মুগাশিল্প অসমৰ এটি ডাঙৰ গৌৰৱ ৷ গোটেই পৃথিৱীৰ ভিতৰত কেৱল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত এই সোণালী ৰঙৰ মুগা সূতা উৎপন্ন হয় ৷ সকলো ৰেচমৰ ভিতৰতে ই মূল্যৱান ৷ দেশৰ অৰ্থনৈতিক উন্নতিত এই শিল্পৰ প্ৰসাৰণে যথেষ্ট অৰিহণা যোগাব পাৰে যদিহে ইয়াৰ সকলো দিশ বৈজ্ঞানিক ভিত্তিত আগবঢ়াই নিব পৰা যায় ৷ মুগাশিল্পৰ প্ৰায় সকলোবোৰ দিশৰ কাম-কাজ পুৰণা নিয়মতে চলাই থকা হৈছে ৷ বৈজ্ঞানিক ভিত্তিত কিছু কাম কৰা হৈছে যদিও সীমিত ৷ ইয়াত প্ৰধানকৈ মুগা খোলা সিজোৱা আৰু সূতা কটাৰ বিষয়ে আলোচনা কৰা হ’ব ৷ মুগা খোলা খাৰ পানীত সিজাই তাৰ পৰা আঁহ উলিয়াই পাক দি সূতা প্ৰস্তুত কৰা হয় ৷ এই খোলা সিজাওঁতে বিশেষ সাৱধানতা অৱলম্বন নকৰিলে সূতাৰ গুণ সমূহ অটুত নাথাকে ৷ খাৰ বেছি হ’লে বা কম হ’লে, পানী হিচাবতকৈ কম বা বেচি হ’লে, সিজোৱা সময় বঢ়া-টুতা হ’লে, সূতা কাটোতে আৰম্ভণিৰ পৰা শেষলৈকে সমান সমান খোলা ব্যৱহাৰ নকৰিলে, সমান জোখত পাক নিদিলে ইত্যাদি বিশেষ কিছুমান কাৰণত সূতাৰ গুণ নষ্ট হয় আৰু কেতিয়াবা সূতা পেলনিও যাব পাৰে ৷ উপযুক্ত মাধ্যমত, নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত সূতা কাটিলে সূতাৰ জোৰ তথা স্হিতিস্হাপকতা, উজ্জ্বল সোণালী ৰঙ, আৱশ্যক পৰিমাণৰ মিহি আদি গুণ সমূহ ভালে থাকে ৷ বজাৰত উজ্জ্বল সোণোৱালী ৰঙৰ চাহিদা বেচি ৷ বতাহ চলাচল কৰা, ধোঁৱা বিহীন পৰিবেশ সূতা সিজোৱা আৰু কটা সকলৰ বাবে বৰ আৱশ্যক ৷ ধোঁৱাৰে পৰিপূৰ্ণ আৰু লেতেৰা পৰিবেশত কাম কৰাটো স্বাস্হ্যৰ পক্ষে বৰ ক্ষতিকাৰক ৷ তলত এটি উপযুক্ত মুগা খোলা সিজোৱা পদ্ধতি দিয়া হ’ল ৷ (১) মুগা খোলা = ৪০০ (এবাৰত লব লাগে) (২) খাৰ = চ’ডা ১৬ গ্ৰাম নাইবা কলখাৰ ১০০ গ্ৰাম নাইবা ধানখেৰ ৭০০ গ্ৰাম ৷ (৩) পুখুৰীৰ পানী = ৮ লিটাৰ ৷ (৪) এবিধ পিচলকাৰী ৰাসায়নিক পদাৰ্থ = ৮ মি.লি. (প্ৰায় চাহ চামুচেৰে দুচামোচ) ‘টিপল’ ৷ (৫) ষ্টেইনলেচ ষ্টীলৰ ঢাকোন থকা চচপেন = ২০ লিটাৰ পানী ধৰা ৷ (৬) উষ্ণতা জোখা যন্ত্ৰ = থাৰ্মমিটাৰ এডাল ৷ (৭) কাঠৰ চামোচ = এখন ৷ (৮) ‘ভাউৰী’ বা মুগা সূতা কটা যিকোনো মেচিন = এটা ৷ উপৰোক্ত বস্তুখিনি মুগা সূতা কাটিবৰ বাবে প্ৰয়োজন হয় ৷ খোলা সিজাওঁতে ল’ব লগা সাৱধানতা তলত উল্লেখ কৰা হ’ল – (১)খোলা সিজাবৰ বাবে সমানকৈ তাপ পাব পৰা ধোঁৱা নোলোৱা চৌকা ব্যৱহাৰ কৰিব লাগে ৷ (২)এবাৰত ৪০০ খোলা সিজালে যি পৰিমাণৰ অন্য বস্তু লাগিব সেইয়া ওপৰত উল্লেখ কৰা হ’ল ৷ (৩)তিনিবিধ খাৰৰ ভিতৰত এবাৰত যিকোনো এবিধ খাৰ ব্যৱহাৰ কৰিব লাগে ৷ খোলা সমূহৰ ওজন খুব বেচি হ’লে বা পুৰণা খোলা হ’লে খাৰৰ পৰিমাণ সামাণ্য বেচি ল’ব লগা হ’ব পাৰে ৷ (৪)‘দমকল’ বা ‘টেপৰ’ পানী পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে ৷ তেনে পানীত দ্ৰৱীভূত হৈ থকা খনিজাত লৱণে সূতাৰ গুণ আৰু ৰঙ দুয়োটাই নষ্ট কৰে ৷ (৫)খাৰ পানীৰ লগত ‘টিপল’ নামৰ ৰাসায়নিক পদাৰ্থবিধ ব্যৱহাৰ কৰিলে সূতাৰ পৰা আঠা সহজে এৰাই যোৱাত সহায় কৰে; তাৰোপৰি সূতা কাটোতে পিচল গুণ দিয়ে ৷ জবা ফুলৰ পাত, ডেমডেৰুকা, ঔটেঙা বীজ আদি ব্যৱহাৰ কৰিলেও সূতাৰ পিচল গুণ আহে ৷ টিপলে সূতাৰ পৰা যিহেতু সহজে আঠা এৰাই অহাত সহায় কৰে গতিকে সিজোৱা সময় কম লাগে ৷ (৬)খোলা সিজাওঁতে খাৰ পানীৰ উষ্ণতা ১০০o চেন্টিগ্ৰেডৰ ওপৰত গ’লে খোলা সমূহ ফাটি যায় ৷ সেইবাবে উষ্ণতা ১০০o চেন্টিগ্ৰেডৰ তলত ৰাখিবলৈ যত্ন কৰা ভাল ৷ (৭)খোলা সিজাওঁতে ষ্টেইনলেচ ষ্টীলৰ চচপেন ব্যৱহাৰ কৰা ভাল ৷ ইয়াৰ লগত ৰাসায়নিক বস্তুৰ বিক্ৰিয়া নঘটে ৷ খোলা সিজোৱা আৰু কটা (১)খোলা সিজোৱা আগদিনাই ৰাতি উপযুক্ত পৰিমাণৰ খাৰপানীত টিপল সহ খোলাখিনি চচপেনটোত তিয়াই থ’ব ৷ এনে কৰিলে কম সময়ত খোলা খিনি সিজিব৷ কলখাৰ বা ধানখেৰ ব্যৱহাৰ কৰিব লগা হ’লে কাপোৰত বান্ধি উপযুক্ত পৰিমাণৰ পানীত তিয়াই থ’লে খাৰপানী প্ৰস্তুত হয় ৷ চ’ডা ব্যৱহাৰ কৰিলে পানীত ভালদৰে গুলি ল’ব লাগে ৷ (২)পিচদিনা পুৱা চচপেনটোৰ তলত ২০-৩০ মিনিট জুই দিব লাগে ৷ চচপেনৰ ঢাকোনখন প্ৰথমতে দি থ’ব লাগে ৷ খাৰপানীত উতল অহাৰ পাচত ৫/৬ মিনিটৰ মূৰে মূৰে কাঠৰ হেঁতাৰে খোলাখিনি লৰাই তল ওপৰ কৰি দিব লাগে যাতে সকলো খোলা একেসময়তে ভালদৰে সিজে ৷ (৩)খোলা সিজাৰ পাচত জুইৰ পৰা চচপেনটো নমাই খাৰপানী সহ খোলাখিনি বহল মুখৰ চৰিয়াত ল’ব লাগে ৷ খোলা ভালদৰে সিজিলে তাৰ ওপৰৰ পাতল আৱৰণখন গুচাই দিলে সূতাৰ আঁত পোৱা যায় ৷ এতিয়া চৰিয়াটোত পুনৰ ১ লিটাৰ মান কুহুমীয়া পানী আগৰ খাৰপানীৰ লগত মিলাই দিলে সূতা কাটোতে খোলাখিনি সেই পানীত উপঙি থাকিব ৷ এনে কৰিলে সূতা সহজে খোলাৰ পৰা ওলাই পৰে ৷ ৮/৯ টা খোলাৰ আঁহ একেলগে গোটাই হাতৰ ঠাৰিত পাক দি ‘ভাউৰী’ বা অন্য মেচিনৰ সহায়ত সূতা কাটিব লাগে ৷ মন কৰিব লাগে যাতে ৮/৯ টা খোলাৰ আঁহ অনবৰত সূতাত আহি থাকে ৷ এটা খোলা শেষ হ’লে বা ছিগিলে তৎক্ষণাত আন এটা খোলাৰ আঁহ লগ লগাই দিব লাগে ৷ এনেকৰিলে সমান জোখৰ সূতা পোৱা যায় ৷ (৪)উল্লিখিত পদ্ধতিটোত উজ্জ্বল সোনোৱালী ৰঙৰ, সকলো গুণ অটুত হৈ থকা মিহি মুগা সূতা পাব পাৰি৷ এই বিজ্ঞান সন্মত পদ্ধতিটোত খৰচ যথেষ্ট কম হয় আৰু পেলনি নোযোৱাকৈ বহু সূতা পাব পাৰি৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।