কাঠফুলা – কৃষিৰ এক অভিনৱ আকৰ্ষণ কাঠফুলা কি ? কাঠফুলা বা মাশ্বৰুম (Mushroom) ভেঁকুৰ শ্ৰেণীৰ এবিধ উদ্ভিদ ৷ কাঠকুলাৰ আকাৰ সাধাৰণতে ভেঁকুৰ বুলিলে বুজা উদ্ভিদ বিলাকতকৈ ডাঙৰ৷ পচা গছপাত, জাবৰ আদিত আৰু সেমেকা মাটিত কাঠফুলা গজে ৷ বিশেষকৈ বাৰিষা কালছোৱাত হাবি – বননিত কাঠফুলা গজা দেখা যায় ৷ আনবিলাক সেউজীয়া উদ্ভিদৰ দৰে ইয়াৰ সেউজ – ৰঙৰ সৃষ্টিকাৰক পত্ৰহৰিৎকণা নাই ৷ সেয়ে এই উদ্ভিদবিধ বগা, মাখন বৰণীয়া বা মুগা ৰঙৰ হয় আৰু ফলস্বৰূপে খাদ্য পুষ্টি আহৰণৰ অৰ্থে জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব লাগে – মৃতজীৱি হিচাবে ৷ কাঠফুলাৰ ইতিহাস আছেনে ? খাদ্য সামগ্ৰী হিচাবে কাঠফুলা ব্যৱহাৰৰ ইতিহাস যথেষ্ট পুৰণি ৷ চিন দেশত প্ৰায় ১০০০ বছৰৰ পূৰ্বেই খাদ্যৰ উপযোগী কাঠফুলাৰ খেতি আৰম্ভ হৈছিল ৷ ফ্ৰান্সত ১৬৫০ চনত প্ৰথমবাৰৰ বাবে এই খেতি কৰা হৈছিল বুলি জনা যায় ৷ কেইবাটাও সভ্যতাত শিল আদিত খোদিত কাঠফুলাৰ আৰ্হি দেখা যায় ৷ গৌতম বুদ্ধয়ো কাঠফুলা ব্যৱহাৰ কৰিছিল ৷ প্ৰণালীবদ্ধ ভাৱে নহলেও প্ৰকৃততে ভাৰতত ইয়াৰ খেতি আৰম্ভ হৈছিল ১৮৮৬ চনৰ পৰাহে ৷ কাঠফুলা খেতিৰ বৰ্ত্তমান বৰ্ত্তমান সময়লৈকে দুহেজাৰতকৈ অধিক কাঠফুলা খাদ্যৰ বাবে উপযুক্ত বুলি চিনাক্ত কৰা হৈছে ৷ সাতটা জাতিৰ অন্তৰ্গত প্ৰায় ২৮৫ টা প্ৰজাতি ভাৰতত পোৱা যায় ৷ খাদ্য হিছাপে পাহাৰিয়া জনজাতি, চাহ বাগিছাৰ ন-অসমীয়া আনকি গাৱঁৰ লোকে বহু আগৰে পৰা কাঠফুলা ব্যৱহাৰ কৰি আহিছে যদিও ইয়াৰ খেতিৰ পদ্ধতি তেওঁলোকৰ মাজত প্ৰচলন হোৱা নাই ৷ ইয়াৰ বাবে তেওঁলোকে প্ৰাকৃতিক ভাবে গজা কাঠফুলাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ৷ কিন্তু কাঠফুলাৰ আধুনিক কৃষি পদ্ধতি উদ্ভাৱনৰ লগে লগে আন আন লোকৰ মাজতো ইয়াৰ খাদ্যাভ্যাস আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছে ৷ বৰ্ত্তমান অসমত কাঠফুলাৰ খেতি প্ৰচলন হোৱা এটা দশকৰো বেছি হ’ল ৷ কাঠফুলা কিহৰ বাবে জনপ্ৰিয় ? কাৰণ হিচাপে উল্লেখ কৰিব লাগিব যে ইয়াৰ স্বাদ অতি লোভনিয় আৰু অনুপম ৷ সেয়েহে প্ৰক্ৰিতিৰ বুকুত গজা যিকোনো কাঠফুলা সংগ্ৰহ কৰি আনি খাদ্য হিছাপে ব্যৱহাৰ কৰিবলৈ আগৰে পৰা অভ্যস্ত লোাকসকলৰ মাজত দুৰন্ত হাবিয়াস আছে৷ কিন্তু কেৱল চিনি পোৱা, অবিষাক্ত খাঠফুলাহে বুতলি আনা উচিত ৷ গুণাগুনৰ দিশৰ পৰা চালে দেখা যায় যে কাঠফুলা বহুতো গুণৰ অধিকাৰী৷ বিশেককৈ শৰীৰত পুষ্টি সাধিব পৰা অতুলনিয় গুণাগুণ সমূহ ৷ ইয়াক নিৰামিষহাৰীৰ বাবে মাংস বুলিবও পৰা যায়৷ কিয়নো মাংস, মাছ আৰু কণীৰ পিছতেই প্ৰটিনৰ পৰিমাণ অনুসৰি কাঠপুলাক স্হান দিব পৰি ৷ সতেজ কাঠফুলাত গডে ৩.৭ শতাংশ প্ৰটিন আৰু ৪ শতাংশ কাৰ্বহাইড্ৰেট থাকে৷ আমাৰ শৰিৰে এই প্ৰটিনৰ শতকৰা ৬০-৭০ ভাগেই পৰিপাক কৰিব অৰ্থাৎ গ্ৰহণ কৰিব পাৰে ৷ ভিটামিণ B,C,D আৰু Kযথেষ্ট পৰিমাণে থাকে ৷ কাঠফুলাত কম শৰ্কৰা (০.০৫%) থকাৰ বাবে বহুমূত্ৰ ৰেগীৰ বাবে উপযোগী আৰু সম্পূৰ্ণ কলেষ্ট্ৰল যুক্ত হোৱাৰ বাবে হৃদৰোগত ভোগা ব্যক্তিসকলে খাবলৈ ব্যৱহাৰ কৰিব পাৰে৷ কাঠফুলাত কৰ্কট ৰোগ আৰু AIDS নিৰাময় কৰিব পৰা গুণ আছে ৷ লগতে নিয়মিত কাঠফুলাৰ ব্যৱহাৰ কৰি যিকোনো ৰোগৰ বাবে আমাৰ শৰীৰত পতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে ৷ এই বিলাকৰ উপৰিও কাঠফুলা অন্যান্য গুণাগুণৰ উৎস ৷ কাঠফুলাৰ জাত আৰু খেতিৰ সময় সৰ্বাধিক প্ৰচলিত কাঠফুলা কেইবিধ হ’ল (ক) বুটাম সদৃশ কাঠফুলা এইবিধ কাঠফুলা দেখাত ঘুৰণীয়া বগা বুটামৰ দৰে আৰু আঠাইকৈ জনপ্ৰিয় ৷ ইয়াৰ খেতিৰ বাবে এটা নিৰ্দ্দিষ্ট পদ্ধতিৰে পছনসাৰ তৈয়াৰ কৰি ল’ব লাগে৷ খেতিৰ বাবে জলবায়ুৰ নাইবা কৃত্ৰিমভাবে নিয়ন্ত্ৰিত কোঠালিৰ উষ্ণতা ১৬ও-২০ও ছেন্টিগ্ৰড হ’ব লাগে ৷ গতিকে অসমৰ পৰিবেশত ডিচেম্বৰ আৰু জানুৱাৰী মাতহ ইয়াৰ খেতি কৰিব পৰা যায় ৷ (খ) ধান খেৰত হোৱা কাঠফুলা পৈণত অৱস্হাত এই কাঠফুলাবিধ দেখাত ছাতিৰ দৰে ৷ ইয়াৰ খেতি কেৱল ধান খেৰত কৰিব পাৰি ৷ ইয়াৰ খেতিৰ বাবে লাগতিয়াল উষ্ণতা হৈছে ৩০০-৩৫০ ছেন্টিগ্ৰেড৷ জুন, যুলাই আৰু আগষ্ট মাহৰ জলবায়ু ইয়াৰ খেতিৰ বাবে অনুকুল ৷ (গ) অয়ষ্টাৰ বা সাগৰীয় শামুকীয় জাতৰ কাঠফুলা এইবিধ কাঠফুলাৰ পাহিবোৰ দেখাত এবিধ সাগৰীয় সামুকৰ দৰে ৷ ইয়াৰ কৃষি প্ৰণালী আটাইকৈ সহজ, সুলভ আৰু উৎপাদনো যথেষ্ট বেছি হই৷ ইয়াৰ খেতি ধানখেৰৰ উপৰিও যিকোনো শষ্যৰ জাবৰ, কুঁহিয়াৰৰ ডাবৰি, পেলনীয়া কাগজ, কাঠৰ গুৰি আদিত কৰিব পাৰি৷ অয়ষ্টাৰৰ প্ৰজাতি বিলাকৰ খেতিৰ বাবে ২২০-২৮০ ছেন্টিগ্ৰড পৰিসৰৰ উষ্ণতাৰ আৱশ্যক ৷ সেয়ে অসমৰ জলবায়ুত ইয়াৰ খেতি সমগ্ৰ বছৰ জুৰি কৰিব পাৰিলেও ছেপ্তেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে অথৰ্াৎ ৮ মাহ বৰ ভালদৰে কৰিব পাৰি৷ কেনেকৈ সংৰক্ষণ কৰিব ? চপাই অনা সতেজ কাঠফুলাৰ পাহিবোৰ ২০০ গ্ৰামকৈ পেকেট কৰি ৰাখিব লাগে৷ পলিথিনৰ পেকেটতকৈ কাগজৰ পেকেট বেছি উপযুক্ত৷ পলিথিনৰ পেকেটত ৰাখিব হ’লে তাত কেইটামান সৰু সৰু ফুটা কৰি ল’ব লাগে যাতে কাঠফুলাৰ পহিবোৰৰ পৰা ভাপ হৈ অহা জলীয় বাষ্প পেকেটৰ ভিতৰত জমা হ’ব নোৱাৰে৷ সাধাৰণ উষ্ণতাত কোঠালিত কাঠফুলা বিলাক ছিঙাৰ পিছত কেৱল এদিন হে ৰাখিব পৰা যায়৷ আনহাতে ৰেফ্ৰিজাৰেটৰত ৩ বা ৪ দিনকৈ বেছি ৰাখিব নালাগে৷ ৰ’ডত ভালদৰে শুকুৱাই পলিঠিনৰ পেকেটত বন্ধ কৰি কাঠফুলা ৫-৬ মাহলৈকে সংৰক্ষ্যণ কৰিব পাৰি৷ পৰিবেশন কৰিব জানেনে ? কাঠফুলাৰ ৰন্ধন প্ৰণালী অন্যান্য পাছলি বা মাছ-মাংহতকৈ কোনো বেলেগ নহয়৷ ছিঙি অনা কাঠফুলাখিনি পৰিস্কাৰকৈ পানীৰে ধুই ল’ব লাগে আৰু নিজৰ ৰুচি অনুযায়ী ৰান্ধিব লাগে৷ কাঠফুলাৰ বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰা স বহুতো লিখনি পোৱা যায়৷ অম্লেট, ছালাড, তৰকাৰী, চেণ্ডুইচ, আচাৰ, চোৰোহা আদিৰ উপৰিও বিভিন্ন প্ৰকাৰৰ বেকাৰীৰ ব্যঞ্জন যেনে পেটিছ, বিস্কুট, ভুজিয়া তৈয়াৰ কৰিব পাৰি৷ সাৱধানীৰ মৰণ নাই বাতৰি কাকতত প্ৰায়েই কাঠফুলা ভক্ষণ কৰি মানুহৰ মৃতু্য হোৱা নাইবা শাৰীৰিক ক্ষতিসাধন হৈ থকাৰ বাতৰি পঢ়িবলৈ পোৱা যায়৷ এনে দুৰ্ঘটনা কেৱল ভাৱে হাবি-বননিত গজা বিষাক্ত কাঠফুলা বুটলি আনি খোৱাৰ ফলত হয়৷ বৈজ্ঞানিকভাৱে খেয়ি কৰা কাঠফুলা কেইবিধৰ পৰা এনে অভাৱনিয় পৰিস্হিতি কেতিয়াও নহয় নহয়৷ থলুৱা বিষাক্ত কাঠফুলা আৰু খোৱাৰ উপযোগী কাঠফুলাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো বৰ জটিত৷ এই ক্ষেত্ৰত থলুৱা কাঠফুলা ব্যৱহাৰ কৰিলে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে দুৰ্ভাগ্যজনক পৰিণতিৰ পৰা হাত সাৰিবৰ বাবে৷ যিকোনো সন্দেহ হ’লে, মনত সংশয় থাকিলে এনে কাঠফুলা খাবলৈ ব্যৱহাৰ নকৰাই মংগল৷ আমাৰ লোকসকলৰ মাজত খাদ্যোপযোগী কাঠফুলা চিনাক্তকৰণৰ কেইটামান পদ্ধতি ৰীতিগতভাৱে চলি আহিছে৷ প্ৰাথমিক চিনাক্তকৰণত হেই থলোৱা প্ৰণালী কেইটা হ’ল : ক) বিষাক্ত কাঠফুলা বিলাক উজ্জ্বল, আকৰ্ষণীয়, সয্য কৰিব নোৱাৰা গন্ধযুক্ত আৰু তিতা, কেহা আৰু বেয়া স্বাদযুক্ত ৷ খ) বিষাক্ত কাঠফুলাত সাধাৰণতে পোক-পৰুৱা নাথাকে নাইবা কম থাকে৷ গ) ৰ›পৰ আৰু তামৰ সামগ্ৰী বিষাক্ত কাঠফুলাৰ আঞ্জাত দিলে কলা পৰে৷ ঘ) এঁৱা গাখীৰত বিষাক্ত কাঠফুলাৰ টুকুৰা দিলে গাখীৰখিনি সোনকালে গোট মাৰি দৈৰ লেখীয়া হয় ৷ ঙ) বিষাক্ত কাঠফুলাৰ ছালখন পাতলকৈ সহজে গুচাব নোৱাৰি৷ চ) বিষাক্ত কাঠফুলাৰ ঠাৰিডালৰ মধ্যভাগত এটা আঙঠি অঅৰু গুৰিভাগত এটা কাপ বা বাতি সদৃশ ছাল লাগি থাকে৷ অবিষাক্ত, খোৱাৰ উপযোগী কাঠফুলাত আঙঠি আৰু বাতিৰ যিকোনো এটা বৈশিষ্টহে দেখা যায়৷ মনত ৰাখিবলগীয়া আৰু অনিবাৰ্যভাৱে ল’বলগীয়া সাৱধানতা হ’ল : কাঠফুলাৰ আঞ্জাৰ সৈতে কেতিয়াও মদ্য পান কৰিব নালাগে, অন্যথা ইয়াৰ অন্তিম পৰিণতি মাৰাত্মক৷ লিখক: ড: ৰবীন গগৈ। ধানখেৰৰ কাঠফুলাৰ (Volvariella sp.) খেতি কেনেকৈ কৰিব ? ই এবিধ উষ্ণতাৰ প্ৰতি আসক্তি থকা কাঠফুলা ৷ এই জাতৰ কাঠফুলাৰ বনাবলৈ ২৮০ ৰ পৰা ৩৫০ ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮০ৰ পৰা ৮৫ শতাংশ আদ্ৰতাৰ জলবায়ু সবাতকৈ উত্তম ৷ জুন, জুলাই আৰু আগষ্ট মাহত এইবিধ কাঠফুলাৰ খেতি ভাল হয় ৷ এই তিনিতা মাহ অয়েষ্টাৰ (Pleurotus sp.) কাঠফুলাৰ খেতিৰ বাবে উপযোগী নহয় ৷ সেয়েহে দুয়োটা জাতৰ কাঠফুলা গোটেই বছৰটোৰ উৎপাদনৰ বাবে কৰিব পাৰি ৷ ‘ধানখেৰৰ কাঠফুলা’ৰ সুবিধা সমুহ :- এই বিধ কাঠফুলা আন সকলোবোৰ কাঠফুলাতকৈ সোনকালে উৎপাদন হয় ৷ ই সাগৰীয়া শামুক জাতৰ কাঠফুলাতকৈ বেছি সোৱাদ ৷ খেতি কৰাৰ পদ্ধতি খুউব সহজ ৷ অতি সহজ আচবাব যেনে, চিমেন্টৰ ডাঙৰ পাত্ৰ, বাল্টি, বাঁহৰ ফ্ৰেম, খেৰ, ৰহৰ অইল, কাঠফুলাৰ বীজ ইত্যাদিৰ প্ৰয়োজন ৷ ‘ধানখেৰৰ কাঠফুলা’ৰ অসুবিধাসমুহ এই বিধ কাঠফুলা চপোৱাৰ পিছত ৰাখি থলে সোৱাদ কমি যায় ৷ পালেঙৰ পৰা চপোৱাৰ দিনৰ পৰাই ইয়াক খোৱাৰ দৰকাৰ ৷ ইয়াক ২৪ ঘন্টাতকৈ বেছি সময় সাঁচি ৰাখিলে ই পানীয় ধৰণৰ হয় আৰু ইয়াৰ পৰা বেয়া গোন্ধ ওলাই ৷ ৰেফ্ৰিজাৰেটৰত ৰাখিলে এদিনৰ বাবে ৰাখিব পাৰি৷ ইয়াৰ খেতি কৰিবলৈ বেছি খেৰৰ প্ৰয়োজন হয় ৷ ১০০ কিলোগ্ৰাম খেৰৰ পৰা মাত্ৰ ১৩ কিলোগ্ৰাম মান কাঠফুলাহে পোৱা যায় ৷ বতৰ বছৰত মে, জুন, জুলাই আৰু আগষ্ট এই চাৰি মাহত এই জাতৰ খেতি কৰিব পাৰি ৷ আগষ্ট মাহত সৰ্বাধিক উৎপাদন পোৱা যায় ৷ কেচাঁমাল ‘ধানখেৰৰ কাঠফুলা’ খেতিৰ বাবে ধানখেৰেই ভাল৷ বৰষুণত তিতি থকা ধানখেৰ বা নিম্নমানৰ খেৰ ব্যৱহাৰ কৰিলে খাদ্য অনুপযোগী আন জাতৰ কাঠফুলা (যেনে – Coprinus sp.) গজি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ খেৰ মুঠা বন্ধা খেৰবোৰৰ ৮০ ছেন্টিমিটাৰ দীঘল X ১২ ছেন্টিমিটাৰ ব্যাসৰ মুঠা বান্ধিব লাগে৷ প্ৰ্ৰত্যেকটো মুঠাৰ ওজন ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম হোৱাৰ দৰকাৰ৷ এখন পালেং তৈয়াৰ কৰিবলৈ এনেকুৱা ২৪ টা খেৰৰ মুঠাৰ প্ৰয়োজন৷ ২০ কিলোগ্ৰাম শুকান খেৰ এখন পালেংৰ বাবে ব্যৱহাৰ কৰা হয়৷ খেৰ কটা খেৰৰ মুঠাবোৰৰ মূৰৰ ফালে কাঠফুলা ওলাবৰ বাবে মুঠাবোৰ দুয়োমূৰে সমানকৈ কাটি দিয়াৰ দৰকাৰ ৷ খেৰৰ মুঠা পানীত তিওৱা পদ্ধতি এক মিটাৰ ওখ আৰু এক মিটাৰ ব্যাসৰ চিমেন্টৰ পাত্ৰ বা তেলৰ ড্ৰামত প্ৰথমে খেৰৰ মুঠাবোৰ ভৰাই ল’ব লাগে ৷ তাৰ পিছত মুঠাবোৰৰ ওপৰলৈ পানী ভৰাব লাগে ৷ মুঠাবোৰ ভাঁহি নাথাকিবৰ বাবে ইয়াৰ ওপৰত ডাঙৰ শিল বা ইটা ৰখা দৰকাৰ এনে মুঠাবোৰৰ ২৪ ৰ পৰা ৪৮ ঘন্টা পানীত দুবাই থব লাগে ৷ মুঠা দ’ম কৰা :- মুঠাবোৰ পনীৰ পৰা উঠাই অতিৰিক্ত পানীভাগ নিগৰি যোৱাৰ বাবে পৰিষ্কাৰ চাং এখনৰ ওপৰত ৰাখিব লাগে ৷ বাঁহৰ ফ্ৰেম :- ৯০ ছেন্টিমিটাৰ X ৯০ ছেন্টিমিটাৰ X ১৫ ছেন্টিমিটাৰ ওখ বাঁহৰ ফ্ৰেম এটা সজাই ল’ব লাগে ৷ বাঁহৰ ফ্ৰেম সজাই লোৱাৰ কাৰণ হ’ল – (১) কাঠফুলাৰ পালেং আৰু মজিয়াৰ মাজত পোনপটিয়া সংযোগ বন্ধ কৰা আৰু (২) খেৰৰ মুঠাত থকা অতিৰিক্ত পানী ভাগ ওলাই যোৱাত সুবিধা হয় ৷ কাঠফুলা উৎপাদন কৰা ঘৰ কাঠফুলা উৎপাদন কৰিবলৈ লোৱাৰ ঘৰটোৰ প্ৰস্হ ৩ মিটাৰ, দুয়োফালে উচ্চতা ২.৫ মিটাৰ আৰু দীঘ ৬ মিটাৰ হোৱাৰ দৰকাৰ ৷ ছালখন খেৰৰ তৈয়াৰী হ’ব লাগে ৷ পকী মজিয়াত ৫ চেন্টিমিটাৰ মানৰ বালিৰ তৰপ দিব লাগে ৷ বেৰ চাৰিখন খেৰ আৰু বাঁহৰে তৈয়াৰী কৰি ল’ব লাগে ৷ বেৰ চাৰিখনত প্লাষ্টিক ওলমাই থব লাগে, এনে কৰিলে ধৰখনৰ উষ্ণতাৰ লগতে আৰ্দ্ৰতাও বৃদ্ধি হয় ৷ কাঠফুলাৰ বীজ :- বিশুদ্ধ কাঠফুলাৰ বীজ ইটা বৰণীয়া হয় এখন পালেংৰ বাবে ৩০০ গ্ৰাম বীজেই যথেষ্ট ৷ ৩০০ গ্ৰাম বীজক ৭৫ গ্ৰাম, ৭৫ গ্ৰাম আৰু ১৫০ গ্ৰাম এই তিনিভাগত ভগাই ল’ব লাগে ৷ প্ৰতিটো ভাগৰ বীজবোৰক এক চেন্টিমিটাৰ জোখৰ টুকুৰা টুকুৰাকৈ ভাঙি লোৱাৰ দৰকাৰ ৷ ছকৰ গুড়ি :- ৫ গ্ৰাম ছকৰ গুড়ি ১ লিটাৰ পানীত মিহলাই কাঠফুলাৰ বীজ দিয়াৰ আগত খেৰৰ দমবোৰত স্প্ৰে কৰি ল’ব লাগে ৷ এনে কৰিলে খেৰৰ আম্লতা বৃদ্ধি হয় ৷ পালেং তৈয়াৰ কৰা পদ্ধতি :- ৬ টা খেৰৰ মুঠা বাঁহৰ ফ্ৰেমৰ ওপৰত একে শাৰীত থব লাগে ৷ অকনমান বীজ লৈ বীৰ টুকুৰাবোৰ খেৰৰ দমটোৰ ওপৰত ছটিয়াই দিব লাগে ৷ ই কাঠফুলাৰ বৃদ্ধি খৰতকীয়া কৰাত সহায় কৰে ৷ প্ৰথম তৰপটোৰ ওপৰত মুঠাবোৰ বিপৰীত দিশৰ আন ৬ টা মুঠাৰে দ্বিতীয় তৰপ দিব লাগে ৷ আগৰ দৰে ৭৫ গ্ৰাম বীজ দি তাৰ ওপৰত ৫০ গ্ৰাম ৰহৰ দাইলৰ গুৰি ছটিয়াই দিব লাগে ৷ দ্বিতীয় তৰপটোৰ বিপৰীত দিশত ৬ টা মুঠাৰে তৃতীয় তৰপ দিয়াৰ দৰকাৰ ৷ ১২০ গ্ৰাম বীজ আৰু ১২০ গ্ৰাম ৰহৰ দাইলৰ গুৰি এই তৃতীয় তৰপটোৰ ওপৰত ছটিয়াব লাগে ৷ তৃতীয় তৰপটোৰ মুঠাবোৰৰ বিপৰীত দিশত ৬ টা মুঠাৰে শেষৰ তৰপটো দি পালেংখন ভালদৰে হেঁচি দিব লাগে ৷ ২ মি: X ২ মি: জোখৰ পলিথিন এখনেৰে পালেংখন ভালদৰে ঢাকি দি পলিথিনৰ কাষবোৰ ফ্ৰেমটোৰ তলত ভালদৰে সুমুৱাই দিব লাগে ৷ পলিথিনৰ ঢাকনখন ১০ দিনৰ পিছত গুছোৱাই দিব লাগে ৷ ১৩ ৰ পৰা ১৬ দিনৰ পিছত কাঠফুলা ওলোৱা আৰম্ভ হ’ব ৷ কাঠফুলাবোৰ কণীৰ আকৃতিৰ লয় আৰু এইটোৱেই কাঠফুলা চপোৱাৰ উত্তম সময় ৷ ছাটিৰ দৰে আকৃতি অহালৈ বাট চাব নালাগে ৷ এই অৱস্হাত কাঠফুলাবোৰ সোনকালে নষ্ট হৈ যায় ৷ প্ৰথম থোপা কাঠফুলা চপোৱাৰ পাচত পালেং বোৰত ৰাতিপুৱা আৰু সন্ধিয়া পানী ছটিয়াব লাগে ৷ দ্বিতীয় থোপা কাঠফুলা ১ সপ্তাসৰ পিছত ওলাই আহিব ৷ ধানখেৰৰ কাঠফুলা খেতিৰ সমস্যা- অসংখ্য ক্ষুদ্ৰ মকৰাবোৰে কাঠফুলা সূতাৰ দৰে অংশবোৰ খায় ৷ কাঠফুলা চপোৱাৰ সময়ত মানুহৰ গাত বগাই আমনি কৰে ৷ ইথিয়ান ৫০ ই চি মিলি: প্ৰতি লিটাৰ পানীত মিহলাই বীজ দিয়াৰ আগতে স্প্ৰে কৰিব লাগে ৷ ২০ লিটাৰ ঔষধ মিশ্ৰিত পানী ২০ কি: গ্ৰা: ওজন খেৰৰ বাবে যথেষ্ট ৷ লিখক: ড: ওৱাই ৰাথাইয়া অয়ষ্টাৰ কাঠফুলাৰ বাবে খেৰ কটা আৰু তিওৱাৰ পদ্ধতি অয়ষ্টাৰ কাঠফুলাৰ খেতিৰ বাবে পালেং তৈয়াৰ কৰিবলৈ প্ৰথমে উপযুক্ত আধাৰ নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয় ৷ সেইবাবে শুকান, ভাল ধানখেৰ কাটি ল’ব লাগে আৰু সাধাৰণতে আহুধানৰ খেৰতকৈ শালিধানৰ খেৰ বেছি উপযোগী ৷ অয়ষ্টাৰ কাঠফুলাৰ বাবে ধানখেৰৰ বাহিৰেও অন্য জৈৱিক আধাৰ সমূহ, যেনে সৰিয়হৰ কটালি, গোমধানৰ ডিলা, পাত আৰু ঠাৰি, কলৰ গা-গছ, পাত, পানী-মেটেকা, কঁহিয়াৰৰ ডাবৰি, নাৰিকলৰ পাত আৰু বাকলি, কাঠৰ চোঁচ বা কাঠ, বিভিন্ন ঘাঁহ, সূৰ্য্যমূখী ফুলৰ ঠাৰি, বাদামৰ বাকলি, শিমলূ আলুৰ পৰিত্যক্ত অংশ আদিও ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰ ভিতৰত অসমৰ পৰিবেশত ধানখেৰেই সৰহীয়াকৈ সহজলভ্য ৷ কাঠফুলাৰ খেতিৰ বাবে সকলো আধাৰকেই প্ৰথমে ২” – ৩” জোখত টুকুৰা টুকুৰাকৈ কাটি ল’ব লাগে ৷ খেৰ কটাৰ বাবে মেচিন নাথাকিলে কাঠৰ গড় এডালৰ ওপৰত থৈ দাৰে সহজে কটি ল’ব পাৰি ৷ এনে কৰিলে – ক) সানমিহলি কৰিবলৈ, খ) মোনাতে ভৰাবলৈ আৰু গ) পানীত তিয়াবলৈ সুবিধাজনক হয় ৷ ইয়াৰ পাছত কাটি লোৱাৰ খেৰ খিনি বহল পাত্ৰ এটাত এৰাতি বা ১২-১৮ ঘন্টাৰ বাবে তিয়াই ৰাখিব লাগে ৷ এনে কৰিলে ক) কিছু পৰিমানে মুক্ত ভাবে লাগি থকা বীজাণুবোৰ পানীত এৰা খাই আতৰি যায়, খ) পানীত তিওৱাৰ ফলত আধাৰৰ কোষবোৰ ঢ়িলা হয়, যাতে অনুসূত্ৰই সহজে সোমাই গৈ কোষৰ পৰা পোষক দ্ৰব্য শুহি ল’ব পাৰে , গ) আধাৰৰ বাবে লাগতিয়াল পানী ভাগ (৭০-৮০%) শুহি ল’ব পাৰে ৷ নিৰ্দ্দিষ্ট সময় তিওৱাৰ পাচত পাত্ৰটোৰ পানী খিনি নিগৰাই পেলাই দিব লাগে ৷ এই দৰে তিওৱা খেৰখিনিৰ ওজন শুকান খেৰৰ প্ৰায় তিনিগুণ হয়গৈ আৰু এই তিতাখেৰ খিনিয়েই সিজোৱাৰ বাবে উপযুক্ত হয় ৷ লিখক: ড: দিলীপ কুমাৰ শৰ্ম্মা ধানখেৰৰ কাঠফুলাৰ খেৰ মুঠা বন্ধা, খেৰ মুঠা পানীত তিওৱা পদ্ধতি ২০ কি: গ্ৰা: খেৰ লওক ৷ খেৰখিনি দীঘলে ৮০ ছে: মি: আৰু ১২ ছে: মি: ব্যাসৰ হোৱাকৈ ২৪ টা মুঠা বান্ধক (১ খন পালেংৰ বাবে) ৷ মুঠাবোৰ দুয়োকাষ কাটি দিব ৷ খেৰৰ মুঠাবোৰ ২৪ ঘন্টা বাবে পানীত তিওৱাক ৷ পানীৰ পৰা মুঠাবোৰ উলিয়াই আনক ৷ মুঠাবোৰ দম কৰি ১ ঘন্টাৰ বাবে ৰাখি যাতে অতিৰিক্ত পানীখিনি নিগৰি ওলাই যায় ৷ ৯০ছে: মি: X ৯০ ছে: মি: X ১৫ ছে: মি: (ওখ) জোখৰ বাঁহৰ ফ্ৰেম এটা সজাই লওক ৷ ৩০০ গ্ৰাম বীজ লৈ ৭৫ গ্ৰা:, ৭৫ গ্ৰা: আৰু ১৫০ গ্ৰা: হিচাপে তিনিটা ভাগত ভগাই লওক ৷ ২০০ গ্ৰা: ৰহৰ দাইলৰ গুৰি লৈ ৫০ গ্ৰা:, ৫০ গ্ৰা: আৰু ১০০ গ্ৰা: হিচাপে ভগাই লওক ৷ ৫ গ্ৰা: চক গুৰি এক লিটাৰ পানীত মিহলাই স্প্ৰে মেচিনত ভৰাই লওক ৷ ৬ টা খেৰৰ মুঠা বাঁহৰ ফ্ৰেমত দিব ৷ ৭৫ গ্ৰা: বীজ এটা শাৰীত ৫ ছে: মি: দূৰত্ব ছটিয়াব ৷ মুঠাৰ চাৰিও কাষে ৭ ছে: মি: কৈ বীজ নিদিয়াকৈ খালি ৰাখিব ৷ ৫০ গ্ৰা: দাইলৰ গুৰি বীজৰ ওপৰত ছটিয়াই দিব ৷ ৬ টা খেৰৰ মূঠাৰে দ্বিতীয় তৰপটো দিব ৷ ৭৫ গ্ৰা: বীজ আৰু ৫০ গ্ৰা: চাউলৰ গুৰি আগৰ দৰে ছটিয়াওক ৷ ৬ টা খেৰৰ মুঠাৰে তৃতীয় তৰপটো দিব ৷ ১৫০ গ্ৰাম বীজ আৰু ১০০ গ্ৰাম দাইলৰ গুৰি ছটিয়াব ৷ এইদৰে চতুৰ্থ তৰপটো দিব ৷ গোটেই খেৰৰ মুঠাবোৰ পলিথিনেৰে ্০ দিনৰ বাবে ঢাকি থব ৷ পলিথিনখন গুছোৱাই লৈ ৰাতিপূৱা আৰু গধূলি পানী স্প্ৰ কৰিব ৷ কণী অৱস্হা হোৱা কাঠফুলা খিনি চপাব ৷ লিখক: ড: ওৱাই ৰাথাইয়া অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি এটা নিশা তিয়াই ৰখা খেৰখিনি আধা ঘন্টা পৰা এঘন্টা উতলা পানীত সিজাওক বা গাপ দিয়ক ৷ সিজোৱা খেৰখিনি পৰিষ্কাৰ মজিয়া বা ঢাৰি উপৰত ঠাণ্ডা হ’বলৈ মেলি দিয়ক (গৰম পানীৰ পৰা তুলি আনাৰ পিছত) ৷ খেৰত থকা অতিৰিক্ত পানী হাতেৰে চেপি উলিয়াই পেলাব ৷ এটা নিৰ্দ্দষ্ট জোখৰ (৪০ X ৬০ ছেন্টিমিটাৰ) পলিথিনৰ মোনা লৈ তাত কেইটামান সৰু সৰু ফুটা কৰি লব আৰু মোনাটোৰ বন্ধ মূৰটো ৰচীৰে বান্ধি লওক ৷ আগেয়ে সংগ্ৰহ কৰি ৰখা স্পনখিনি (বীজ) বটল বা পেকেটৰ পৰা উলিয়াই জৰজৰীয়া কৰি ল’ব ৷ এটা টোপোলাৰ কাৰণে ৭০-৯০ গ্ৰাম জোখত স্পনখিনি ভগাই লওক ৷ প্ৰতি টোপোলাৰ কাৰণে লোৱা খেৰখিনি সমানে পাঁচ ভাগত ভগাই লওক আৰু স্পনখিনি ৪ ভাগত পূনৰ ভাগ কৰি লওক ৷ পলিথিনৰ মোনাটোত প্ৰথমে খেৰৰ তৰপ এটা ছটিয়াই দি হাতেৰে ভালদৰে হেঁচি দিব তাৰ ওপৰত স্পনৰ প্ৰথমভাগ সমানে সিঁচি দিয়ক ৷ পুনৰ একেদৰে খেৰৰ দ্বিতীয়টো তৰপ ছটিয়াই হাতেৰে হেঁচি লৈ বীজৰ দ্বিতীয়ভাগ সিঁচি দিব ৷ এইদৰে মোনাটোত খেৰৰ চাৰিটা তৰপৰ ওপৰত বীজৰ চাৰিটা তৰপ চটিয়াই দিব ৷ শেষত বীজৰ আটাইতকৈ ওপৰৰ তৰপটোত খেৰৰ পঞ্চম তৰপটো পাতলকৈ চটিয়াই হাতেৰে হেঁচা দি মোনাটোৰ মোখখন ৰচীৰে বান্ধি টোপোলা কৰি পেলাব ৷ এতিয়া টোপোলাটো কাঠফুলা গৃহৰ অন্ধকাৰ কোঠাত ১৫ দিন থৈ দিয়ক ৷ এই সময়চোৱাত কাঠফুলাৰ বগা সূত্ৰপূঞ্জই গোটেই খেৰখিনি ডাঠকৈ আবৰি পেলোৱাত একোটা ডাঙৰ লদা আকৃতিৰ হৈ পৰিব ৷ এনে অৱস্হাত পলিথিনৰ মোনাটোৰ মুখখন খুলি উবুৰিয়াই লাহে লাহে জোকাৰি দিলে লদা বা টোপোলাটো মুক্ত হৈ উলাই আহিব ৷ উন্মুক্ত টোপোলাটো পোনাই লৈ কাঠফুলা গৃহৰ মূল খেতি কৰা কোঠালৈ (Cropping Room) নি ৰেকত শাৰী-শাৰীকৈ ৰাখিব ৷ খুলি পেলোৱাৰ পিচৰে পৰা টোপোলাবোৰত দৈনিক পানী স্প্ৰে কৰিব যাতে টোপোলাবোৰৰ পৃষ্ঠত থকা কাঠফুলাৰ সূত্ৰপুঞ্জবোৰ শুকান হৈ নাযায় ৷ ৫-৭ দিনৰ পিচত কাঠফুলাৰ কলি গজিবলৈ ধৰে ৷ কলি ওলোৱাৰ ৩ দিনৰ ভিতৰত সেই বিলাক পৈণত হয় ৷ এনে পুৰঠ কাঠফুলা হাতেৰে চিঙি আনিব লাগে আৰু পুনৰ পানী স্প্ৰে কৰিব লাগে টোপোলাবোৰত ৷ এইদৰে ৪-৫ দিনৰ ব্যৱধানত ৩-৪ বাৰলৈকে এটা টোপোলাৰ পৰা কাঠফুলা চপাব পাৰিব ৷ মন কৰিবলগীয়া ক) দুই-এপাহ কাঠফুলাৰ পাহি কেকোঁৰা হবলৈ ধৰা অৱস্হাত কাঠফুলা চপাব লাগে ৷ খ) টোপোলাটোৰ পৃষ্ঠভাগত থাকি কাঠফুলাৰ ঠাৰিৰ গুৰিবোৰ উঘালি পেলাব লাগে ৷ অন্যথা দ্বিতীয়বাৰ সেই অংশৰ পৰা পাহি গজাটো বাধাপ্ৰাপ্ত হয় ৷ গ) দৈনন্দিন পানী ছটিওৱাটো অনিবাৰ্য ৷ গৃহৰ ভিতৰখখন হেমেকা হৈ থাকিব লাগে ৷ ঘ) ৰোগাক্ৰান্ত টোপোলা, কীট-পতঙ্গৰ উপস্হিতি ইত্যাদি সূক্ষ্মভাৱে লক্ষ্য ৰাখিব ৷ কাঠফুলা গৃহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বাঞ্চনীয় ৷ লিখক: ড: ৰবীন গগৈ কাঠফুলা খেতিত সেউজ ভেঁকুৰৰ নিয়ন্ত্ৰণ কাঠফুলাত হ’ব পৰা ৰোগসমূহৰ ভিতৰত ট্ৰাইক’ডাৰ্মা আৰু পেনিচিলিয়াম ভেঁকুৰজনিত ৰোগেই সবৰ্বপ্ৰথম ৷ বছৰৰ বাৰিষা আৰু গৰম ঋতুত (জুন, জুলাই) মাতহ এই দুবিধ ভেঁকুৰে কাঠফুলাৰ পালেংত বেছিকৈ আক্ৰমণ কৰে ৷ কাঠফুলাৰ পালেংত আৰম্ভনিতে দেখা দিয়া এই ভেঁকুৰ দূবিধে পালেংখনৰ উৎপাদন শতকৰা ৮০ৰ পৰা ১০০ ভাগ পৰ্য্যন্ত হ্ৰাস কৰিব পাৰে ৷ গুটি (বীজ) সিঁচাৰ ১৫ পা ২০ দিনৰ পাছত এই ভেঁকুৰৰ দ্বাৰা কাঠফুলাৰ পালেং আক্ৰান্ত হ’লে শতকৰা ৪০ ভাগ পৰ্যন্ত কাঠফুলাৰ উৎপাদনত ব্যাঘাত জন্মাব পাৰে ৷ এই ৰোগ সাধাৰণতে পালেংসমূহ পলিথিন বেগৰ ভিতৰত ঠকা অৱস্হাতে আৰম্ভ হয় ৷ কেতিয়াবা বেগ সমূহ খোলাৰ পিছতো ৰোগাক্ৰান্ত হব পাৰে ৷ ডাঠ সেউজিয়া বা ক’লা বৰণৰ ভেঁকুৰবিধ পালেং খনৰ অ’ত ত’ত গজি উঠি ক্ৰমশ: বাঢ়ি যায় ৷ শেষত গোটেই পালেংখনেই সেউজিয়া বা কলা বৰণৰ হৈ পৰে ৷ এই ৰোগৰ পৰা ৰক্ষা পাবলৈ হলে প্ৰধানত খেৰ বিশুদ্ধিকৰণ উৎকৃষ্ট মানদণ্ডৰ হ’ব লাগিব ৷ আক্ৰান্ত কাঠফুলাবোৰ দেখা পোৱাৰ লগে লগেই আঁতৰাই পেলাব ৷ বেভিষ্টিন (শতকৰা ০.১ অৰ্থাৎ দুই গ্ৰাম ঔষধ এক লিটাৰ পানীত মিহলাই বিজ প্ৰয়োগৰ আগত খেৰৰ ওপৰত চতিয়াই বা মুক্ত পালেংত ব্যৱহাৰ কৰিব ) ৷ তিনি গ্ৰাম নহৰুৰ ৰস ৪০ মি: লি: পানীত মিহলাই মিশ্ৰণটো ৪০ X ৬০ ছে: মি: কাঠফুলাৰ পালেংত স্প্ৰে মেচিনৰ দ্বাৰা বেগ খোলাৰ পিছত প্ৰয়োগ কৰিলে এই ৰোগ বিধ সম্পূৰ্ণ নিয়ন্ত্ৰণ হয় আৰু শতকৰা ৮০ ভাগতকৈ বেছি উৎপাদন পাব পৰি ৷ লিখক: ড: কেশৱ চন্দ্ৰ পুজাৰী অয়ষ্টাৰ মাশ্বৰুম (সগৰীয়া সামুকীয়া কাঠফুলা)ৰ কীট পতঙ্গ নিয়ন্ত্ৰণ অসমৰ জলবায়ু অয়ষ্টাৰ মাশ্বৰুম খেতিৰ বাবে অনুকূল হোৱাৰ বাবে প্ৰায় গোটেই বছৰ ধৰি এই খেতি কৰিব পাৰি ৷ কৃষকৰ মাজত এই খেতিৰ প্ৰ্ৰতি ৰাপ সদ্যহতে বৃদ্ধি পাইছে আৰু সৰ্বসাধৰণৰ মাজত কাঠফুলা জনপ্ৰিয় হৈ উঠিছে ৷ অৱশ্যে কেইবাবিধো কীট – পতঙ্গ আৰু চাঁহীয়ে আক্ৰমণ কৰাৰ ফলত কৃষকে আশানুৰূপ উৎপাদন লাভ নকৰে ৷ কাঠফুলাৰ কেইবিধমান অনিষ্টকাৰী সন্ধিপদ প্ৰাণী হৈছে – স্কেফিদদ্ গুবৰুৱা (স্কফিছমা টেট্ৰাষ্টিকটাম), ষ্টেফিলিনিদ্ গুবৰুৱা, চেচিদ্ মাখি, ফৰিদ্ মাখি , স্কিয়াৰিদ্ মাখি আৰু খেৰ চাঁহি (টাইৰোফেগাছ্ দিমিদিয়েটাছ্) ৷ সদ্যহতে এবিধ পখিলা জাতীয় পতঙ্গৰ পলুৱেও কাঠফুলা আক্ৰমণ কৰা দেখা গৈছে ৷ গুবৰুৱা জাতীয় আৰু মাখি জাতীয় পোকৰ পলুবোৰে ছত্ৰৰ তলফালে আৰু ঠাৰিডালত আক্ৰমণ কৰে ৷ পূৰ্ণাঙ্গ গুবৰুৱাবোৰে এই বোৰত ফুটা কৰি খোৱাৰ বাদেও অনুসূত্ৰবোৰে খাই পেলাই ৷ গুবৰুৱা জাতীয় পোকবোৰ সাধাৰণতে মে মাহৰ পৰা নভেম্বৰ মাহলৈকে হয় ৷ মাখি জাতীয় পোকৰ আক্ৰমণ প্ৰায় গোটেই বছৰ ধৰি থাকে ৷ পখিলা জাতীয় পোকৰ পলুৱে সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আক্ৰমণ কৰে ৷ নিয়ন্ত্ৰণ ব্যৱস্হা (১)কাঠফুলা গৃহটো কীট পতঙ্গৰোধক (ইনচেক্ত প্ৰুফ্) কৰিব পৰিলে ভাল ৷ বিশেষকৈ বেৰ কেইখনৰ ওপৰভাগত এনে ধৰণৰ জালি দিব লাগে যাতে বায়ু চলাচল ভালদৰে হয় কিন্তু কীট পতঙ্গ (মাখি, গুবৰুৱা, পখিলা জাতীয়) সোমাব নোৱাৰে ৷ (২)কাঠফুলা গৃহত পৰিস্কাৰ পৰিচ্ছন্নতা কনি চলিব লাগে ৷ প্ৰতি সপ্তাহতে অন্তত: এবাৰকৈ ফৰ্মেলিন (৫%) নাইবা নিমযুক্ত কীটনাশক যেনে – ৰিপেলিন, নিমগাৰ্ড, বায়োনিম, ইক’নিম, ৰকসক্, নিমাৰ্ক, মাৰ্গোটাইদ, নিম্বাদিন আদিৰ ১ মি: লি: প্ৰতি লিটাৰ পানীত মিশ্ৰণ কৰি স্প্ৰেয়াৰ যন্ত্ৰৰে চটিয়াব ৷ সাবধান হ’ব যাতে এনে মিশ্ৰণ কেতিয়াও কাঠফুলাত নপৰে ৷ (৩)উমনি দিয়াৰ (ইনকুৱেশ্ব) পাচত পলিথিনৰ মোনা খোলাৰ সময়ত খেৰৰ টোপোলাবোৰ ভালদৰে তিতি যোৱাকৈ নুভান (দাইক্লোৰোভচ্) প্ৰতি লিটাৰ পানীত ১ মি: লি: হিচাপে নাইবা ওপৰত উল্লেখ কৰা যি কোনো এবিধ নিমযুক্ত কীটনাশক প্ৰতি লিটাৰ পানীত ১ মি: লি: হিচাপে মিশ্ৰণ কৰি স্প্ৰেয়াৰ যন্ত্ৰেৰে চতিয়াব ৷ (৪) মোনাত খেৰ ভৰোৱাৰ সময়ত নিমগছৰ বীজাণু মুক্ত খলিহৈ (শতকৰা ২ ভাগ) দিব পাৰিলে কীট পতঙ্গৰ আক্ৰমণ কমে ৷ (৫) শোধন নকৰা খেৰ বা অন্যান্য জাৱৰ – জোথৰ কেতিয়াও কাঠফুলা গৃহৰ নাইবা নিছেই ওপৰত নাৰাখিব ৷ এইবোৰত বিভিন্ন ধৰণৰ চাঁহী হ’ব পাৰে, যি বিলাকে কাঠফুলাৰ টোপোলা (বেদ্) বিলাকলৈ গৈ কাঠফুলা বা কাঠফুলা অনুসূত্ৰ (মাইচেলীয়া) বোৰ আক্ৰমণ কৰিব পাৰে ৷ (৬) আক্ৰান্ত কাঠফুলাবোৰ মাজে মাজে হাতেৰে উভালি নষ্ট কৰি পেলাব লাগে যাতে, আক্ৰান্ত নোহোৱা কাঠফুলালৈ ইহঁতৰ আক্ৰমণ বিয়পিব নোৱাৰে ৷ (৭) পৈণত অৱস্হাত কাঠফুলা চপাব লাগে ৷ অন্যথাই মাখিৰ আক্ৰমণ বৃদ্ধি হৈ কাঠফুলাবোৰ গেলি যাব পাৰে ৷ লিখক: ড: সত্যেন্দ্ৰ কুমাৰ দত্ত খলপীয়া একাজী নিৰ্মাণ আৰু মাশ্বৰুমৰ টোপোলা অঁৰা পদ্ধতি অমি জানো যে ধানখেৰৰ টোপোলাত মাশ্বৰুমৰ বীজ সিচাঁৰ কিছুদিনৰ পিছত টোপোলাবোৰ পলিথিনৰ মোনাৰ পৰা উলিয়াই বাঁহেৰে সজা ৰেকত শাৰী শাৰীকৈ ৰখা হয় যাতে মাশ্বৰুম ফুলিব পাৰে আৰু ইয়াৰ মাজে মাজে পানী দিয়া, চপোৱা আদি কামবোৰ কৰিব পাৰি ৷ বাঁহৰ ৰেকত মাশ্বৰুম ৰখা পদ্ধতিটো যদিও কিছুমানকাৰণত ইয়াত অসুবিধাও নথকা নহয় ৷ যেনে ধৰক – (১) ৰেক সাঁজোতে বহুত বাঁহৰ প্ৰয়োজন হয় আৰু খৰচ বহুত বেছি হয়৷ (২) ৰেকৰ বাঁহবোৰে যিমান ঠাই আগুৰে সেই অনুপাতে টোপোলা ৰাখিব নোৱাৰি৷ (৩) বাঁহৰ ৰখা টোপোলাবোৰৰ যাৱতীয় যতন লোৱা আৰু শষ্য চপোৱাত যথেষ্ট অসুবিধা হয়৷ (৪) সদায় পানী ছটিয়াই ঠাকিব লগা হোৱাত ৰেকৰ বাঁহবোৰ সোনকালে পচিবলৈ ধৰে আৰু নতুনকৈ সাজিব লগিয়া হয় ৷ এই অসুবিধাবোৰৰ পৰা হাত সৰাৰ উদ্দেশ্যৰে কম খৰচী, বহুত দিন টিকি থকা, কম ঠাইতে বহুত মাশ্বৰুমৰ খেৰৰ টোপোলা ৰাখিব পৰা লগতে চোৱাচিতা আৰু শষ্য চপোৱাত বিশেষ অসুবিধা নোহোৱাকৈ মাশ্বৰুমৰ টোপোলা ৰাখিব পৰা এটা সহজ সঁজুলি আৰু পদ্ধতি উদ্ভাৱন কৰা হৈছে ৷ এই সঁজুলিটোক খলপীয়া একাজী নামাকৰণ কৰা হৈছে ৷ অন্যথাই ইয়াক ওলোমা ৰেক (Hanging Rack)ও বুলিব পাৰি ৷ খলপীয়া একাজী তৈয়াৰ কৰা পদ্ধতি (ক) প্ৰয়োজনীয় সামগ্ৰী : (১) কেঁঞা আঙুলিৰ জোখৰ নাইলনৰ ৰচী (প্ৰয়োজন অনুসৰি) ৷ (২) পোন দীঘল শুকান জাতি বাঁহ দুটা ৷ (৩) এফুট দীঘল শুকান জাতি বাঁহৰ টুকুৰা কেইডোখৰ মান ৷ (৪) নাৰিকলৰ ৰচী আৰু সুতলি ৰচী ৷ (খ) নিৰ্মাণ পদ্ধতি : (১) মাশৰুম গৃহটোৰ দূইমূৰে থকা মাৰলী দুডাল ঢুকি পোৱাকৈ জোখ কৰি এটা শুকান গোটা বাঁহ কাটি লৈ দূই মাৰলীৰ ওপৰত তুলি ল’ব লাগে ৷ (২) ইয়াৰ পিছত কাষৰ বেৰৰ পৰা ৪৫-৫০ চে: মি: মান আঁতৰত সমান্তৰাল ভাৱে বাঁহটো মাৰলীৰ ওপৰত ৰাখী দুই মূৰ মাৰলীৰ লগত টানকৈ বান্ধিব লাগে ৷ (৩) ওপৰত বাঁহটোৰ ঠিক তলৰ মাটিত দুই মূৰে দুচটা আৰু মাজত এচটা ইটা দি ল’ব লাগে ৷ আনটো বাঁহ ওপৰৰটোৰ সমানে কাটি ইটা কিচটাৰ ওপৰত কাখিব লাগে ৷ ইটাৰ পৰা বাঁহটো পৰি নাযাবৰ বাবে তিনিটামান খুটি পুতি তলৰ বাঁহটো বান্ধি দিব লাগে ৷ (৪) ইয়াৰ পিছত নাইলনৰ ৰচিডালৰ এটা মূৰ ওপৰৰ বাঁহটোত টানকৈ বান্ধি তললৈ ওলমাই আনি তলৰ বাঁহটো পোৱাৰ পিছত এই দীঘৰ লগত ১ মিটাৰ মান যোগ দি ৰছীডাল কাটি কটা মূৰ দুটা জুইত পুৰি আঁহবোৰ ওলাই নোযাৱা কৰি ল’ব লাগে ৷ এনুকোৱা এডাল ৰছীত চাৰিটা একাজি কৰি তাত চাৰিটা মাশ্বৰুমৰ টোপোলা ওলোমাব পৰা হ’ব ৷ মাশ্বৰুমৰ যিমান টোপোলা আঁৰিব লাগে তাৰ এক চতুৰ্থাংশ ডাল ৰছী জোখ মতে কাটি ল’ব লাগে ৷ এতিয়া ওপৰৰ বাঁহডালত এডাল ৰছীৰ পৰা সিডাল ৰছীলৈ ৮০-৯০ চে: মি: ব্যৱধান ৰাখি ৰছীবোৰ বান্ধিব লাগে ৷ লগতে প্ৰতিডাল ৰছীৰ বাবে ৩০ চে: মি: মান দীঘল, আঙুলিৰ ঘেৰৰ সমান জোখৰ চাৰিডালকৈ বাঁহৰ শলা কাটি ল’ব লাগে (চিত্ৰ চাওক) ৷ (৫) মজলীয়া আকাৰৰ শুকান জাতি বাঁহৰ গুৰি অংশ ৩০ চে: মি: দীঘলকৈ কাটি ৪-৬ ফালকৈ ফালি (২.৫ চে: মি: মান বহল) চুচি মাজি মিহি কামি কৰি ল’ব লাগে ৷ এতিয়া দুয়োটা কামি লগ লগা মাজৰ অংশত এটা মিহি ফুটা কৰি লব, যিটোৰ ঘৰ ওলমাই ৰখা নাইলৰ ৰছীডালৰ ঘেৰতকৈ যৎসামান্য বেছি হ’ব (যাতে ফুটাটোৰ মাজেদি ৰছীডাল টানি পাৰ কৰাব পাৰি) ৷ (গ) ব্যৱহাৰ পদ্ধতি: (১) ষাঠি চে: মি: দীঘল এডাল বাঁহৰ শলা লৈ তাৰ এটা মূৰ ওলমা ৰছীডালৰ মূৰত বান্ধিব লাগে৷ তাৰ পিছত ৰছীডাল শলাডালৰ চাৰিওপিনে মেৰাই নি শলাৰ আনটো মূৰত বান্ধি দিব লাগে৷ (২) বেৰত থবৰ বাবে উপযুক্তহোৱা মাশ্বৰুমৰ খেৰৰ টোপোলা এটা লৈ শলা-ৰছীৰ মূৰটো টোপোলাৰ মূৰৰ মাজেৰে হেঁচি তলফালে উলিয়াই লৈ টোপোলাটো ৰছীৰ মাজেৰে ওপৰলৈ থেলি নি ওপৰৰ বাঁহ পাবলৈ ১০-১৫ চে: মি: থাকোতে ধৰি ৰাখিব লাগে (চিত্ৰ চাওক)৷ (৩) এজনে টোপোলাটো যথাস্হানত ধৰি থাকোতেঁ আনজনে + আকৃতিৰ কামি দুডাল বিন্ধাটোৰে ৰছীডালৰ মূৰেৰে সৰকাই নি ওপৰত থকা মাশ্বৰুমৰ টোপোলাৰ তৰল অংশত লগাব আৰু + কামিৰ ঠি তলতে ৰছীডালত খোৰোচা গাঁঠি এটা দি গাঁঠিৰ মাজত শলা এডাল এনে দৰে ভৰাব যাতে শলাডালৰ দুটা মূৰ গাঁঠিটোৰ পৰা সমদূৰত্বত থাকে ৷ (৪) ইয়াৰ পিছত টোপোলা ধৰি থকা জনে টোপোলাটো এৰি দিব আৰু ই + কামিৰ ওপৰত ওলমি থাকিব ৷ (৫) এই প্ৰক্ৰিয়াৰে একেডাল ৰছীৰ মাজেৰে বাকী তিনিটা টোপোলাত ৰছীডালৰ মাজেৰে পাৰ কৰি, + কামি সুমুৱাই তাৰ পিছত গাঁঠি দি শলা লগাই এটাৰ তলত এটাকৈ মাজত ১০-১৫ চে: মি: মান ব্যৱধান ৰাখি প্ৰতিডাল ৰছীত ৪ টাকৈ ওলোমাই ৰাখিব পাৰিব৷ (৬) এডাল ৰছীত চাৰিতা টোপোলা অঁৰাৰ পিছত ৰছীডালৰ তলপিনে প্ৰথমতে বান্ধি লোৱা শলা ডাল খুলি পেলাব লাগে আৰু ৰছীডাল ভালকৈ টানিলৈ তলত পৰি থোৱা পথালি বাঁহটোৰ সৈতে সংলগ্ন কৰি বান্ধিব লাগে ৷ এডাল ৰছীত টোপোলা অঁৰা সম্পুৰ্ণ হোৱাৰ পিছত কাষৰ ডাল ৰছীত টোপোলা অঁৰা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে ৷ লিখক: ড: অনন্ত কুমাৰ বৰুৱা। কাঠফুলা খেতিৰ পৰা সৃষ্টি হোৱা পেলনীয়া খেৰৰ উপযুক্ত ব্যৱহাৰ পুৰণি কালৰ পৰা কেঁচু কৃষকৰ বন্ধু হিচাপে পৰিচিত ৷ কেঁচুৱে আমাৰ অজ্ঞাতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে মাটিৰ উবৰ্বৰতা বৃদ্ধি তথা শষ্য উৎপাদনত এক গুৰুত্বপূৰ্ণ ভুমিকা লৈ আহিছে৷ কেঁচুৱে মাটিৰ উপৰিভাগত থকা বিভিন্ন জৈৱিক পদাৰ্থ যেনে গছৰ ডাল-পাত , জীৱ-জন্তুৰ মল-মূত্ৰ, বিভিন্ন অপতৃণ আদিৰ পচন ঘটাই মাটিৰ উবৰ্বৰতা বৃদ্ধি কৰে ৷ তদুপৰি কেচুঁৱে মাটিত সঘনাই চলাচল কৰি প্ৰাকৃতিক ভাৱে মাটি চহোৱা কাম সমাধা কৰি থাকে৷ বৰ্তমান কেঁচু সহায়ত বিভিন্ন জৈৱিক আৱৰ্জ্জনা কম সময়তে পচন ঘটাই উৎকৃষ্ট জৈৱিক সাৰ তৈয়াৰ কৰাটো বিশ্বৰ বিভিন্ন দেশ আৰু ভাৰতবৰ্ষতো জনপ্ৰিয় হৈ পৰিছে ৷ কেঁচুৰ দ্বাৰা তৈয়াৰ কৰা এই সাৰক ভাৰ্মি-কম্পষ্ট বা কেঁচুকৃত সাৰ বোলা হয়৷ বৰ্তমান কাঠফুলাৰ খেতি আমাৰ ৰাজ্যত জনপ্ৰিয় হৈ পৰিছে ৷ এই কাঠফুলা চপোৱাৰ পিছত বহুপৰিমাণৰ পেলনীয়া ধানখেৰৰ সৃষ্টি হয়৷ এই খেৰখিনি পেলাই নিদি কেঁচুৰ সহায়ত উৎকৃষ্ট জৈৱিক সাৰ তৈয়াৰ কৰি আমাৰ বিভিন্ন শষ্য উৎপাদনত ব্যৱহাৰ কৰিব পাৰা যায়৷ ইয়াৰ ফলত এই পেলনীয়া খেৰভাগৰ ফলপ্ৰসু ব্যৱহাৰ কৰাৰ উপৰিও অধিক মূল্যৰ ৰাসায়নিক সাৰভাগ ৰাহি কৰিব পৰা যায়৷ এনে সাৰৰ প্ৰস্তত প্ৰণালীৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে ৷ প্ৰয়োজনীয় উৎপাদন পেলনীয়া খেৰ৷ আধাপচা গোবৰ৷ উপযুক্ত প্ৰজাতিৰ কেঁচু প্ৰস্তত প্ৰণালী পেলনীয়া খেৰখিনি প্ৰয়োজন অনুযায়ী সৰু সৰুকৈ কাটি ল’ব লাগে ৷ সৰু সৰুকৈ কটা খেৰখিনি ৭-১০ দিন বাহিৰত দ’ম কৰি ৰাখিব লাগে ৷ আধা পচা গোবৰ পানী এই খেৰৰ দ’মত ছটিয়াই দিব লাগে ৷ এই সাৰ তৈয়াৰ কৰিবৰ বাবে পকীৰ এটা চৌবাচা (Tank) বনাই ল’ব পাৰিলে ভাল ৷ এনে চৌবাচাৰ প্ৰস্হ ৩ ফুট, উচ্চতা ১.৫ ২ ফুট হ’ব লাগে ৷ দৈঘ্য পয়োজন অনুযায়ী ল’ব পাৰি ৷ প্লাষ্টিকৰ টাব বা মাটিত একোটা গাঁত খান্দি তাৰ চাৰিওফালে পলিথিন পাৰিও এই সাৰ তৈয়াৰ কৰিব পাৰি ৷ অৱশ্য এনে গাঁত ওখ, সেমেকা, ছাঁ পৰা ঠাইত খান্দিব পাৰিলে ভাল ৷ পকীৰ চৌবাচাৰ বা মাটিত খন্দা গাঁতৰ ওপৰত ৰ’দ ও বৰষুণ নপৰিবৰ বাবে খেৰেৰে এখন চালি দিব লাগে ৷ চৌবাচাটোৰ তলত ১-২ ইঞ্চি মাটি বা বালিৰ এটা তৰপ দিব লাগে ৷ ইয়াৰ পিছত খেৰখিনি ও আধা পচা গোবৰ তৰপে তৰপে জাপি যাব লাগে ৷ মন কৰিব লাগে যে এই মিশণটো ১.৫-২.০ ফুটতকৈ বেছি নহয় খেৰ ও গোবৰৰ এই মিশ্ৰণটোত উপযুক্ত প্ৰজাতিৰ কেঁচু বা কেঁচুৰ ক’কন (coocon) এৰি দিয়ক ৷ সাধাৰণতে প্ৰতি টন জৈৱিক আৱৰ্জ্জনাৰ বাবে ২ ৰ পৰা ৩ কি: গ্ৰা: কেঁচুৰ প্ৰয়োজন হয় ৷ খেৰ ও গোবৰৰ মিশ্ৰণটো এতিয়া বস্তা বা শুকান খেৰেৰে ঢাকি দিব লাগে ৷ মিশ্ৰণটো যাতে জীপাল অৱস্হাত থাকে তাৰ কাৰণে মাজে মাজে পানী ছটিয়াব লাগে জৈৱিক আৱৰ্জ্জনাৰ এই মিশ্ৰণটোৰ উপৰিভাগ মূগা বা ক’লা বৰণৰ দানাকাৰ হ’লে, পানী ছটিওৱা বন্ধ কৰিব লাগে ৷ তৈয়াৰ হোৱা ভাৰ্মি-কম্পষ্ট সূৰ্য্যৰ পোনপটীয়া পোহৰত শুকোৱাব নালাগে ৷ সাধাৰণতে ৪৫-৬০ দিনৰ ভিতৰত এই সাৰ প্ৰস্তত হয় ৷ ভাৰ্মি-কম্পষ্টত ব্যৱহাৰ কৰিব পৰা কেইটামান কেঁচু : আইচেনীয়া ফ’তিদা এমাইনথেচ ডিফিৰিনজেনচ্ ইউড্ৰিলাচ ইউজিনি পেৰিঅ’নিস্ক এস্কাভেটাচ ভাৰ্মি-কম্পষ্টতথকা শষ্যৰ পোষক দ্ৰব্যৰ পৰিমাণ লগতে আন গৌণ মৌল সমূহ ৷ ভাৰ্মি-কম্পষ্টতথকা শষ্যৰ পোষক দ্ৰব্যৰ পৰিমাণ লগতে আন গৌণ মৌলসমূহ: নাইট্ৰোজেন ২.০ – ২.৫ শতাংশ ফচফৰাচ ১.৩ – ১.৮ “ পটাচ ১.৮ – ২.৫ “ কেলচিয়াম ১.৯ – ১.২ “ মেগনেচিয়াম ০.৩ – ০.৫ “ চালফাৰ ০.৪ – ০.৫ “ ড: দ্বীপজ্যেতি ৰাজখোৱা উৎস: অসম কৃষি বিশ্ববিদ্যালয়।