জাত : কাজুনগোলা, নন্দী ৷ মাটি নিৰ্বাচন : পানী জমা হব নোৱাৰা জৈৱিক সাৰ সমৃদ্ধ ওখ মাটি নিৰ্বাচন কৰি লব লাগে৷ মাটি প্ৰস্তুতি : মোল্ডবোৰ্ড নাঙলেৰে ভালদৰে হালবাই ২-৩ বাৰ তক্তাৰে মৈয়াই সমান কৰি লব লাগে৷ ৰোৱাৰ সময় : এপ্ৰিল-জুন৷ ব্যৱধান : শাৰীৰ দূৰত্ব = ৫০ ছে:মিটাৰ ৷ গছৰ দূৰত্ব = ৫০ ছে:মিটাৰ৷ শিপা বা ৰোৱাৰ সামগ্ৰী আৱশ্যকতা হেক্টৰে প্ৰতি ৪০,০০০ বা বিঘাই প্ৰতি ৫,০০০ টা ৷ সাৰ প্ৰয়োগ হেক্টৰে প্ৰতি ৫ টন বা বিঘাই প্ৰতি ৭ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব৷ পুষ্টি পৰিমান (কি:গ্ৰাম/হেক্টৰত) সাৰ সাৰৰ পৰিমান (কি:গ্ৰাম/বিঘাত) নাইট্ৰোজেন ১২০ ইউৰীয়া ৩৫ ফছফৰাছ ৫০ একক চুপাৰ ফছফেট ৪৪ পটাছ ৩০ মিউৰেট অৱ পটাছ ৭ মাটিডৰা শেষবাৰ চহাওঁতে হেক্টৰে প্ৰতি ৪০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ আৰু সমূদায় ফচফেট আৰু পটাছ সাৰ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব ৷ বাকী থকা ৩০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ প্ৰত্যেকবাৰ গছ কাটোতে প্ৰয়োগ কৰিব ৷ হেক্টৰে প্ৰতি ২.৫ টন কেঁচুসাৰও প্ৰয়োগ কৰিব পাৰে৷ পৰিচৰ্য্যা গছ ৰোৱাৰ ৩০-৩৫ দিনৰ পিছত আৰু প্ৰত্যেক বাৰ গছ কটাৰ পিছত এবাৰমান গছৰ মাজে মাজে কোৰ মাৰি দিব৷ জলসিঞ্চন যদি ৰোৱাৰ সময়ত মাটিডৰা বেছি শুকান হৈ থাকে তেতিয়া ৰোৱাৰ ঠিক পিছতে এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব ৷ তাৰ পিছত বতৰৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চনৰ ব্যৱস্থা লব৷ ঘাঁহ কটা গছৰোৱাৰ ৬০-৬৫ দিনৰ পিছত প্ৰথমবাৰ গছ কাটিব তাৰ পিছত ৪৫-৬০ দিনৰ ব্যৱধানত ঘাঁহ কটাৰ ব্যৱস্থা কৰিব৷ সেউজীয়া ঘাঁহৰ উৎপাদন হেক্টৰে প্ৰতি ৮০০-১০০০ টন ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।