ধান খেতিত প্ৰয়োজনীয় ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰিবলৈ ১৫:১৫:১৫ অনুপাতত দানাযুক্ত মিশ্ৰিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰি ৷ প্ৰতি হেক্টৰত প্ৰয়োগ কৰা ১৩৩কি.গ্রা. (প্ৰতিবিঘাত ১৯ কি.গ্রা. ) ১৫ :১৫ :১৫ অনুপাতত মিশ্ৰিত সাৰপ্ৰতি হেক্টৰত প্ৰয়োগ কৰা ২০:২০:২০ অনুপাতৰ এন পি কে (বিঘাই প্ৰতি ৩:৩:৩ কি.গ্রা. এন পি কে)ৰ সমান ৷ পৰিপূৰক হিচাপে ৪৫ কি.গ্রা. ইউৰিয়া সাৰ প্ৰতি হেক্টৰত টপদ্ৰেছ হিচাপে প্ৰয়োগ কৰিলে হেক্টৰে প্ৰতি ৪০:২০:২০ কি.গ্রা.(বিঘাই প্ৰতি ৬:৩:৩ কি.গ্রা. ) এন পি কে পোৱা যায় ৷ আধা পৰিমাণৰ ইউৰিয়া সাৰ প্ৰয়োগ কৰিলে হেক্টৰে প্ৰতি ২০:১০:১০ কি.গ্রা. (বিঘাই প্ৰতি ৩:১.৫:৫ কি.গ্রা. ) এন পি কে পোৱা যায় ৷ ৰক ফচফেটৰ অনুমোদন: (চুপাৰ ফচফেট ব্যৱহাৰ নকৰিলে) দুবিধ শস্যৰ খেতি কৰিবলৈ হলে অৰ্থাৎ আহু ধানৰ কঠীয়া ৰোৱাৰ ২০ দিনমান আগেয়ে প্ৰতি হেক্টৰত ৬০ কি.গ্রা. ফচফৰাচ সাৰ (প্ৰতি হেক্টৰত ৩০০ কি.গ্রা.গ্ৰাম) এমাৰ পি ৰক ফচফেট হিচাবে প্ৰয়োগ কৰিব ৷ মাথো এবিধ ধানৰ খেতি কৰিলে কঠীয়া ৰোৱাৰ ২০ দিনৰ আগেয়ে প্ৰতি হেক্টৰত ৩০ কি.গ্রা. ফচফৰাচ (ৰক ফচফেট হিচাপে ১৫০ কি.গ্রা. ) প্ৰয়োগ কৰিব ৷ অনুমোদন অনুযায়ী পথৰুৱা সাৰ প্ৰয়োগ কৰিলে ৰক ফচফেটৰ পৰা ফচফৰাচ মুকলি হয়৷ নাইট্ৰ’জেন যুক্ত সাৰৰ পৰিপূৰক হিচাপে এজ’লাৰ প্ৰয়োগ কঠীয়া ৰোৱাৰ পিছত পথাৰত প্ৰতি হেক্টৰত ৫০০ কি.গ্রা.কৈ এজ’লা সিঁচি দিব লাগে ৷ পানীৰ ওপৰ ভাগ ঢাক খোৱাকৈ এজ’লা বোৰ ২-৩ সপ্তাহমান বাঢ়ি আহিবলৈ দিব লাগে ৷ পানীখিনি ঢ়াকখোৱাৰ পিছত এজ’লাবোৰ মাটিৰ সৈতে মিহলাই দিব নাইবা তাতে পঁচি যাবলৈ দিব ৷ এজ’লা কিছুমান পোক-পৰুৱাৰ দ্বাৰা আক্ৰান্ত হয় (যিবোৰ সাধাৰণতে ধানৰ পোক নহয়) ৷ তেনে হ’লে, আক্ৰান্ত অঞ্চলত প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ ফুৰাদন ৩ কেজি ঔষধৰ দানা ছটিয়াই দিব লাগে ৷ ৫০০ কি.গ্রা. সজীৱ এজ’লা পাবলৈ হলে ৪০০ বৰ্গ মিটাৰত পানী থকা অঞ্চল এটাত ১৬ কি.গ্রা. পুনি এৰি দিব আৰু ৩-৪ সপ্তাহ ডাঙৰ হবলৈ দিব ৷ এজ’লাৰ বাঢ়নৰ প্ৰতি লক্ষ্য ৰাখি নাইট’জেন সাৰৰ টপদ্ৰেছিং বন্ধ কৰিব পাৰি ৷ কঠীয়াৰ বয়স আৰু কঠীয়া ৰোৱাৰ দূৰত্ব: (ৰোৱা খেতিত) জাত বয়স (দিন) দুৰত্ব (চে:মি:) ১ ২ ৩ ১) হ্ৰস্ব মধ্যকালিন জাত (১২০ দিনলৈকে) ২৫ ২০ x৩০ ২) মধ্যকালীন জাত (১২০-১৩০ দিনলৈকে) ৩০-৪০ ২০ x ২০ ৩) দীৰ্ঘকালীন (১৩০দিনৰ অধিক) পংকজ ৩০-৪০ ২০ x ২০ সাবিত্ৰী ৩৫-৪০ ২০ x ২০ মাচুৰী ৩৫-৪০ ২৫ x ২০ মনোহৰ শালি আন থলুৱা জাত ৩৫-৪০ ২৫ x ২৫ সিঁচাৰ পৰা ৬০ দিন পৰ্য্যন্ত পংকজ ধানৰ কঠীয়া ৰুব পাৰি ৷(২০ আগষ্টৰ ভিতৰতে) ৷ শেহতীয়া শালিৰ কঠীয়াৰ বয়স আৰু দুৰত্ব (ৰোৱা পদ্ধতি) জাত বয়স (দিন) দূৰত্ব (চে:মি:) অৰ্দ্ধচাপৰ জাতৰ (কে-এম জে ১-১৯-১) ৫০-৫৫ ১৫ x ১৫ বিৰাজ ৫০-৫৫ ২০ x ১৫ ওখ জাতৰ ৫০-৫৫ ২০ x ১৫ পুন: শেহতীয়া খেতিত প্ৰতি হেক্টৰত ৪০:২০:২০ কি.গ্রা. এন পি কে এবাৰতে প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগে৷ প্ৰতি গোচত কঠীয়া: ১) নিয়মীয়া খেতিত ২-৩ ডাল কঠীয়া (জুলাই-আগষ্ট) ২) শেহতীয়া খেতিত ৪-৬ ডাল কঠীয়া (চেপ্তেম্বৰ) গভীৰতা: সকলো জাতৰ কঠীয়া ৪ৰ পৰা ৫ চে:মি: দকৈ ৰুব লাগে ৷ প্ৰতিপালন: কঠীয়া ৰোৱাৰ ২০ দিন আৰু ৪০ দিনৰ পিছত নিৰণি যন্ত্ৰেৰে বা কোৰেৰে দুবাৰ বনবাত নিৰাই দিব ৷ পথাৰ পৰিচালনা: শালিধানৰ বাবে কঠীয়া ৰোৱাৰ ৩ দিন পাছৰ পৰা ৫চে:মি: জলসিঞ্চনৰ পানী মধ্যমীয়া আৰু গধুৰ মাটিত ৰাখিব লাগে৷ পথাৰত শস্য ৰখাৰ ব্যৱস্থা [ক] পোক পৰুৱা পোক-পৰুৱাৰ উপদ্ৰৱৰ হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব৷ (১ নং তালিকা অনুযায়ী) যিবোৰ পোক –পৰুৱাৰ ক্ষেত্ৰত আৰ্থিক পৰিসীমা দিয়া হোৱা নাই সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখাৰ লগে লগে নিয়ন্ত্ৰণৰ ব্যৱস্হা লব ৷ ২ নং তালিকাৰ অনুমোদন অনুযায়ী বিভিন্ন পোক পৰুৱা নিয়ন্ত্ৰণ কৰিবলৈ ঔষধ প্ৰয়োগ কৰিব ৷ সাধাৰণতে থ্ৰিপছ (বীজতলীত), মজাখোৱা, চৰহা (শিৱসাগৰ, কাছাৰ, কৰিমগঞ্জ আৰু কামৰুপত ), টুপলিকটা পোক আৰু গলমিজে এই খেতি আক্ৰমণ কৰে ৷ ৰোগ ব্যাধিৰ ক্ষেত্ৰত সচৰাচৰ ব্লাষ্ট, পাতৰ চিৰাত হোৱা ব্লাষ্ট, পাতৰ বেক্টেৰিয়েল ব্লাইট আদি ৰোগে আক্ৰান্ত কৰা দেখা যায় ৷ পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে সতৰ্ক দৃষ্টি ৰখা প্ৰয়োজন ৷ [খ] বেমাৰ: ব্লাষ্ট: ক) এই ৰোগ সহ্য কৰিব পৰা ক্ষমতা থকা, মনোহৰ শালি, প্ৰসাদ, আই আৰ-৩৬, পংকজ, চি এইচ –৬৩, তৰাৱলী, কালচাৰ-১ জাতৰ খেতি কৰিব৷ খ) আগতে উল্লেখ কৰাৰ দৰে বীজবোৰ শোধন কৰি লব ৷ গ) ব্লাষ্ট ৰোগৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে যাতে সময়মতে ঔষধ স্প্ৰে কৰিব পাৰি ৷ ওপৰৰ ৫ খিলা পাত লক্ষ্য কৰিব, যদি পাতৰ শতকৰা ৫ভাগো এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে লগে লগে ঔষধ প্ৰয়োগ কৰিব ৷ সাধাৰণতে ৩ বাৰ ঔষধ স্প্ৰে কৰিলেই এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ পোখা মেলা সময়ত (কঠীয়া ৰোৱাৰ ৩০ দিন পিছত ) প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰামকৈ বেভিষ্টিন অথবা ডিৰোচল নাইবা জে কে ষ্টেইন অথবা ১ লিটাৰ পানীত ১ গ্ৰাম তপছিন এম মিহলাই স্প্ৰে কৰিব ৷ তাৰ পিছত হিনোচান ঔষধ ১মি:লি: প্ৰতি লিটাৰ পানীত মিহলাই দুবাৰ স্প্ৰে কৰিব, গেৰধৰা সময়ত এবাৰ আৰু ঠিক ফুল ওলোৱাৰ সময়ত এবাৰ ৷ বেক্টেৰিয়েল (Bactarial leaf Blight) ব্লাইট বেমাৰ:- আই ই টি ৬৬৬৬, মাচুৰী আদিৰ দৰে ৰোগ প্ৰতিৰোধক ক্ষমতা থকা জাত সমুহৰ খেতি কৰিব ৷ পাতৰ চিৰাত হোৱা ব্লাইট(Sheath Blight): বেভিষ্টিন (০.৫ গ্ৰাম ১ লিটাৰ) ঔষধে এই ৰোগ নিয়ন্ত্ৰণ কৰে ৷এই ৰোগ দেখা দিয়াৰ লগে লগে ১ বাৰ আৰু তাৰ ১০ দিনৰ মূৰত দ্বিতীয়বাৰ ঔষধ স্প্ৰে কৰিব লাগে ৷ বাকানি বেমাৰ (Bakanae disease) : তলত দিয়া যিকোনো এবিধ মিশ্ৰণত বীজবোৰ ২৪ ঘন্টা সময় তিয়াই ৰাখিব ৷ বেনলেট (বেনোমিল) ১ গ্ৰাম নাইবা টপচিন এম (থায়োফানাটো মিথাইল) ২ গ্ৰাম বা বেভিষ্টিন (ওখ) উভালি আতঁৰাই পেলাব ৷ সিঁচা পদ্ধতিৰে শেহতীয়া শালি খেতি: বানপানীৰ পিছতে মাটিডৰা দীঘলে পুতলে হাল বাই, মৈয়াই বোকা কৰি লব ৷ গজালি ওলোৱা বীজ ২০ চে:মি: দূৰে দূৰে শাৰী শাৰীকৈ সিঁচিব ৷ প্ৰতি হেক্টৰত ৭৫ কি.গ্রা.গ্ৰামকৈ বীজ সিঁচিব ৷ আৱশ্যকীয় সাৰহে ব্যৱহাৰ কৰিব ৷ বনবাত আগতীয়াকৈ নিয়ন্ত্ৰণ কৰিবলৈ বুটাক্লোৰ (পাঞ্চ) প্ৰতি হেক্টৰত ২ কি.গ্রা.গ্ৰামকৈ (২ কি. গ্ৰা.) বীজ সিঁচাৰ ২-৩ দিন পিছত প্ৰয়োগ কৰিব ৷ জলসিঞ্চন সম্ভৱ হ’লে অপতৃণ নাশক ঔষধ প্ৰয়োগ কৰাৰ ৭ দিন পিছৰ পৰা ধান দোৱাৰ ৭ দিন আগলৈকে পথাৰত অলপ পানী ৰাখিব ৷ শস্যৰক্ষাৰ ব্যৱস্হা ৰোৱা পদ্ধতিৰ শালি ধানৰ সৈতে একে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।