ ৩২ ৫ শস্য চপোৱা / কটা : বীজ সিঁচাৰ ৭০ দিনৰ পিছত ৷ সেউজীয়া ঘাঁহৰ উৎপাদন : প্ৰতি হেক্টৰত ২০-২৫ টন৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।