বহু চক্ৰী এড়ি পলুৱে প্ৰতি বছৰতে ৫-৬ টা জীৱনচক্ৰ সম্পূৰ্ণ কৰে ৷ ঘৰৰ ভিতৰতে এড়ি পলু পালন কৰা হয় ৷ পাতৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বছৰ জুৰি এড়ি পলু পালন কৰিব পাৰি ৷ লু পোহা ঘৰ আৰু আহিলাসমুহ পলু পুহিবৰ বাবে বেলেগে ঘৰ বা কোঠা থাকিলে ভাল হয় ৷ ঘৰ বা কোঠাটো সম্পূৰ্ণভাৱে মহ, ডাঁহ সোমাব নোৱাৰা আৰু বায়ু চলাচল কৰি থকা হ’ব লাগে ৷ দুটা পদ্ধতিৰে পলুক পাত খুৱাব পাৰি যেনে – ডলা বা ট্টেত (পাত পলুক খুউৱাৰ দৰে) বা ডালেৰে সৈতে ৷ পকা পলুক বাঁহ বান্ধিবলৈ (Spining) শুকান ডাল পাত বা চন্দ্ৰকী আদিত দিয়া হয় ৷ লেটাবোৰ স্পিনিং কৰিব পাৰি, সূতা কাটিব নোৱাৰি ৷ এড়ি পালনত বিনিয়োগ খুউব কম সেইদৰে উৎপাদিত সামগ্ৰীৰ দামো যথেষ্ট কম ৷ সেয়েহে পলু পালকে ইয়াক গৌণ ব্যৱসায় হিচাপেহে কৰে ৷ কিন্তু বৈজ্ঞানিক পদ্ধতিৰে উন্নত ভাৱে এড়ি পালন কৰিলে উৎপাদন বৃদ্ধিৰ লগতে উৎপাদিত সামগ্ৰীৰ মানো যথেষ্ট উন্নত হয় ৷ পলু পালন কৰা ঘৰ আৰু আহিলা সমূহ বীজাণু মুক্ত কৰা পদ্ধতি: প্ৰথমেই পলু পালন কৰিবলৈ লোৱা ঘৰ বা কোঠা আৰু আহিলা সমূহ ৫% ব্লিচিং পাউদাৰেৰে ভালকৈ ধুব লাগে ৷ আহিলা সমুহ কোঠাটোত ৰাখি বতাহ সোমাব বা চলাচল কৰিব নোৱাৰাকৈ বন্ধ কৰি থব লাগে ৷ তাৰ পিছত ৫% ফৰমেলডিহাইড দ্ৰব্যৰে বাষ্পীকৰণ কৰিব লাগে ৷ এইদৰে ২৪ ঘন্টা সম্পূৰ্ণ বাষ্পীকৰণ কৰি ৰখাৰ পাছতে ঘৰটো বা কোঠাটো খুলি মুক্ত বায়ু চলাচল কৰিব দিব লাগে৷ পলু পালন কৰাৰ ৩ দিন আগতে আৰু শেষ হোৱাৰ ঠিক পাছতেই ঘৰৰ আহিলা সমূহ শোধন কৰাটো উচিত ৷ পলুৰ কণী উমনি দিয়া, পলু জগোৱা: ২৪-২৬ ছে: উষ্ণতা আৰু ৯৮-৯০% আৰ্দ্ৰতাত কণীৰ উমনি দিয়া হয় ৷ কণী পৰাৰ পৰা ৮-১০ দিনৰ ভিতৰতেই কণী ফুটি পলু জগে ৷ পলু জগাৰ সময় হৈছে পুৱা ৭ বজাৰ পৰা ৯ বজালৈ ৷ পলু জগিবৰ দিনা কণীবোৰ এখন ডলা বা ট্টেত মুকলিকৈ ৰাখিব লাগে ৷ এড়া গছৰ কোমল আগপাত কেইটামান সদ্য জগা পলুৰ ওপৰত ৰাখিব লাগে ৷ জগা পলুবোৰ কোমল পাতলৈ উঠা সম্পূৰ্ণ হ’লে নতুনকৈ সজীৱ পাত ৰখা ট্টে বা ডলালৈ স্থানান্তৰ কৰিব লাগে ৷ সাধাৰণতে ছালুকীয়া অৱস্থাত ট্টেত বা ডলাত তৃতীয় অৱস্থালৈকো পালন কৰি চতুৰ্থ আৰু পঞ্চম অৱস্থাত পাতৰ থোপা বান্ধি ডাঁৰত আঁৰি দিয়া হয় ৷ ট্টে বা ডলাতো সম্পূৰ্ণ পঞ্চম অৱস্থালৈকো পালন কৰিব পাৰি ৷ পলুক খাদ্য যোগান, পৰিস্কাৰকৰণ: প্ৰথম অৱস্থাত পলুক দিনে ৫ বাৰকৈ খাদ্যৰ যোগান ধৰা হয় ৷ ক্ৰমে পুৱা ৬ বজা, ১০ বজা, ২ বজা, সন্ধিয়া ৬ বজা আৰু ৰাতি ১০ বজাত ৷ চতুৰ্থ আৰু পঞ্চম অৱস্থাত দিনে ৪ বাৰকৈ পাতৰ যোগান ধৰা হয় ৷ ক্ৰমে ৬ বজা, ১১ বজা, ৫ বজা আৰু ১০ বজাত ৷ ট্টে বা ডলাবোৰ প্ৰথম অৱস্থাত (1st instar) এবাৰেই চাফা কৰা হয় (প্ৰথম মোট সলোৱা বা ছালকটা আৰম্ভ কৰাৰ আগে আগে) ৷ দ্বিতীয় অৱস্থাত দুবাৰ চাফা কৰা হয় (প্ৰথম ছাল কটাৰ পিছত আৰু দ্বিতীয়বাৰ ঠিক মোট সলোৱাৰ আগে আগে)৷ শেষ অৱস্থাত প্ৰত্যেক দিনেই ডলাবোৰ চাফা কৰিব লাগে ৷ মোট সলাওঁতে ল’ব লগা যত্ন সম্পূৰ্ণ পলু অৱস্থাত পলুৱে ৪ বাৰ মোট সলায় বা ছাল কাটে ৷ ছাল কটা অৱস্থাত পলুৱে খাদ্য গ্ৰহণ নকৰে আৰু এক বিশেষ ভংগীমাত মূৰটো আৰু দেহৰ আগভাগ ওপৰলৈ থিয়কৈ ৰাখি একেৰাহে ৰৈ থাকে ৷ এইটোৱেই হৈছে মোট সলোৱাৰ প্ৰথম জাননী ৷ বতৰ বিশেষে অথবা পলুৰ অৱস্থা (Inster wise) বিশেষে ২৪-২৮ ঘন্টাৰ ভিতৰত পলুৱে মোট সলোৱা সম্পূৰ্ণ কৰে৷ ছাল কটা অৱস্থাত পলু পালন কৰা ঘৰটোত ভালদৰে বায়ু চলাচল কৰিব দিব লাগে আৰু ডলা বা ট্টে আপেক্ষিকভাৱে শুকান কৰি ৰাখিব লাগে ৷ যেতিয়া প্ৰায় ৯৫% পলুৱে ছালকটা সম্পূৰ্ণ কৰে ৷ তেতিয়াহে পলুক পুনৰ খাদ্যৰ যোগান ধৰিব লাগে ৷ বাহ বা লাট সজা আৰু লাট সংগ্ৰহ পুৱা ভাগতেই পলু পকা আৰম্ভ হয় ৷ পকা পলুবোৰ ধৰি ককোনেজ বা বাহ সাজিবৰ উপযোগী শুকান ডাল পাতত ৰখা হয় যাতে বাহ বান্ধিব পাৰে ৷ বাহৰ চন্দ্ৰকী লেটা সাজিবৰ বাবে উপযোগী ৷ বাহ সজাৰ সময়তো ভালদৰে বায়ু চলাচল কৰিবলৈ দিব লাগে ৷ বাহ বান্ধিবলৈ এড়ি পলুক জাৰ কালি ৫ দিন আৰু জহ কালি ৩ দিন সময় লাগে ৷ পঞ্চম দিনাৰ পৰা অষ্টম দিনৰ ভিতৰত জালি ভাঙিব পৰা হয় ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।