মাটি প্ৰস্তুতি মিহি আৰু পৰিষ্কাৰ বীজ তলি এখন প্ৰস্তুত হোৱাকৈ পথাৰডৰা দীঘে পথালিয়ে কেইবাবাৰো হাল বাই ল'ব৷ পিছত ৫-৬ বাৰমান মৈ দি জাবৰ জোঠৰ আদি বাচি আঁতৰ কৰি লব৷ মাটি নিৰ্বাচন ওখ, পলসুৱা আৰু বালিঅঁহীয়া মাটি উপযুক্ত৷ সিঁচাৰ সময় ১ ৷ মধ্য অসম পৰিমণ্ডলৰ বাবে জুন মাহ৷ ২ ৷ অন্যবোৰ পৰিমণ্ডলৰ বাবে জুলাই -আগষ্ট মাহ ৷ বীজৰ পৰিমান মৰাপাট শাৰীবদ্ধ পদ্ধতি সিঁচা পদ্ধতি কি:গ্ৰাম/হেক্টৰত কি:গ্ৰাম/বিঘাত কি:গ্ৰাম/হেক্টৰত কি:গ্ৰাম/বিঘাত তিতামৰা ৬ ৮০০ ১০ ১.৫ মিঠামৰা ৪ ৫৫০ ৭ ১ শস্য চপোৱা সম্পূর্ণ পূৰঠ হলেহে বীজৰ বাবে লোৱা গছবোৰ কাটি আনিব লাগে । কিন্ত্ত বীজৰ চিতাবোৰ ফাটি যোৱাৰ আগতেই কটা উচিত । বীজৰ বাবে মাটি অনা গছৰ পোলাবোৰ প্রথমতে শুকান চোতালত শুকাবলৈ দিব । ইয়াৰ পিচত মৰিয়াই বীজ বাহিৰ কৰিব । গছৰ পৰা উলিয়াই পোৱা বীজবোৰ জাৰিব,শুকাবলৈ দিব আৰু পিচত সংৰক্ষণ কৰিব পাৰি । বীজ উৎপাদন তিতামৰা: ৪-৫ কুইন্টল/হেক্টৰত মিঠামৰা:৩-৪ কুইন্টল/হেক্টৰত উৎস: অসম কৃষি বিশ্ববিদ্যালয়।