মাটি নিৰ্বাচন: যি অঞ্চলত বোকা, বালিঅঁহীয়া, মাটিৰ ওপৰ ভাগত মজলীয়া বালিয়া মাটি থাকে, তেনেকুৱা মাটি এই খেতিৰ বাবে উপযোগী ৷ জাত সমূহ (মণ্ডল ভিত্তিক অনুমোদন): জাত কৃষিজলবায়ু পৰিমণ্ডল কৃষিকাল (দিন হিচাবত) গড় অনুপাতে গা-গছৰ উচ্চ্তা (চে:মি:) ক) আধুনিক অৰ্দ্ধচাপৰ জাত: গোবিন্দ ২,৩,৪,৫,৬ ১০৫-১১০ ৯৫ আই-আৰ-৫০ ২, ৩,৪,৫,৬ ১০৫-১১০ ৮৫ আই-আৰ ৮/জয়া ৬ ১৩০-১৪০ ১০০-১০৫ ৰাচী ১,২,৪,৬ ১১০-১১৫ ৯০ আই-আৰ-৩৬ ১,৩,৮,৬ ১১০-১২০ ৮৫ কালচাৰ-১(কলিঙ্গ-৩) ২,৩,৪,৫ ৮০-৯০ ৭৫-৮৫ চি আৰ এম ৬ ----- ------ খ) ওখ জাত: বাঙলামী ১ ক, ৪ ১১৫-১২০ ১০০ ৰঙাদৰীয়া ১,৩,৪ ১১৫-১২০ ঐ ডুবাইচেঙা ১ ১১৫-১২০ ঐ চি এইচ-৬৩ ১,২,৩,৪ ১১০-১১৫ ঐ আহুজহা ১,ক,৪ ঐ ডোগাৰঙা ১ ১১০-১২০ ঐ কলা ছোপিলা ৩ ৮৫-৯৫ ঐ ইহাজিত ৩ ঐ পাঞ্জাশালি ৩,৪ ১১০-১১৫ ঐ ফাপৰি আহু ৩ ৯৫-১০০ ঐ ক’ইজাপৰি ৪ ৯৫-১০৫ ঐ হাছাকুমৰা ৪ ৮০-৮৫ ঐ গুণী ৪ ৮০-৮৫ ঐ ক’লামানিক ৪ ১১৫-১২০ ঐ ক’ই মুৰলী ৫ ৯৫- ১০০ ঐ মাইৰী ৬ ৯০-১০০ ঐ ডিমৰু ৬ ৯০- ১০০ ঐ ল’টাগুণী ১ ১১০-১২০ ঐ হৰিণ কাজলী ৪ ১১০-১১৫ ঐ ১) (ক) শোণিতপুৰ আৰু দৰং জিলাত ৷ ১) ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ মণ্ডল, (২) ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চল মণ্ডল, (৩) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য মণ্ডল, (৪) ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি মণ্ডল, (৫) বৰাক উপত্যকা মণ্ডল, (৬) পাৰ্বত্য অঞ্চল মণ্ডল ৷ অৰ্দ্ধচাপৰ জাতৰ কৃষিকাল তিতাবৰত লোৱা পৰীক্ষাভিত্তিক লেৱা হৈছে ৷ বাকী সকলো বিলাক জাতৰ কৃষিকাল প্ৰত্যেক মণ্ডলৰ ক্ষেত্ৰ অনুসন্দ্ধান কেন্দ্ৰৰ পৰা যুগুত কৰা হৈছে৷ ব্লাষ্টৰোগে আক্ৰান্ত কৰা অঞ্চল সমূহৰ বাবে অনুমোদিত নহয়৷ বীজ নিৰ্বাচন: বীজবোৰ পৰিষ্কাৰ পানীত ডুবাই হাতেৰে লৰাই দিয়ক ৷ ইয়াৰ পিছত ওপঙি উঠা বীজবোৰ আঁতৰাই লৈ তলত ডুব যোৱা বীজবোৰ নিৰ্বাচন কৰিব৷ বীজ সিঁচাৰ সময়: মাৰ্চ-এপ্ৰিল মাহত বীজ সিঁচিব লাগে৷ শুকান বীজ শোধন: বীজবোৰ এটা পাত্ৰত তলত দিয়া যিকোনো এটা ঔষধৰ লগত মিহলাই লওক ৷ তেতিয়াহে বীজৰ সৈতে ভালদৰে মিহলি হ’ব৷ ৰোগনাশক ঔষধৰ নাম প্ৰতি কিলোগ্ৰাম বীজৰ বাবে ঔষধৰ পৰিমাণ এক হেক্টৰ মাটিৰ বাবে বীজ শোধন কৰোতে হোৱা খৰছ ইন্দফিল এম-৪৫ কেপটাফ ফোলটাফ্ ২.৫ গ্ৰাম ২.৫ গ্ৰাম ২.৫ গ্ৰাম ৪৪.০০ টকা ৬৬.০০ টকা ১০৬.০০ টকা পথাৰ প্ৰস্তুতি: মাটিডৰা ৩-৪ বাৰ হাল বাই চহাই মৈ দি সমান কৰি লব, যাতে সকলো ঠাইতে সমানে পানী থাকে ৷ মাটি প্ৰস্তুত কৰোঁতে পচন সাৰ প্ৰয়োগ কৰিব৷ সাৰ প্ৰয়োগ: হেক্টৰে প্ৰতি ১০ টনকৈ নাইবা বিঘাই প্ৰতি ১৫ কুইন্টলকৈ পচন সাৰ প্ৰয়োগ কৰিব লাগে৷ (ক) আধুনিক অৰ্দ্ধচাপৰ জাত : পুষ্টিৰ পৰিমাণ (কি:গ্ৰা:/হেক্টৰ) ৰাসায়নিক সাৰ(কি:গ্ৰা:/হেক্টৰ) সাৰৰ পৰিমাণ(কি:গ্ৰা:/বিঘা) নাইট্র'জেন ৪০ ইউৰিয়া ৮৮ ১২ ফচফৰাচ ২০ একক চুপাৰ ফছফেট ১২৫ ঢ ১৭ পটাছ ২০ মিউৰেট অৱ পটাছ ৩২ ৪ (খ) ওখ জাত আৰু কলিঙ্গ ৩: পুষ্টিৰ পৰিমাণ (কি:গ্ৰা:/হেক্টৰ) ৰাসায়নিক সাৰ(কি:গ্ৰা:/হেক্টৰ) সাৰৰ পৰিমাণ(কি:গ্ৰা:/বিঘা) নাইট'জেন ২০ ইউৰিয়া ৪৪ ৬ ফচফৰাচ ১০ একক চুপাৰ ফছফেট ৬২ ৯ পটাছ ১০ মিউৰেট অৱ পটাছ ১৭ ৩ ১ নং পৰিমশুলৰ বাবে নাইট্ৰজেন, ফছফৰাচ আৰু পটাছৰ পৰিমাণ প্ৰতি হেক্টৰত ৩০ : ৩০ : ২০ কিলোগ্ৰামকৈ অনুমোদন কৰা হৈছে৷ দানা যুক্ত মিশ্ৰিত ৰাসায়নিক সাৰ সিমিত পৰিমাণৰ প্ৰয়োগ কৰিব পাৰে৷ ডি, এ, পি, সাৰ অকলে বা ৰক, ফছফেট সাৰৰ লগত অনুমোদিত হাৰত (৪০ : ২০ : ২০) হিচাবে একক চুপাৰ ফছফেট বা মিচৌৰী ফচচেটৰ সলনি ব্যৱহাৰ কৰিব পাৰি৷ সাৰ প্ৰয়োগৰ সময় মাটিডৰা শেষবাৰ চহাই লোৱাৰ সময়ত সমুদায় ফছফৰাচ সাৰ প্ৰয়োগ কৰিব ৷ বীজ অঙ্কুৰিত হোৱাৰ ১৫-২৫ দিনৰ পিচত, প্ৰথমবাৰ নিৰনিৰ সময়ত আধাভাগ নাইট্ৰজেন আৰু আধাভাগ পটাছ সাৰ প্ৰয়োগ কৰিব ৷ বীজ অঙ্কুৰিত হোৱাৰ ৪৫-৫০ দিনৰ পিচত দ্বিতীয়বাৰ নিৰনিৰ সময়ত বাকী থকা আধা অংশ নাইট্ৰ’জেন আৰু পটাছ সাৰ টপ্ দ্ৰেছ হিচাবে প্ৰয়োগ কৰিব ৷ বীজ সিঁচা বিধি আৰু বীজৰ পৰিমাণ : শাৰীবদ্ধ: ২০ চে: মি: আঁতৰে আঁতৰে শাৰীবদ্ধ ভাৱে বীজ হেক্টৰে প্ৰতি ৭৫ কেজি বা বিঘাই প্ৰতি ১০-১২ কেজি সিঁচিব ৷ সিঁচি দিয়া পদ্ধতি: হেক্টৰে প্ৰতি ১০৫-১১০ কেজি বা বিঘাই প্ৰতি ১৪ কেজি ৷ প্ৰতিপালন: বীজ সিচাৰ ২-৩ সপ্তাহৰ পিচত চক্ৰাকাৰ, শুকান মাটিৰ নিৰণি যন্ত্ৰ, বিন্ধা বা মৈ ব্যৱহাৰ কৰি বনবাত নিৰাই দিব ৷ বীজ চক্ৰকোৰ নাইবা শুকান মাটিৰ নিৰণি যন্ত্ৰেৰে দ্বিতীয় বাৰ বনবাত নিৰাই দিব ৷ চক্ৰকোৰ বা শুকান মাটিৰ নিৰণি যন্ত্ৰ নাথাকিলে হাতেৰেই বনবাত উভালি দিব ৷ বনবাত নিৰাই দিয়াৰ পিছত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব ৷ বনবাত নিৰোধক ৰাসায়নিক দ্র্যব্য হিচাপে, বুটাক্লোৰ, গজালি ওলোৱাৰ আগেয়ে প্ৰয়োগ কৰা ঔষধ হিচাপে প্ৰতি হেক্টৰত ২ কিলোগ্ৰামকৈ "বুটাক্লোৰ" প্রতি হেক্টৰত ২ কিল'গ্রামকৈ গজালি ওলোৱাৰ আগেয়ে প্রয়োগ কৰিব। ঔষধ বীজ সিঁচাৰ ২-৩ দিনৰ পিছতে প্ৰয়োগ কৰিব ৷ বীজ সিঁচাৰ ৩০-৩৫ দিনৰ পিচত হাতেৰে এবাৰ বনবাত নিৰাই দিব ৷ পাহাৰীয়া অঞ্চলৰ বাবে বুটাক্লোৰ ঔষধ প্ৰতি হেক্টাৰত ১.৫ কিলোগ্ৰামকৈ গুটি সিচাঁৰ ৩৫ দিনৰ পিচত প্রয়োগ কৰিব আৰু ৫০ দিনৰ পিচত হাতেৰে এবাৰকৈ বনবাত নিৰাই দিব ৷ উপতৃণ নাশক ঔষধৰ পৰিমাণ নিৰ্ণয় কৰিব পৰা উপায়: উপতৃণ আৱশ্যকৰ পৰিমাণ = কক x খ x ১০০ কক= অনুমোদিত উপতৃণৰ নাশক ঔষধৰ পৰিমাণ খ = উপতৃণ নাশক ঔষধ প্ৰয়োগ কৰিব লগা মাটিৰ পৰিমাণ গ = উপতৃণ নাশক ঔষধত প্ৰকৃত শক্তিৰ পৰিমাণ৷ শস্য ৰক্ষাৰ ব্যৱস্থা (ক) পোক-পৰুৱা (১) ধান গছত পোক-পৰুৱাৰ উপদ্ৰৱৰ হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব লাগে (১ নং তালিকা) ৷ যিবোৰ পোক-পৰুৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিসীমা দিয়া হোৱা নাই সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখা দিয়াৰ লগে লগে ঔষধ প্ৰয়োগ কৰিব৷ (২) ২ নং তালিকাৰ অনুমোদন অনুযায়ী বিভিন্ন পোক-পৰুৱাৰ নিয়ন্ত্ৰণৰ বাবে ঔষধ প্ৰয়োগ কৰিব৷ (খ) ৰুটনট নিমাটোড – এই ৰোগে আক্ৰান্ত কৰা অঞ্চল সমুহত শস্যৰ প্ৰথম অৱস্হাত খেতিডৰাক এই পোকৰ আক্ৰমনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া যিকোনো এবিধ দানাযুক্ত কীটনাশক ঔষধ বীজ সিচাঁৰ ৫-৭ দিনৰ পিচত প্ৰয়োগ কৰিব৷ (১) কাৰ্বোফু্ৰান (ফুৰাদন ৩ জি) প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰামকৈ৷ (২) ফোৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ৷ (৩) ডায়াজিনন (বাচুদিন ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ৷ (গ) ৰোগ (১) ব্লাষ্ট (ক) গোবিন্দ, কাবেৰী, আই আৰ-৩৬, কালচাৰ-১ আৰু চি এইচ-৩৬ আদিৰ দৰে ব্লাষ্ট বেমাৰ প্ৰতিষেধক গুণ বিশিষ্ঠ জাতৰ খেতি কৰিব ৷ (খ) আগতে কৈ অহাৰ দৰে বীজবোৰ শোধন কৰি লব ৷ (গ) ব্লাষ্ট বেমাৰ নিয়ন্ত্ৰণৰ বাবে সময়মতে ঔষধ প্ৰয়োগ কৰাটো অতি জৰুৰী ৷ ধানৰ ওপৰৰ পাঁচোটা পাত লক্ষ্য কৰিব ৷ যদি পাৰত শতকৰ ৫ ভাগ ব্লাষ্ট ৰোগৰ দ্বাৰা ক্ষতি হৈছে তেনে হলে শস্য ৰক্ষাৰ ব্যৱস্হা গ্ৰহণ কৰিব ৷ সাধাৰণতে ৩ বাৰ ঔষধ প্ৰয়োগ কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ পোখা মেলাৰ সময়ত (বীজ সিঁচাৰ ৪০-৪৫ দিনৰ পিচত) প্ৰতিলিটাৰ পানীত ১ গ্ৰামকৈ বেভিষ্টিন নাইবা ডিৰোচাল নাইবা টপছিল এম ৭০% (পানীত গুলিব পৰা) ঔষধ প্ৰয়োগ কৰিব ৷ তাৰ পিছত ফুল ওলোৱাৰ লগে লগে এবাৰ এবাৰকৈ মুঠতে ২ বাৰ হিনোচান ঔষধ ১ মি: লি: ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব৷ (২) পাতৰ সিৰাত হোৰা ব্লাইট বেমাৰ ক) গোবিন্দ, আই আৰ ৩৬ ৰ নিচিনা ৰোগ প্ৰতিষেধক গুণ বিশিষ্ট জাতৰ খেতি কৰিব৷ খ) যদিহে ইতিমধ্যে এই বেমাৰ দেখা দিছে তেনেহলে ফুল ধৰা সময়ত নাইট্ৰ’জেন সাৰ টপদ্ৰেছিং নকৰিব৷ তাৰ সলনি প্ৰতি হেক্টৰত ১০ কিলোগ্ৰামকৈ পটাছ নাইবা প্ৰতি বিঘাত ৫ কিলোগ্ৰামকৈ পটাছ শতকৰা ৩ ভাগ মিশ্ৰণ হিচাবে স্প্ৰে কৰিব৷ (৩) পাত শুকাই যোৱা বেমাৰ ক) বীজবোৰ ২৪ ঘন্টা সময় তলত দিয়া যি কোনো এটা ঔষধৰ মিশ্ৰণত ডুবাই ৰাখিব ৷ টপছিন এম (থায়োফেনেট মিঠাইল), বেনলেট (বেনোমিলা), বেভিষ্টিন (এন বি চি), ডেৰোচল (এম বি চি) প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ ঔষধ মিহলাব ৷ খ) ৰোগে আক্ৰান্ত কৰা গছবোৰ খেতিপথাৰৰ পৰা উভালি আতৰাই পেলাব৷ উন্নত মানদণ্ডৰ শস্যদানাৰ বাবে চপোৱাৰ আগতে লবলগীয়া ব্যৱস্থা বৰষুণৰ বতৰত সাধাৰণতে আহুধান চপাবৰ হয় ৷ সেয়েহে শস্যত থকা জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱা বাবে শস্যৰ বীজবোৰৰ ৰং বিবৰ্ণ হৈ যোৱাৰ উপৰিও সময়ে সময়ে গজালি ওলায় ৷ সেয়েহে এই সমস্যাৰ পৰা হাত সাৰিবলৈ ০,০৫% ভাগ ডাইকোৱাট নাইবা ০.১% ভাগ পেৰাকোৱাট নাইবা ১০% নিমখ মিশ্ৰণ শতকৰা ৫০ ভাগ ফুল ওলোৱাৰ পিছত, প্ৰতি হেক্টৰত ১০০০ লিটাৰকৈ ষ্প্ৰে কৰিব ৷ এই ৰাসায়নিক পদাৰ্থবোৰ শস্য পৈণত হোৱাৰ সময় ৫ – ৭ দিনলৈ আগুৱাই দিয়ে৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।