শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৰগাঁৱত চৰণ দাস নামৰ এইজন লোকে বিগত ৮ বছৰ ধৰি নিজৰ মাটিত বিঘাই বিঘাই মালভোগ খেতি কৰি আহিছে। চৰণ দাসে অন্যান্য বিভিন্ন ধৰণে কৃষি কাম কৰাৰ লগতে মালভোগ কলৰ খেতি কৰি সুন্দৰভাৱে পৰিয়াল পোহপাল দিয়াৰ উপৰি নিজে স্বাৱলম্বী হৈ আদৰ্শৰ বাট দেখুৱাইছে। কোনোধৰণৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ আনৰ কলৰ খেতি দেখি সুন্দৰভাৱে মালভোগ কলৰ খেতি কৰি অঞ্চলটোৰ বজাৰো দখল কৰিছে। চৰণ দাসে আমাক জানিবলৈ দিয়া মতে বিগত ৮ বছৰ পূৰ্বে তেওঁ ৰঙিয়ালৈ গৈছিল। সেই ঠাইৰ কোনো লোকে মালভোগ কলৰ খেতি কৰা দেখি সেই খেতি তেওঁ কৰাৰ ইচ্ছা প্ৰকাশ কৰি মালভোগ কলৰ খেতি আৰম্ভ কৰে। প্ৰথম বছৰত তেওঁ ২ বিঘা মাটিত কলখেতি আৰম্ভ কৰে। এইগৰাকী লোকে আমাক জনোৱা মতে এবিধা মাটিত এই খেতি কৰোঁতে প্ৰায় ১০ হেজাৰ টকা ব্যয় হয় যদিও ৫০ হেজাৰ টকামান উপাৰ্জন হয়। এবাৰ লগোৱা কলৰ পুলিৰ পৰা তিনি বছৰ ফল পোৱা যায়। ইপিনে তিনি বছৰৰ পাছত পুনৰ নতুনকৈ কলপুলি লগাব লাগে। কোনোধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাৰ বিপৰীতে গোবৰ সাৰ প্ৰয়োগ কৰি মালভোগ কলৰ খেতি কৰি পোৱা উৎপাদিত কলবোৰ তেজপুৰ, ঢেকীয়াজুলি চহৰলৈ ব্যৱসায়ীয়ে ক্ৰয় কৰি লৈ যায়। বিগত কেইবছৰ দুই বিঘা মাটিত কৰাৰ পাছত কলগছ পুৰণি হোৱাত এইবছৰ নতুনকৈ এবিঘা মাটিত কৰিছে এই খেতি। অঞ্চলটোৰ ভিতৰতে চৰণ দাসেই একমাত্ৰ লোক যি ব্যৱসায়িক ভিত্তিত মালভোগ কলৰ খেতি কৰি স্বাৱলম্বী হৈছে। কৰ্মহীন নিবনুৱা যুৱকসকলে এইধৰণৰ কৰ্মপন্থা গ্ৰহণ কৰিলে ৰাজ্যখনত নিবনুৱা সমস্যা হ্ৰাস পাব। সেয়া যিয়েই নহওক মালভোগ কলৰ খেতি কৰি একপ্ৰকাৰে এইজন লোকে দেখুৱাইছে আদৰ্শ। (উৎসঃ অসমীয়া খবৰ, লক্ষণ গোৱালা)।