জাত : স্হানীয় (হালধীয়া বীজৰ জাত) ৷ কৃষিকাল : ১০০-১২০ দিন ৷ মাটি : পলসুৱা মাটিৰ পৰা বালিচঁহীয়া মাটি ৷ মাটি প্ৰস্ততি : মাটিডৰা ৪-৬ বাৰমান হালবাই, মৈ দি ভালদৰে মিহি কৰি লব লাগে ৷ বীজ সিঁচাৰ সময় : জানুৱাৰীৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজ ভাগলৈকে (জানুৱাৰী মাহৰ শেষ ভাগেই উত্তম সময়)৷ বীজৰ পৰিমাণ : শাৰী পদ্ধতিত সিঁচিলে হেক্টৰত ৮-১০ কি.গ্রা. ৷ শাৰী নকৰাকৈ সিঁচিলে হেক্টৰে প্ৰতি ১৫ কি.গ্রা.লৈকে বঢ়াব পাৰি৷ ব্যৱধান : শাৰীৰ মাজত ২৫ চে: মি:৷ বীজ সিঁচা পদ্ধতি : ২৫ চে: মি: ব্যৱধানত ৫ চে: মি: দকৈ খাল খান্দি ৩-৫ চে:মি: দত বীজ সিঁচিব লাগে ৷ বীজবোৰ ৫ চে: মি:তকৈ অধিক দ'ত সিঁচিব নালাগে৷ বীজ সিঁচাৰ পিচত মৈ দি বীজবোৰ ৩-৫ চে: মি: মাটিৰে ঢাকি দিব লাগে ৷ মৈ দিয়াৰ ফলত সমান হোৱাৰ ফলত গজালি সোনকালে ওলায় ৷ সাৰ প্ৰয়োগ : পুষ্টিৰ উপাদান সাৰ নাইট্ৰোজেন ২০ কি.গ্রা./হেক্টৰত ইউৰিয়া ৪৪ কি.গ্রা./হেক্টৰত ( ৬কি.গ্রা./বিঘাত) ফছফৰাছ ১০ কি.গ্রা./হেক্টৰত একক চুপাৰ ফছফেট ৬৩ কি.গ্রা./হে: (৯ কি.গ্রা./বিঘাত) পটাছ ১০ কি.গ্রা./হেক্টৰত মিউৰেট অব পটাছ ১৭ কি.গ্রা./হে: (২ কি.গ্রা./বিঘাত) বীজ সিঁচাৰ ১ দিনৰ আগেয়ে সমুদায় সাৰ মাটিত প্ৰয়োগ কৰিব লাগে ৷ সাৰ খিনি মাটিৰ লগতে ভালদৰে মিহলাই লব লাগে৷ বনবাত নিয়ন্ত্ৰণ : বনবাতবোৰ ৪-৫ পতীয়া নৌহওঁতেই হাতেৰে উভালি পেলাব লাগে ৷ শাৰীবদ্ধ ভাৱে কৰা খেতিত শুকান মাটিৰ নিৰণিযন্ত্ৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায় ৷ শস্যৰক্ষা : গান্ধীপোক : শস্যডৰা গান্ধীপোকে আক্ৰমণ কৰা দেখিলে ১) মালাথিয়ন ৫% গুড়ি প্ৰতি হেক্টৰত ২০ কি.গ্রা. কৈ প্রয়োগ কৰিব৷ খেতি চপোৱা : শস্যডৰা হালধীয়া পৰা দেখিলে খেতিডৰা চপায় পেলাব ৷ মৰণা মৰা : খেতি চপোৱাৰ পিছতেই গৰুৰে অথবা ভৰিৰে গচকি মৰণা মাৰিব লাগে ৷ ব্যৱহাৰ : মৰণা মৰাৰ পিচত বীজবোৰৰপৰা ঢেকীৰ সহায়ত বাকলি আঁতৰায় ইয়াক ভাতৰ দৰেই ৰান্ধিব পাৰি৷ ইয়াৰ পৰা ময়দা আৰু লাড়ুও কৰিব পৰা যায় ৷ খেৰবোৰ গৰু ম’হক খুৱাব পাৰি ৷ উৎপাদন : গড়ে হেক্টৰত ১২ কুইন্টল ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।