অসমত চাহ গছক গুৰুতৰভাৱে আক্ৰমণ কৰিব পৰা কীটসমুহৰ ভিতৰত ‘লুপাৰ কেটাৰপিলাৰ’ অন্যতম ৷ কেতিয়াবা কোনো কোনো অঞ্চলত এই কীটৰ আক্ৰমণে মহামাৰী ৰূপেও দেখা দিব পাৰে ৷ বসতি আৰু বাসস্থান একাচিয়া কেটেচু, ডেৰিচ ৰ’বাষ্টা, এলবিজিয়া চাইনেনচিচ, এলবিজিয়া লিবেক আদি গছত লুপাৰ কেটাৰপিলাৰ পোৱা যায় ৷ ভৰমেদেলুৱা (ডালবাৰজিয়া আচামিকা) আৰু নীল গচ (ইণ্ডিগ’ফেৰা টিজমেনী) লুপাৰ কেটাৰপিলাৰৰ উল্লেখযোগ্য বসতিস্হল ৷ লুপাৰৰ পখিলাবোৰে সাধাৰণতে ছাঁ-গছ অথবা বাগিছাৰ আশে পাশে থকা ওখ গছবোৰৰ গা-গছত কণী পাৰে ৷ লুপাৰ কেটাৰপিলাৰৰ পখিলাবোৰ ধোঁৱা বৰণীয়া, পাখী দুখনত অসংখ্য ক’লা ক্ষুদ্ৰ ক্ষুদ্ৰ ফুট আৰু হালধীয়া বৰণৰ দাগ থকা হয় ৷ পখিলাবোৰে থুপ খুৱাই কণী পাৰে আৰু এনে একোটা থুপত ২০০-৬০০ কণী থাকে ৷ কণিবোৰ চুঙাকৃতিৰ হয় আৰু ইহঁত তুতীয়া বৰণৰ ৷ বাগিচাৰ কাষত থকা বাহনিতো লুপাৰে কণী পৰা দেখা যায় ৷ লুপাৰ কেটাৰপিলাৰৰ বিভিন্ন অৱস্থা পাব পৰা সময় পখিলা পলু লেটা ফেব্ৰ'ৱাৰীৰ শেষভাগ-মাৰ্চৰ প্ৰথমভাগ মাৰ্চৰ আগভাগ-এপ্ৰিলৰ তৃতীয় সপ্তাহ মাৰ্চৰ আগভাগ-মে’ৰ প্ৰথম সপ্তাহ মাৰ্চৰ আগভাগ-মে’ৰ মাজভাগ মে’ৰ মাজভাগ-জুনৰ তৃতীয় সপ্তাহ জুনৰ শেষভাগ-জুলাইৰ প্ৰথম সপ্তাহ জুলাইৰ আগভাগ-জুলাইৰ মাজভাগ জুলাইৰ মাজভাগ-আগষ্টৰ মাজভাগ জুলাইৰ শেষভাগ-আগষ্টৰ শেষভাগ আগষ্টৰ মাজভাগ-অক্টোবৰৰ আগভাগ ছেপ্তেম্বৰৰ আগভাগ-অক্টোবৰৰ মাজভাগ অক্টোবৰৰ শেষভাগ-নবেম্বৰৰ প্ৰথম সপ্তাহ ঠাইবিশেষে জলবায়ু অনুযায়ী এই সময়ৰ কিছু তাৰতম্য ঘটিব পাৰে ৷ আক্ৰমণৰ লক্ষণ পলু অৱস্হাত লুপাৰে কুমলীয়া পাতৰ দাতিত সৰু সৰু ফুটা কৰে আৰু পাছত কাষৰ পৰা পাতবোৰ টুকুৰা টুকুৰকৈ খায় ৷ ডাঙৰ হৈ অহাৰ লগে লগে কেটাৰপিলাৰবোৰে সম্পূৰ্ণ পাতখিলায়েই খাই পেলায় ৷ ডাঙৰ অৱস্হাত ই বুঢ়াপাতো আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে আক্ৰান্ত অৱস্হাত গছৰ সম্পূৰ্ণ পাতবোৰ খাই গছজোপা লঠঙা কৰি তোলে ৷ লুপাৰে সাধাৰণতে বছৰত ৪ বাৰ কণী পাৰে আৰু বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি পলুবোৰ ৫ টা বিভিন্ন স্তৰত পোৱা যায় ৷ কেটাৰপিলাৰ বোৰৰ বৰণ গছৰ পাত বা ঠাৰিৰ লগত মিলি থকাৰ বাবে ভালদৰে নিৰীক্ষণ কৰিলেহে গছত ইহঁতৰ অৱস্হিতি নিৰ্ণয় কৰিব পাৰি ৷ নিয়ন্ত্ৰণ কেটাৰপিলাৰবোৰ সৰু অৱস্হাত হাতেৰে সংগ্ৰহ কৰি ধবংস কৰক ৷ ডিচেম্বৰ-ফেব্ৰ'ৱাৰী মাহত লুপাৰ আক্ৰান্ত চাহনিডৰাত গছৰ গুৰি অংশ খুচৰি কফি ৰঙৰ লেটাবোৰ সংগ্ৰহ কৰি ধবংস কৰি পেলাওক৷ হাতেৰে নতুবা আকাশবন্তি (পেষ্ট-ও-প্লাষ্ট) ৰ সহায়ত ফেব্ৰ'ৱাৰী – মাৰ্চ আৰু আগষ্ট – অক্টোবৰ মাহত লুপাৰৰ পখিলাবোৰ সংগ্ৰহ কৰি পেলালে ইহঁতৰ গছৰ আক্ৰমণৰ পৰা গছবোৰক বহু পৰিমাণে ৰক্ষা কৰিব পাৰি ৷ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ সময় ৰাসায়নিক দ্ৰব্য পৰিমাণ প্ৰতি ১০০ লি: পানীত (হস্তচালিত স্প্ৰেয়াৰৰ বাবে) ফেব্ৰ'ৱাৰী – এপ্ৰিল এণ্ড’চালফন ৩৫ ই.চি. বা কাৰটাফ হাইড্ৰক্ল’ৰাইড ৫০ এচ.পি. ২৫০ মি: লি: ১০০গ্ৰা: মে’ – জুলাই ফৰচুনায়া (০.১৫ %) বা নিমগ’ল্ড বা ইথ’ফেনপ্ৰক্স ১০ ই.চি. ৫০০ মি: লি: ৬৭০ মি: লি: ১০০ মি: লি: আগষ্ট – জানুৱাৰী মে’ – জুলাইৰ দৰে - গুৰুতৰ আক্ৰমণত ডেল্টামেথ্ৰিন ২৮ ই.চি. বা আলফামেথ্ৰিন ১০ ই.চি. পলুৰ সৰু অৱস্হাত – ১৫ মি: লি: পলুৰ ডাঙৰ অৱস্হাত – ২৫ মি: লি: মনত ৰাখিব গুৰুতৰ অৱস্থাত যুদ্ধকালীন তৎপৰতাৰে লুপাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা লওঁক ৷ এনে অৱস্হাত পাৱাৰ স্প্ৰেয়াৰ ব্যৱহাৰ কৰি পলুৰ সৰু আৰু ডাঙৰ অৱস্হাৰ বাবে উল্লেখিত দ্ৰব্য দুগুণ কৰি মিহলাই স্প্ৰে’ কৰিলে অধিক ক্ষীপ্ৰতাৰে বাগিছাখন লুপাৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি ৷ ছাঁ-গছৰ গা-গছতো ঢুকি পোৱালৈকে ৰাসায়নিক দ্ৰব্য স্প্ৰে’ কৰা উচিত ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।