শিক্ষা-দীক্ষা লাভ কৰি চাকৰি বিচাৰি সময় নষ্ট নকৰি গঢ়শালত কাঁহৰ সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে কাঁহশিল্প নগৰ সৰ্থেবাৰীৰ সুব্ৰত ডেকাই।সৰ্থেবাৰী নগৰৰ তামুলী চুপা নিবাসী কঁহাৰ শিল্পী গিৰিন্দ্ৰ ডেকাৰ পুত্ৰ সুব্ৰত ডেকাই। সৰ্থেবাৰী নগৰৰ তামুলী চুপা নিবাসী কঁহাৰ শিল্পী গিৰিন্দ্ৰ ডেকাৰ পুত্ৰ সুব্ৰত ডেকাই উচ্চ শিক্ষা লাভ কৰি চৰকাৰী চাকৰিৰ আশা নকৰি ঘৰতে পিতৃৰ গঢ়শালত কাঁহৰ সামগ্ৰী তৈয়াৰৰ কাম শিকিবলৈ লয়। কঁহাৰ শিল্পীৰ পৰিয়ালত জন্ম লাভ কৰি সুব্ৰত ডেকা ছাত্ৰ অৱস্থাৰ পৰাই গঢ়শালৰ হাতুৰীৰ টিং টাং শব্দই আকৰ্ষণ কৰিছিল। কলেজীয়া জীৱনৰ পৰাই সুব্ৰত ডেকাই পিতৃৰ লগত গঢ়শালত কাঁহৰ বিবিধ তাল তৈয়াৰ কৰা কামত ধৰে। ২০০১ চনৰ পৰা সুব্ৰতে একাণপতীয়াভাৱে গঢ়শালত কাঁহৰ তাল তৈয়াৰ কৰাত লাগি পৰে। পিতৃৰ পৰা ভুতীয়া তাল, ভোৰতাল তৈয়াৰ কৰাৰ কাম শিকি লৈ অতি কম বয়সতে এগৰাকী বিচক্ষণ কঁহাৰ শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। সুব্ৰতে তৈয়াৰ কৰি গ’ল-ভূটীয়া তাল, ভেৰী, অসমীয়া তাল, ভোৰতাল। কঁহাৰ শিল্পী সুব্ৰত ডেকাই ভেৰী এক কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰামলৈ, অসমীয়া ভোৰতাল সাতশ গ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম ওজনলৈ তৈয়াৰ কৰি আহিছে। ভূটীয়া তাল ভেৰীৰ এক কিলো ওজনৰ বৰ্ত্তমান বজাৰ মূল্য ১,১০০ টকা, পাঁচকিলো ওজনৰ ভেৰীৰ বজাৰ মূল্য ১১,৫০০ টকা। সেইদৰে অসমীয়া তাল ভোৰতালৰ এক কিলো ওজনৰ বজাৰ মূল্য ১,২০০ টকা, পাঁচ কিলোগ্ৰাম ওজনৰ বৰ্তমান বজাৰ মূল্য ১২,০০০ টকা। অতি সুন্দৰভাৱে তৈয়াৰ কৰা ডেকাৰ কাঁহৰ ভেৰী, ভোৰতালে অসমৰ লগতে ভূটান, চীন, তিব্বত, ডেৰাডুন আদিত বিশেষ সমাদৰ লাভ কৰি আহিছে। ভূটানৰ পৰা ভূটীয়া ব্যৱসায়ীয়ে নিজে আহিও ভূটীয়া তাল ভেৰী লৈ যায়। কঁহাৰ শিল্পী সুব্ৰত ডেকা গঢ়শাল পাতি কাঁহৰ তাল তৈয়াৰ কৰি এতিয়া স্বাৱলম্বী। তেওঁৰ গঢ়শালত আন ছগৰাকী কঁহাৰ শিল্পীয়ে কাম কৰে। সুব্ৰত ডেকাই সৰ্থেবাৰী কাঁহ শিল্পৰ ত্ৰাণকাৰী অনুষ্ঠান অসম সমবায় কঁহাৰ স্ংঘ লিমিটেড, সৰ্থেবাৰীৰ পৰিচালনা সমিতিৰ সঞ্চালক পদতো কাৰ্যনিৰ্বাহ কৰি আছে। উৎসঃ অসমীয়া প্ৰতিদিন