পঞ্চায়তৰ সদস্য তথা সমাজসেৱক আৰু ৰাজনৈতিক কৰ্মী হিচাপে পৰিচিত সৰুক্ষেত্ৰী মৌজাৰ লছিমা গাঁৱৰ মনমোহন বৰ্মণে বৰ্তমানে কৃষিকাৰ্য্যত আত্মনিয়োগ কৰি স্বাৱলম্বী হোৱাৰ মন মেলিছে। এইবাৰ শালিধানৰ খেতি কৰি ৮০-৯০ মোন ধান উৎপাদন কৰি সফলতা লাভ কৰাৰ পিছত বৰ্মণে শেহতীয়াকৈ ঘৰৰ নাতিদূৰৰ বাঘমাৰা পথাৰত ২৮ বিঘা মাটিত সৰিয়হৰ খেতি কৰি এক আদৰ্শ দাঙি ধৰিছে। নিজৰ ১১ বিঘা মাটিৰ লগতে আনৰ ১৭ বিঘা মাটি লীজত লৈ তেওঁ সৰিয়হৰ খেতি কৰিছে। কাতি মাহতে ট্ৰেক্টৰেৰে মাটি চহাই বীজ সিঁচা মাটিডৰাত এতিয়া লহপহকৈ বাঢ়ি অহা ধুনীয়া সৰিয়হ গছবোৰে ফুলি উঠিছে আৰু সৰহসংখ্যকতে গুটিও ধৰিছে। তেওঁ প্ৰতি বিঘা মাটিত ১.২ কুইন্টলৰো অধিক সৰিয়হ পাব বুলি আশা কৰিছে। এই বছৰ বৰপেটা জিলাৰ পূব প্ৰান্তত বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱা বাবে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত কৃষক ৰাইজে শালি খেতি কৰিব নোৱাৰাত সৰহভাগ খেতি পথাৰেই ছন পৰি যায়। সেয়ে এই ক্ষতি পূৰণৰ বাবে কৃষক ৰাইজে সৰিয়হৰ খেতিত গুৰুত্ব দি বিস্তৃতভাৱে সৰিয়হৰ খেতি কৰা পৰিলক্ষিত হৈছে। কৃষক ৰাইজে মনমোহন বৰ্মণৰ দৰে সৰিয়হ খেতিত সুফল লাভ কৰিব বুলি আশা কৰিছে। লিখক: চক্ৰেশ্বৰ ডেকা, দৈনিক অসম।