ৰোপন পদ্ধতি এৰা, ৰিচিনাচ কমোনিচ মাটি নিৰ্বাচন পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম । খাৰ যুক্ত আৰু অম্ল গূণ উভয় ধৰণৰ মাটি উপযুক্ত । খেতিৰউপযুক্তসময় বাৰিষাৰ আগত বা পাচত । চত- বহাগ অথবা আহিন- কাতি । এৰাগছৰপ্রজাতি পাউদাৰ বিহিন ৰঙা জাতৰ এৰা (এন.বি.আৰ-১,২ অথবা ৩) পলু পোহাৰ বাবে সৰ্ব্বোত্তম । ইয়াৰ উপৰিও উচ্চ তেল উৎপাদনক্ষম প্রজাতি যেনে জ্যোতি, জি.চি.এইচ-৫, জি.চি.এইচ-৪, ডি.চি.এইচ-৫১৯, ডি.চি.এইচ-১৭৭, চি.ও-১,অৰুণা আদিও এৰী পলু পুহিবৰ বাবে উপযুক্ত । মাটি প্রস্তুতকৰণ খেতি ডৰা ২-৩ বাৰ ২৫-৩০ ছে.মি. দকৈ হাল বাই সমান কৰি পানী ওলাই যোৱা নলা কাটি দিব লাগে । ১ মিx ১ মি ব্যৱধানত ২৫x২৫x২৫ ছে.মি. জোখত গাঁত খান্দি প্রতিতো গাঁতত 1 কি.গ্রাম পঁচা গোবৰ সাৰ মিহলাই দিব লাগে । এৰাবীজসংগ্রহ আৰু সিঁচা পদ্ধতি ফৰকাল বতৰত পুৰঠ নিৰোগী এৰা বীজ সংগ্রহ কৰিব লাগে । প্রতি কি.গ্রাম বীজত ২ গ্রাম ভেকুঁৰ নাশক বেভিস্তিন মিহলাই লব লাগে । আগতে তৈয়াৰ থকা গাঁতত দুটাকৈ বীজ কমেও ২ ছে.মি. দকৈ পুতি দিব লাগে । ডাঙৰ হলে এটা পুলি উভালি দিব লাগে । প্রথম ফুলৰ কলি কাটি দিলে বেচিকৈ ডাল পাত হয় । ৭-১০ দিনৰ পাচত বীজ অংকুৰিত হয় । এৰাগছৰ প্রতিপালন আৰু সাৰপ্রয়োগৰনিৰিখ প্রতি জোপা এৰা গছত এন.পি.কে প্রয়োগ প্রথম কিস্তি বীজ অংকুৰণৰ এমাহ পাচত ইউৰীয়া ১৩ গ্রাম , ফচফেট ২৫ গ্রাম আৰু পটাচ ৩ গ্রাম তিনিমাহৰ পাচত ২য় কিস্তি সাৰইউৰীয়া ৭ গ্রাম প্রয়োগ কৰিব লাগে । নিয়মিয়াকৈ ঘাঁহ বন নিৰাই দিব লাগে (বছৰেকত ৩-৪ বাৰ)। পাতসংগ্রহ প্রথমবাৰ পাত খেতিৰ তিনিমাহৰ পাচত সংগ্রহ কৰিব পাৰি । পৰবৰ্ত্তী ২য়,৩য়,৪ৰ্থ পাত সংগ্রহ এমাহ অন্তৰে অন্তৰে কৰিব পাৰি । উৎস: এৰীকালচাৰ- এ কম্প্রিহেনচিভ প্রফাইল ২০১৩, ৰেচম সঞ্চলকালয়, বি.টি.চি, কোকোৰাঝাৰ-৭৮৩৩৭০, অসম । পেকেজ অব প্রেকটিচেচ অব মুগা, এৰী এন্দ মালবেৰী চেৰিকালচাৰ ইন নৰ্থ ৰিজন অব ইন্দিয়া, ২০০৫, চেন্ত্রেল মুগা এৰী ৰিচাৰ্চ এন্দ ট্রেইনিং ইন্চটিটিইউত, লাহদৈগড়, যোৰহাট, অসম । কেচেৰু, হেটাৰ’পেনেক্স ফ্রেগৰেন্চ নাৰ্চাৰী প্রস্ততকৰণ মাটি নিৰ্বাচন: পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম । ঋতু: ফাগুন-চ’ত বীজতলি প্রস্তুতকৰণ বীজতলি ২-৩ বাৰ হালবাই সমান কৰি লব লাগে । ৬x২ মিটাৰ জোখৰ বীজতলী তৈয়াৰ কৰি ১৫ ছে.মি ওখকৈ ৰাখিব লাগে । প্রতিখন বীজতলিত ৬ চি এফ টি গোবৰ প্রয়োগ কৰি ২ সপ্তাহ ৰাখিথব লাগে । খেৰৰ অথবা এগ্র জালিৰ চালি তৈয়াৰ কৰিলে সুফল পাব পাৰি । প্রয়োজন অনুযায়ী ভেকুঁৰ নাশক দৰব ০.১% ইন্দফিল-এম-৪৫ ছটিয়াব লাগে । বীজ সংগ্রহ চৰাই চিৰচকতিয়ে খাব নোৱাৰাকৈ গছৰ গুটি জালেৰে ঢাকি দিব লাগে । ফাগুন- চত মাহত পূৰঠ গুটি সংগ্রহ কৰি এৰাতি পানীত জুবুৰিয়াই ৰাখিব লাগে । পিচদিনাখন গুটিবোৰ বস্তা এখনত ঘঁহি বাকলি গুচাই লব লাগে । মাত্র পনীত ডুবযোৱা গুটি সিঁচিবৰ বাবে লব লাগে । বীজ সিঁচা পদ্ধতি ৬x২ মি. বীজতলীত পাতলিয়াকৈ ৮00 গুটি সিঁচিব লাগে । বীজ সিঁচাৰ পাচত গুটি গজালৈকে বীজতলীখন পাতল খেৰ বা নৰাৰে ঢাকি ৰাখিব লাগে । পাতলিয়াকৈ খেৰদি চালি বনাই দিব পাৰিলে সুফল লাভ কৰিব পাৰি । খৰাং বতৰত নিতৌ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে । শতকৰা ৯0 ভাগ গুটি জগাৰ পাচত খেৰ বিলাক গুচাই দিব লাগে । বৰ্তমান বজাৰত উপলব্ধ এগ্র জালিৰ চালিত নাৰ্চাৰী কৰিলে অধিক লাভমান হব পাৰি । প্রতিপালন নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে । 0.0৫ % ৰগৰ 0.১ % ইন্দফিল এম -৪৫ সহ চটিয়াই কীট পতংগ, ৰোগ প্রতিৰোধ কৰিব পাৰি । ৪ফুট উচ্চতালৈকে এটা এটাকৈ পুলি ৰাখিব লাগে ১৫ দিনৰ অন্তৰে অন্তৰে ৩ বাৰ শতকৰা ১০% ইউৰীয়া ছটিয়াই দিলে সবল পুলি পাব পাৰি । কেচেৰুৰ মুখ্য খেতি মাটি নিৰ্ব্বাচন পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম । ঋতু ভাদ-আহিন মাটি প্রস্তুতকৰণ খেতি ডৰা ২-৩ বাৰ ২০-২৫ ছে.মি. দকৈ হাল বাই সমান কৰি পানী ওলাই যোৱা নলা কাটি দিব লাগে । গাঁতপ্রস্তুতকৰণ, দূৰত্ব নিৰ্দ্ধাৰণ আৰুসাৰপ্রয়োগ ২মিx ২ মি ব্যৱধানত ৩০x৩০x৩০ ছে.মি. জোখত গাঁত খান্দি প্রতিতো গাঁতত ৫ কি.গ্রাম পঁচা গোবৰ সাৰ মিহলাই দিব লাগে । আন্তঃকালিন খেতি কৰিবলৈ সুবিধাৰ বাবে ৩মিx ৩ মি ব্যৱধানত পুলি ৰোপন কৰা উচিত । পুলিৰোপন আৰু প্রতিপালন ছমহীয়া ২৫-৩৫ ছে.মি. ওখ পুলি যথাসম্ভব বৰষুনৰ বতৰত ৰোপন কৰিব লাগে । নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে । গোবৰ আৰু ৰাসায়নিক সাৰপ্রয়োগ বাৰিষাৰ পাচত প্রতিজোপা গছৰ চাৰিওফালে ঘুৰণীয়াকৈ নলা কাটি আধা চি.এফ. টি. জোখত গোবৰ সাৰ প্রয়োগ কৰিব লাগে । বাৰিষাৰ আগত আৰু পাচত এন.পি.কে সাৰ বছৰিহেক্টৰত ১৫০:৭৫:২৫ কিলোগ্রাম হাৰত দুটা কিস্তিত প্রয়োগ কৰিব লাগে । গছকলমদিয়া পাঁচবছৰ বয়স হোৱাৰ পাচত গা-গছ জোপা শকত হলে ১.৭৫ মিটাৰ উচ্চতাত কলম৪৫o কোন ৰাখি দিব লাগে । ৩-৪বছৰ অন্তৰে অন্তৰে এখাপ ওখ এখাপ তলত কলম দিব লাগে । উৎস: এৰীকালচাৰ- এ কম্প্রিহেনচিভ প্রফাইল ২০১৩, ৰেচম সঞ্চলকালয়, বি.টি.চি, কোকোৰাঝাৰ-৭৮৩৩৭০, অসম । পেকেজ অব প্রেকটিচেচ অব মুগা, এৰী এন্দ মালবেৰী চেৰিকালচাৰ ইন নৰ্থ ৰিজন অব ইন্দিয়া, ২০০৫, চেন্ত্রেল মুগা এৰী ৰিচাৰ্চ এন্দ ট্রেইনিং ইন্চটিটিইউত, লাহদৈগড়, যোৰহাট, অসম ।