বড়োলেণ্ড ছেৰিকালচাৰ মিছন আঁচনি বড়োলেণ্ডৰ গ্রামাঞ্চলত এতিয়া আৰম্ভ হৈছে ৰেচম বিপ্লৱ, য'ত পৰম্পৰগাত ৰেচম উদ্যোগক পুনৰুজ্জীৱিত কৰি অৰ্থনৈতিক সবলীকৰণৰ এক শক্তিশালী ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস চলোৱা হৈছে। এই পৰিৱৰ্তনৰ মূলতে হ'ল বড়োলেণ্ড ছেৰিকালচাৰ মিছন। ই এনে এটা পদক্ষেপলৈ ৰূপান্তৰিত হৈছে, যিয়ে কেৱল চাকৰি সৃষ্টি কৰাই নহয়, অঞ্চলটোৰ স্থানীয় লোকৰ আত্মনিৰ্ভৰশীলতা বিকাশৰ ক্ষেত্ৰতো এক নতুনত্ব আনিবলৈ সক্ষম হৈছে। বড়োলেণ্ডৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে ২০২৩ চনত আৰম্ভ কৰা হৈছিল বড়োলেণ্ড ছেৰিকালচাৰ মিছন আঁচনি। বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চল (বি টি আৰ)ৰ পৰম্পৰাগত ৰেচম উদ্যোগক সজীৱ কৰি তোলাৰ ফলত শেহতীয়াকৈ অঞ্চলটোৰ ৰেচম উৎপাদকৰ বাৰ্ষিক আয় কমেও ২৫% বৃদ্ধি পোৱাত সহায়ক হৈছে বুলি বিষয়াসকলে জনায়। এই আঁচনি আৰম্ভ হোৱাৰ পূৰ্বে ৰেচম উৎপাদকে বছৰি প্ৰায় ৭০ হেজাৰ টকা উপাৰ্জন কৰিছিল। এতিয়া এই উপার্জন ১ লাখ টকালৈ বৃদ্ধি পাইছে। এই পৰিমাণ ১ লাখ ৫০ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। বড়োলেও স্বায়ত্তশাসিত পৰিষদ (বি টি চি) এক সংহত কাৰ্যসূচী হিচাপে পৰিকল্পিত এই ছেৰিকালচাৰ অভিযানত একাধিক সংস্থা জড়িত হৈ আছে। এই সংস্থাসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় ৰেচম ব'ৰ্ড, বস্ত্র মন্ত্র্যালয়, উত্তৰ-পূব হস্ততাঁত আৰু হস্ততাঁত উন্নয়ন নিগম (এন ই এইচ এইচ ডি চি), এন টি পি চি, বঙাইগাঁও আৰু বিশ্ব বেংকৰ পুঁজিৰে অসম কৃষি ব্যৱসায় আৰু গ্রাম্য পৰিবৰ্তন প্রকল্প। ভূটানৰ সীমান্তৱৰ্তী পাঁচখন জিলাত । বিস্তৃত ৮,৯৭০ বর্গকিলোমিটাৰ এলেকা বি টি চিয়ে পৰিচালনা কৰে। বৰ্তমান বি টি আৰত ৰেচম কৃষি পামৰ অধীনত ৪১,৮৫৪ একৰ ভূমি সামৰি লোৱা হৈছে, যাৰ ফলত ১,৬৫৮ খন গাঁৱৰ ৪৪,২৫০ টা পৰিয়ালৰ জীৱিকাৰ বাট মুকলি হৈছে। বি টি আৰ টি প্রশাসনে এই অভিযানৰ অধীনত ৰেচম কৃষি পালনৰ পৰম্পৰাগত পদ্ধতিৰ ঠাইত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছে। পূর্বতে তেওঁলোকে ঘৰুৱা শাল ব্যৱহাৰ কৰিছিল। এতিয়া উন্নত প্রযুক্তিৰ দ্বাৰা চালিত জেকার্ড শাল ব্যৱহাৰ কৰা হয়। কৃষকসকলক বিভাগৰ দ্বাৰা প্রশিক্ষণো প্রদান কৰা হয় আৰু ঠায়ে ঠায়ে বিশেষ ভ্রমণলৈ লৈ যোৱা হয়। পৰম্পৰাগতভাৱে মহিলাসকলে জীৱিকাৰ বাবে কৰা কৃষিৰ অংশ হিচাপে চলাই অহা এই উদ্যোগ এতিয়া এক সজীৱ আৰু সম্প্রদায়চালিত উদ্যোগত পৰিণত হৈছে। বড়োলেণ্ডৰ ৰেচমে ক্রমবর্ধমান প্রাধান্যৰ স্বীকৃতি ২০২৪ চনত লাভ কৰিছিল, যেতিয়া বড়ো এৰী ছিল্কক ভৌগোলিক সূচক (জি আই) টেগ প্রদান কৰা হৈছিল, যাৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে বড়ো ৰেচমে এক নতুন পৰিচয় লাভ কৰে। বিগত সময়ছোৱাত বড়োলেণ্ড ছেৰিকালচাৰ মিছনে ৬ হেজাৰতকৈ অধিক পৰিয়ালক প্রত্যক্ষভাৱে সহায় কৰি প্ৰতিটো পৰিয়ালত প্রশিক্ষণ, আন্তগাঁথনি আৰু প্ৰযুক্তিৰ সহায় আগবঢ়াইছে। বি টি আৰৰ বিষয়াসকলে কয় যে বড়োলেণ্ডৰ ৫৩.৮% গাঁৱত ধাৰাবাহিকভাৱে ৰেচমৰ উৎপাদন বৃদ্ধি পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ-পূবৰ এই উচ্চ মূল্যৰ ৰেচমৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী বি টি আৰৰ মুঠ কেঁচা ৰেচম উৎপাদনৰ হাৰ হৈছেগৈ ১,৫১০ মেট্রিক টন। ইয়াৰে ৯৭.১৭% অৰিহণা যোগায় এৰী কেঁচা ৰেচমে। ৰেচম উৎপাদনৰ ক্ষেত্ৰত অসমেই সর্বাধিক উৎপাদনকাৰী ৰাজ্য। ৰেচম উৎপাদনৰ প্ৰাৰম্ভিক পৰ্যায়ত উদ্ভিদৰ বিকাশ, বিশেষ সঁজুলি আৰু বীজাণুনাশকৰ ব্যৱস্থা, ৰেচম পালন কেন্দ্র স্থাপন, ৰোগ প্ৰতিৰোধী আৰু ৰোগমুক্ত ৰেচমৰ বীজৰ যোগান আদি প্রচেষ্টা জড়িত হৈ থাকে। অসমত এৰী ৰেচম উৎপাদনৰ প্ৰায় ৩০% আৰু ভাৰতত এৰী ৰেচম উৎপাদনৰ ২০% তকৈও অধিক বি টি আৰে অৰিহণা যোগায়। নতুন আন্তঃগাঁথনিৰ দ্বাৰা এই পৰিবৰ্তন আৰু অধিক শক্তিশালী কৰা হৈছে। ২০২৫ চনত দুটা ডাঙৰ এৰী ৰেচম স্পান মিল উদ্বোধন কৰা হয়, যি এই খণ্ডৰ বাবে এক টার্নিং পইন্ট হিচাপে বিবেচিত হৈছে। বি টি আৰৰ দুটা স্পান মিলৰ দ্বাৰা উৎপাদন বৃদ্ধি পাইছে। ইয়াৰে এটা বাক্সা জিলাৰ এন ই এইচ এইচ ডি চিৰ দ্বাৰা পৰিচালিত বৰমাত আৰু আনটো কোকৰাঝাৰ জিলাৰ কেন্দ্রীয় ৰেচম ব'ৰ্ডৰ পুঁজিৰে আদাবাৰীত স্থাপন কৰা হৈছে। ইয়াত ৪৫০ গৰাকীতকৈ অধিক লোকে কাম কৰে আৰু ইয়াত বছৰি ৪ মেট্রিক টনতকৈ অধিক এৰী সূতা উৎপাদন কৰাৰ ক্ষমতা আছে। ২০২৫ চনৰ ২ জানুৱাৰীত বাক্সা জিলাৰ বৰমাত উদ্বোধন কৰা প্ৰথমটো মিল উত্তৰ-পূব পৰিষদৰ ১৪.৯২ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা হৈছিল। দৈনিক ৪৬১ কিলোগ্রাম সূতাৰ উৎপাদন ক্ষমতাৰে ৩৭৫ জন লোকক প্রত্যক্ষ কর্মসংস্থাপন প্রদান কৰাৰ লগতে প্রায় ৫০ হেজাৰ গ্রাম্য পৰিয়ালৰ জীৱিকাৰ ক্ষেত্ৰত সহায় কৰিছে এই মিলটোরে। ২০২৫ চনৰ ২৪ আগষ্টৰ পৰা কোকৰাঝাৰৰ আদাবাৰীত কাম আৰম্ভ কৰা দ্বিতীয়টো মিলৰ বাবে কেন্দ্রীয় ৰেচম ব'র্ডে ১৩.৩৯ কোটি টকাৰ বিনিয়োগেৰে কাম কৰিছিল। ইয়াৰ দ্বাৰা বছৰি ৩৭ মেট্রিক টন এৰী সূতা উৎপাদন কৰাৰ লগতে ৯০ টা প্রত্যক্ষ চাকৰিৰ সৃষ্টি কৰা হৈছে আৰু ১৫,০০০ ৰো অধিক জীৱিকাৰ পথ মুকলি হৈছে। এই পদক্ষেপে বড়োলেণ্ডৰ ৰেচমক প্রিমিয়াম আৰু ৰপ্তানিৰ বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম কৰি তুলিলে। ইতিমধ্যে এন ই এইচ এইচ ডি চিয়ে বাক্সা মিলৰ পৰা প্রমাণিত সূতাৰ বিপণন আৰম্ভ কৰিছে, যিয়ে বহনক্ষম বস্ত্রশিল্পক আগবাঢ়ি যোৱাৰ সংকেত দিছে। ইতিমধ্যে ভাৰতৰ এৰী আৰু মুগা ৰেচমৰ কেন্দ্রবিন্দু হোৱাৰ বাবে বি টি আৰু সম্প্ৰসাৰিত ক্ষমতাই এই খণ্ডত অসমৰ আধিপত্য আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ কোকৰাঝাৰ, ওদালগুৰি, বাক্সা, চিৰাং, তামুলপুৰৰ হেজাৰ হেজাৰ পৰিয়ালৰ বাবে এই পৰিৱৰ্তন সম্ভৱপৰ হৈ উঠিছে। বড়োলেণ্ডৰ ৰেচম বিপ্লৱে কেৱল সমৃদ্ধি বোৱাই নহয়, ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী বস্ত্র মানচিত্ৰত অঞ্চলটোৰ স্থান উন্নীত কৰিছে।