<div id="MiddleColumn_internal"> <p style="text-align: center; "><img class="image-inline" src="https://static.vikaspedia.in/media_vikaspedia/as/images/agriculture/9869ae9be9f0-9959c39b7995-9869ae9be9f0-9979f09f1/fish.jpg" /></p> <p style="text-align: justify; ">গোৱালপাৰা জিলাৰ মাটিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাটিয়াৰ প্ৰদীপ পাটগিৰী (শংকৰ)যে মৎস্য পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। ১৯৮৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিৰ পিচে পিচে ঘূৰি ফুৰাৰ সলনি মৎস্য পালনৰ সিদ্ধান্ত লয়। সৰুকালৰে পৰা মৎস্য পালন কৰাৰ আশা পুহি ৰখা প্ৰদীপ পাটগিৰীয়ে পুখুৰী খান্দি মৎস্য পালনৰ লগতে পোনা উৎপাদন কৰিবলৈ ধৰে। সম্প্ৰতি তেওঁ ১৪ হেক্ট্ৰৰ মাটিত১৯ টা পুখুৰী খান্দিছে। এতিয়া পাটগিৰীয়ে উন্নত জাতৰ চিতল, আৰি, ৰুপচন্দাৰ লগতে থলুৱা মাছৰ পোনা উৎপাদন কৰি গোৱালপাৰা জিলাৰ লগতে মেঘালয়ত বিক্ৰী কৰি আছে। মাছ বিক্ৰী কৰি মাহত দুই লাখ টকা উপাৰ্জন কৰাৰ লগতে পোনা উৎপাদন কৰি গোৱালপাৰা জিলাৰ লগতে মেঘালয়ত বিক্ৰী কৰি আছে। মাছ বিক্ৰী কৰি মাহত দুই লাখ টকা উপাৰ্জন কৰাৰ লগতে পোনা মাছ বিক্ৰী কৰি তিনি মাহত প্ৰায় ১৫ লাখ টকা উপাৰ্জন কৰে প্ৰদীপ পাটগিৰীয়ে। শংকৰ ফিছ ছিড ফাৰ্ম খুলি তেওঁ আঠগৰাকী নিবনুৱা যুৱকক কৰ্মসংশথাপন দিছে। এই আঠগৰাকী যুৱকে পোনা উৎপাদন কৰাৰ লগতে বিক্ৰী কৰে। তদুপৰি পুখুৰীসমূহ চোৱাচিতা কৰে। কেৱল পুখুৰীৱে নহয় শংকৰ ফিছ ফিড ফাৰ্মত ডেইৰী ফাৰ্মো খুলিছে প্ৰদীপ পাটগিৰীয়ে। তেওঁ সম্প্ৰতি চাৰিগৰাকী অষ্ট্ৰেলিয়ান জাতৰ গাই পুহিছে। প্ৰতিগৰাকী গাইগৰুৱে ২০ৰ পৰা ৩০ লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি চাৰিবিঘা মাটিত বিভিন্নধৰণৰ শাক-পাচলিৰ খেতি কৰিছে প্ৰদীপ পাটগিৰীয়ে। জিকা, ভোল, ভেণ্ডি, পানী লাও, কোমোৰা, বেঙেনা, বিলাহী আদি বিভিন্নধৰণৰ শাক-পাচলি বিক্ৰী কৰিও ভাল পইচা উপাৰ্জন কৰিছে তেওঁ।</p> <p style="text-align: justify; "><b><i>উৎসঃ অসমীয়া প্ৰতিদিন</i></b></p> </div>