সাংবাদিকতা আৰু ছাত্ৰ সংগঠনৰ দায়িত্ব পালনৰ ব্যস্ততাৰ মাজতো কৃষিকৰ্মৰে উঠি অহা প্ৰজন্মক আদৰ্শ দেখুৱাইছে নগাঁও জিলাৰ তিনিজন যুৱকে| তেওঁলোক হৈছে যতীন্দ্ৰ কুমাৰ শইকীয়া, নিপন শৰ্মা, আৰু বিষ্ণুজ্যোতি নাথ| ইয়াৰে যতীন্দ্ৰ কুমাৰ শইকীয়া এখন দৈনিক বাতৰি কাকতৰ স্থানীয় সংবাদদাতা| নিপন শৰ্মা আৰু বিষ্ণুজ্যোতি নাথ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰমে ভাৰপ্ৰাপ্ত সভাপতি আৰু সাধাৰন সম্পাদক্ৰ দায়িত্বত আছে|নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা এই সকল যুৱকৰ কৃষিকৰ্মৰ প্ৰতি থকা আকৰ্ষণে বাস্তৱিকতে অসমৰ অৰ্থনৈতিক দিশটোৰ প্ৰতিও সু-সংবাদ কঢ়িয়াই আনিছে|

বিভিন্ন প্ৰজাতিৰ ধান খেতিৰে স্বাৱলম্বী যতীন্দ্ৰ কুমাৰ শইকীয়া

পুৰণিগুদামৰ চলচলিৰ বাসিন্দা যতীন্দ্ৰ কুমাৰ শইকীয়া এজন সংবাদসেৱী হ’লেও বিগত ১০ বছৰ ধৰি তেওঁ কৃষিকাৰ্যত নিজকে নিয়োজিত কৰি আহিছে| তেওঁ প্ৰায় ৩০ বিঘা মাটিত আইজং, ৰঞ্জিত, স্বৰ্ণচাপ, বৰা, কোমল আদি ধানৰ খেতি কৰিছে| চলিত বৰ্ষত তেওঁ ২৩ বিঘা মাটিত বৰোধানৰ খেতি কৰিছিল| বৰোধান বিক্ৰী কৰি লক্ষাধিক টকা লাভ কৰা বুলিও শইকীয়াই জনায়| ধানৰ উপৰি তেওঁ মাটিমাহৰ খেতি কৰে|যতীন্দ্ৰ কুমাৰ শইকীয়াই ১ লাখ ৪৫ হাজাৰ টকা ব্যয় সাপেক্ষে এটা মৰণা মৰা মেচিন আৰু ১ লাখ ৬৫ হাজাৰ টকা ব্যয় সাপেক্ষে এখন পাৱাৰ টিলাৰ ক্ৰয় কৰি লৈছে| শইকীয়াই চিলঙনিত থকা কৃষি বিভাগৰ ফাৰ্মৰ পৰা উন্নত মানৰ বীজ ক্ৰয় কৰি লয়| তেওঁ প্ৰতিবিঘা মাটিত ২০-২২ মোন পৰ্যন্ত ধান উৎপাদন কৰে বুলি কয়| বছৰি ধান বিক্ৰী কৰি দুইৰ পৰা আঢ়ৈ লাখ টকা পৰ্যন্ত আয় কৰে শইকীয়াই| প্ৰতিমোন ধান ৩৭০ টকাৰ পৰা অধিক মুল্যত তেওঁ বিক্ৰী কৰিব পাৰে|

পাণ খেতি, মৎস্য পালন, অৰ্কিড সংৰক্ষণ বিষ্ণুজ্যোতি নাথ

হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা বিষ্ণুজ্যোতি নাথ বিহু সংস্কৃতিৰ লগতো জড়িত| অসমৰ বিভিন্ন মঞ্চত তেওঁ ঢোল সংগীত কৰে| তেনেকৈয়ে তেওঁ বিহু পৰম্পৰাৰ লগত বিশেষ সম্পৰ্ক থকা কপৌ, কেতেকী, ভাটৌ আদি অৰ্কিড সংৰক্ষণৰ বাবে আগ্ৰহী হৈ পৰে| যুৱকজনে তেওঁৰ ঘৰত থকা ২০-২২ জোপামান তামোল গছত কপৌ, কেতেকী, ভাটৌ আদি অৰ্কিড লগাইছে| তেওঁ কোৱা মতে এই ফুলবোৰ ক্ৰমশ: বিলুপ্ত হৈ পৰিছে| বিহু নৃত্যৰ সময়ত নাচনীৰ খোপাত গুজিবলৈ কপৌ ফুলৰ অভাৱ পৰিলক্ষিত হয়| সেইবাবেই তেওঁ ঘৰতে কম পৰিমাণে হ’লেও কপৌ ফুল সংৰক্ষণৰ ব্যৱস্থা কৰিছে| তদুপৰি যুৱকজনৰ ঘৰত থকা ৫০-৬০ জোপামান তামোল গছত পাণ লগাইছে|

পাণ বেচিও তেওঁ যথেষ্ট লাভান্বিত হৈছে| প্ৰতি গুচি পাণৰ দাম বজাৰত ২০ টকা বুলি তেওঁ কয়| একেদৰে ঘৰতে থকা আধা কঠামান মাটিত নেমু টেঙাৰ পুলি ৰোপণ কৰিছে বিষ্ণুৱে| কাষৰীয়া জামুগুৰি বজাৰত খুচুৰাকৈ নেমু বিক্ৰী কৰা ব্যৱসায়ীক হালি ১০-১২ টকা মূল্যত তেওঁ নেমু বিক্ৰী কৰে| বাৰীৰ পাছফালে থকা দুটা পুখুৰীত মৎস্য পালনো কৰিছে ছাত্ৰ নেতা জনে| প্ৰায় ২ বিঘা মাটিৰ পুখুৰীত তেওঁ খৰিয়া, গ্ৰাছ কাৰ্প, মিৰিকা, কমন কাৰ্প, শ’ল মাছ আদিৰ পোনা মেলিছে|

মৎস্য পালন নিপন শৰ্মাৰ

নগাঁও জিলাৰ কুৰুৱাবাহীৰ নিপন শৰ্মা হাতীচোং অঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি| তেওঁ বাসগৃহৰ পাছফালে থকা ২ বিঘা মাটিৰ পুখুৰীত মৎস্য পালন কৰিছে| নিপন শৰ্মাই পুখুৰীত খৰিয়া, চিতল, ৰৌ, গ্ৰাছ কাৰ্প, মিৰিকা আদি এৰিছে| মাছৰ খাদ্য হিচাপে তেওঁ তুহগুৰি, খলিহৈ আদি ব্যৱহাৰ কৰে| তদুপৰি গ্ৰাছ কাৰ্প মাছৰ খাদ্য হিচাপে বিভিন্ন গছৰ পাত ব্যৱহাৰ কৰে| পোনা ব্যৱসায়ীৰ পৰা তেওঁ পোনা এক হাজাৰত ১২০০-১৫০০ টকা দৰত অথবা প্ৰতি কিলোগ্ৰাম ৩০০-৪০০ টকা দৰত ক্ৰয় কৰে| স্থানীয় ব্যৱসায়িক মাছ বিক্ৰী কৰে বুলি তেওঁ জনায়| মৎস্য পালনৰ লগতে ঘৰৰ নাতিদূৰত থকা ২০-৩০ বিঘা মাটিত তেওঁ ধানখেতিও কৰিছে|

উল্লেখ্য যি সময়ত চৰকাৰী অথবা বেচৰকাৰী চাকৰিৰ পিছত দৌৰি অসমৰ নৱপ্ৰজন্মই কৃষিকৰ্মৰ পিনে পিঠি দিছে, তেনে সময়তে কৃষিক্ষেত্ৰৰ লগত জড়িত হৈ এই তিনিজন যুৱকে আদৰ্শ দেখুৱাইছে| সাংবাদিকতা আৰু ছাত্ৰ সংগঠনৰ নেতৃত্ব প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰা যুৱক তিনিজনৰ এই চিন্তাধাৰাই এটা কথা প্ৰমাণ কৰিছে যে সমাজৰ বাস্তৱিক অৰ্থত পৰিৱৰ্তন আনিবলৈ কেৱল কথাৰে নহয়, কৰ্মৰেও নিদৰ্শন দেখুৱাব লাগিব| নগাঁওৰ এই তিনিজন যুৱকৰ এনে চিন্তাই অন্যসকলকো নি:সন্দেহে অনুপ্ৰাণিত কৰিব|

লেখক:- চন্দনজ্যোতি বৰা

উৎস:- দৈনিক অসম