অসমৰ প্রাকৃতিক পৰিৱেশ মুগা পলু পালনৰ লগতে বিভিন্ন ৰোগ আৰু পোক-পতংগৰ বাবেও অনুকূল। এই বিভিন্ন ৰোগ আৰু পোক-পতংগৰ পৰা মুগা খাদ্য বৃক্ষ মুগা পলুৰ পালনত মুগা পালকসকল প্রায়ে এক বৃহৎ সমস্যাৰ সন্মুখীন হোৱাৰ উপৰি আৰ্থিক দিশৰ পৰাও যথেষ্ট লোকচান হয়। যিকোনো ৰোগ বা পোক নিয়ন্ত্রণ কৰাৰ বাবে সেই ৰোগ আৰু পোক-পতংগৰ লক্ষণ আৰু ৰোগ বা পোক হোৱাৰ সময়ৰ বিষয়ে অলপ হ’লেও জনাটো নিতান্তই প্রয়োজন। মুখ লগা ৰোগ এই ৰোগ বেক্টেৰিয়াজনিত। লক্ষণ এই ৰোগৰ দ্বাৰা আক্রান্ত পলুবোৰ এলেহুৱা আৰু চলনহীন হৈ পৰে। গাৰ ৰসবোৰ বমিৰ লগত ওলাই যায়। লাদবোৰ অলপ জুলীয়া আৰু শিকলিৰ আকৃতিৰ হয়। পলুবোৰ কোমল আৰু স্বচ্ছ হয়। কম দিনৰ ভিতৰতে পলুবোৰৰ মৃত্যু হয়। মৃত পলুবোৰ গছত ওলমি থাকে। গোটেই বছৰতে মুখ লগা ৰোগ দেখা পোৱা যায় যদিও জানুৱাৰী, জুন, জুলাই আৰু ডিচেম্বৰ মাহৰ মুগা বাহত এই ৰোগ বেছিকৈ দেখা যায়। বায়ুমণ্ডলৰ উষ্ণতা আৰু আৰ্দ্ৰতাৰ বঢ়া-টুটাৰ সৈতে যেতিয়া মুগা খাদ্য বৃক্ষৰ পাতবোৰ নিম্ন মানবিশিষ্ট হয় তেতিয়াই মুখ লগা ৰোগে বিস্তাৰ লাভ কৰে। নিয়ন্ত্রণ ব্যৱস্থা মুগা পলু পালনত পৰিশোধন কৰা ভাল নিৰোগী সঁচহে ব্যবহাৰ কৰিব লাগে। যিহেতু মুগা পলু বাহিৰৰ পৰিবেশত পালন কৰা হয় সেয়ে মুগা পলুৰ মুখ লগা ৰোগৰ বিৰুদ্ধে ঔষধ প্রয়োগ কৰাটো ব্যয়বহুল হয় আৰু অর্থনৈতিকভাৱে ফলপ্রসূ নহয়। সেয়ে মুখ লগা ৰোগ নিয়ন্ত্ৰণতকৈ পলু পালনত সাৱধানতাৰ বেছি প্রয়োজন। সদায় পৰিশোধন কৰা ভাল নিৰোগী সঁচহে ব্যৱহাৰ কৰিব লাগে৷ পলু পোহাৰ আগত আৰু পিছত চোমনিখন ২ শতাংশ ফৰ্মেলিন দ্ৰৱণেৰে পলু পোহা সঁজুলিবোৰ আৰু গা-গছবোৰ বিশুদ্ধিকৰণ কৰাটো নিতান্তই প্রয়োজন৷ পলু পোহাৰ আগত আৰু পিছত চোমনিখন শতকৰা ১ শতাংশ হাৰত ইউৰিয়া, ০.০২ শতাংশ হাৰত ছ'ডিয়াম হাইপ'ক্লৰাইড নামৰ এবিধ দ্রবণ আৰু ০.৫ শতাংশ হাৰত চোকমুক্ত চুণ (৫ কিল’গ্রাম ইউৰিয়া+২.৫ লিটাৰ ছডিয়াম হাইপ'ক্লৰাইড আৰু ২.৫ কিল’গ্ৰাম চোকমুক্ত চুণ ৫০০ লিটাৰ পানীত মিহলাই) ব্যৱহাৰ কৰিলে এই ৰোগৰ পৰা সকাহ পোৱা যায়। কাৰণ ই এবিধ ভাল বীজানুনাশক আৰু গছৰ বৃদ্ধিৰো সহায়ক। এই মিশ্রণটো পলু পোহাৰ এসপ্তাহ আগত চোমনিখনত ভালকৈ ছটিয়াব লাগে। পলুবোৰ দুছাল কটাৰ পিছৰে পৰা প্রতিবাৰ ছাল কটাৰ পিছত এই মিশ্রণ ছটিয়াব লাগে। পলু পুহি থাকোঁতে প্ৰাৰম্ভিক অৱস্থাতে ৰোগীয়া পলুবোৰ চিনাক্ত কৰি নষ্ট কৰি পেলাব লাগে। যদি আগৰ বাহ মুগা পলুত মুখ লগা ৰোগ হৈছিল তেনেহ’লে ইউৰিয়া, চডিয়াম হাইপ'ক্লৰাইড আৰু চোকমুক্ত চূণেৰে বীজাণু পৰিশোধন কৰাটো নিতান্তই প্ৰয়োজন। পলুবোৰ স্থানান্তৰ সময়ত সাৱধানে চুব লাগে যাতে পলুবোৰে আঘাত নাপায়। পলু পালনৰ সময়ত স্বাস্থ্যসন্মত ব্যৱস্থাবোৰ মানি চলিব লাগে। পলুক স্তৰ ভেদে উপযুক্ত পাত দিব লাগে। ভেঁকুৰ ৰোগ এইবিধ ৰোগ এবিধ ভেঁকুৰৰ দ্বাৰা হয়। লক্ষণ ৰোগত আক্রান্ত পলুবোৰ চলাচলত লেহেমীয়া হয় আৰু এলেহুৱা হয়। পাত খাবলৈ এৰি দিয়ে। পলুবোৰৰ ৰং পাতল হৈ শেতা বৰণৰ হৈ পৰে। ৰোগে আক্ৰমণ কৰাৰ ১২ ৰ পৰা ১৮ ঘণ্টাৰ ভিতৰতে পলুবোৰ লৰচৰ কৰিব নোৱাৰা হৈ জঠৰ হৈ পৰে। ২০ ৰ পৰা ২৪ ঘন্টাৰ ভিতৰতে পলুবোৰ মৰি যায়। মৃত পলুৰ গোটেই গাটো বগা ৰঙৰ ভেঁকুৰৰ অনুসূত্ৰৰে ঢাকি ধৰে। ৰোগ হোৱাৰ সময় জাৰকালি যেতিয়া ৰাতিৰ তাপমাত্ৰা অতি কম হয় আকাশ ঘন কুৱলীৰে ঢাকি ৰাখে আৰু বায়ুমণ্ডলৰ তাপমান ১০ ডিগ্রী চেলচিয়াছলৈ নামে তেতিয়াই এই ৰোগ হয়। সাধাৰণতে জাৰুৱা আৰু চতুৱা মুগা বাহ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। জেকা ৰ’দ নপৰা চোমনিত এই ৰোগ বেছিকৈ হয়। নিয়ন্ত্ৰণ ব্যৱস্থা কালচাৰেল পদ্ধতি যিহেতু জেকা চোমনিত এই ৰোগ বেছিকৈ হয়। সেয়ে জাৰোৱা মুগা বাহ লগাওঁতে সদায় ৰ’দ ঘাই চোমনি বাছি ল’ব লাগে। আগতীয়াকৈ চোমনিখন পৰিষ্কাৰ কৰি বীজাণুমুক্ত কৰি ল’ব লাগে। মুগা বাহ-পালনত নাইলনৰ আঁঠুৱা ব্যবহাৰ কৰা দৰকাৰ। পুৱা-গধূলি চোমনিত নিয়ৰ বা কুঁৱলী কমাবৰ বাবে ধোঁৱা দিব লাগে। ৰাসায়নিক পদ্ধতি জাৰোৱা মুগা বাহৰ বাবে কেন্দ্রীয় মুগা এৰী গবেষণা প্রতিষ্ঠানৰ ৰোগ নিয়ন্ত্রণ বিভাগত উপলব্ধ "লাহদৈ” এক লিটাৰ পানী হাৰত মিশ্রণটো বনাই লৈ পলু গছত লগোৱাৰ এসপ্তাহ আগত গোটেই গছ জোপা মাটিত ভালকৈ ছটিয়াব লাগে। প্রতিবাৰ পলু স্থানান্তৰ কৰাৰ আগত পলু লগাব লগীয়া গছখিনিত ‘লাহদৈ' ছটিয়াব লাগে। মুগা পলুৰ অপকাৰী পোক উজি মাখি দুবিধ মাখিয়ে মুগা পলুত বিন্ধি মুগা পলু বাহৰ বিস্তৰ ক্ষতি কৰে। মাখিৰ আক্ৰমণৰ ধৰণ উজি মাখিবোৰে মুগা পলু ছালৰ ওপৰ ভাগত কণী পাৰে। এই কণীবোৰৰ পৰা সৰু সৰু পলু ওলাই মুগা পলুৰ ভিতৰলৈ সোমাই পলুৰ গাৰ ভিতৰৰ কলাবোৰ খাবলৈ ধৰে। যেতিয়া এই মাখিৰ পলুবোৰ মুগা পলুৰ ভিতৰতে পৰজীৱি অৱস্থাত থাকি পূৰঠ অৱস্থা পায়, তেতিয়া ইহঁতে পুনৰ মুগা পলু বা লেটাটোক বাহিৰলৈ বিন্ধা কৰি ওলাই আহি চোমনিত বা সঁচ উৎপাদন কৰা ঘৰৰ ভিতৰৰ মজিয়াত লেটা বান্ধে। উজি মাখিয়ে আগতীয়াকৈ মুগাত আক্রমণ কৰিলে আক্রান্ত মুগাবোৰ পলু বা লেটা অৱস্থাতে মৰি যায়। কেনেবাকৈ পলুবোৰে বাহ বান্ধিলেও পলুৰ বাহবোৰ অতি নিম্নমানৰ হোৱা বাবে খেতিয়কে এই বাহ মুগা অতি কম দামতে বিক্ৰী কৰিব লগীয়া হয়। মাখিয়ে বিন্ধা মুগাবোৰ বেছি দিনলৈ নাৰাখি সোনকালে মুগাখিনি মাৰি পেলাই মাখি ওলোৱাৰ আগতেই বিক্ৰী কৰিলে দুটকা পোৱাৰ আশা থাকে। উজি হোৱাৰ সময় পুহ মাহৰ পৰা চ’ত মাহলৈ উজি মাখি বেছিকৈ হয়। সেয়ে জাৰকালিৰ পুহ আৰু চ'ত মাহৰ সঁচোৱা মুগা বাহ এই পৰজীৱী মাখিবিধৰ পৰা বহুত ক্ষতি কৰে। পৰৱর্তী সময়ত ব’হাগৰ মুগা বাহতে এই মাখি কম-বেছি পৰিমাণে পোৱা গৈছে। নিয়ন্ত্রণ ব্যৱস্থা যান্ত্রিক পদ্ধতি মুগা পলু পালনৰ সময়ত পলু পোহা গছত নাইলন আঁঠুৱা ব্যৱহাৰ কৰাটো অতি প্রয়োজন। কাৰণ আঁঠুৱাবোৰৰ মাজেদি উজি মাখি মুগা পলুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে আৰু ফলত মাখিয়ে কণী পৰাৰ সুবিধা নাপায়। সঁচ প্রস্তুত কৰাৰ সময়ত সকলোবোৰ উজি মাখিৰ লেটা সংগ্ৰহ কৰি নষ্ট কৰি পেলব লাগে। জৈৱিক পদ্ধতি অক্টোবৰ মাহৰ পৰা কেন্দ্রীয় মুগা এৰী গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠানত উপলব্ধ অতি পৰজীৱী মুগা চোমনিখনত মেলি থাকিলে উজি মাখিৰ লেটাবোৰ এই অতি পৰজীৱিবোৰে খাই নষ্ট কৰিব পাৰে। ফলত উজি মাখিবোৰৰ পৰিমাণ চোমনিখনত ক্ৰমে কমি যায়। লেখিকা: ড° ৰঞ্জনা দাস, দৈনিক জনমভূমি।