<p style="text-align: justify; "> </p> <p style="text-align: justify; ">দৰং আৰু ওডালগুৰি জিলাৰ সীমামূৰীয়া বৰঝাৰ, কাৱৈমাৰী আৰু মাদেলীক গাঁৱৰ ১৫০টা পৰিয়ালেৰে গঠিত লখিমী পথাৰ পৰিচালনা সমিতিয়ে প্ৰতি বছৰে কৃষিৰ ক্ষেত্ৰত ন ন পৰিকল্পনা গ্ৰহণ কৰি কৃষিজাত সামগ্ৰী উৎপাদনেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ১৯৯৯ চনতে গঠিত পথাৰ পৰিচালনা সমিতিখনৰ নেতৃত্বত থাকি ভাৰতীয় সৈন্য বাহিনীৰ দুজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে কৃষকসকলক কৃষি কৰ্মৰে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে নতুন নতুন কৃষি আঁচনি গ্ৰহণ কৰি আহিছে। অঞ্চলটোৰ ভিতৰতে অন্যতম হিচাপে চিহ্নিত হোৱা লখিমী পথাৰ পৰিচালনা সমিতিৰ সম্প্ৰত্তি দায়িত্বত আছে গিৰীন্দ্ৰ ডেকা(সভাপতি), ৰাণা শংকৰ ভূঞা(সম্পাদক), নবীন চন্দ্ৰ নাথ(উপ-সভাপতি) আৰু জীৱন চন্দ্ৰ নাথ(উপদেষ্টা)। বৰঝাৰ, কাৱৈমাৰী আৰু মাদেলী গাঁৱ ৰাজহ গাঁৱক লৈ গঠিত লখিমী পথাৰ পৰিচালনা সমিতিখনে এইবেলি সন্মিলিতভাৱে খেতি কৰাই নহয়, ব্যক্তিগতভাৱেও ঘৰে ঘৰে উদ্যান শস্যৰ খেতি আৰম্ভ কৰিছে। চলিত বৰ্ষত চাৰি বিঘা মাটিত বাদাম খেতি, চাৰি বিঘাত মাকৈ খেতি, ৩০ বিঘা মাটিত মটৰৰ খেতি কৰি পথাৰ পৰিচালনা সমিতিখনে লাভৱান হ’বলৈ সক্ষম হৈছে। ইফালে, পথাৰ পৰিচালনা সমিতিখনৰ প্ৰতিজন সদস্যৰ ঘৰে ঘৰে অতি আধুনিক পদ্ধতিৰে ২০ জোপাকৈ তামোল, ৫ জোপাকৈ মালভোগ কল, ৫ জোপাকৈ ভোট জলকীয়া আৰু ৫ জোপাকৈ নেমুটেঙা গছৰ পুলি বাধ্যতামূলকভাৱে ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰিছে। লখিমী পথাৰ পৰিচলনা সমিতিখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বালিপোটা কৃষিখণ্ড উন্নয়ন বিষয়া কল্যাণ শৰ্মা আৰু গ্ৰামসেৱক লোহিত চন্দ্ৰ নাথে প্ৰয়োজনীয় পৰামৰ্শ দি আহিছে। এই দুগৰাকী বিষয়া আৰু কৰ্মচাৰীৰ উদ্যোঘ সত্ত্বেও সমিতিখনে সময়মতে বীজ লাভৰপৰা বঞ্চিত হোৱাৰ লগতে কৃষি সঁজুলীৰ অভাৱ আৰু পানী যোগানৰ অভাৱৰ মুখামুখি হৈ আহিছে। লখিমী পথাৰ পৰিচালনা সমিতিখনৰ অভাৱসমূহ আঁতৰ কৰিবলৈ সমিতিৰ সদস্যসকলে কৰ্তৃপক্ষক আহ্বান জনাইছে। উল্লেখ্য, বৃহত্তৰ অঞ্চলটোৰ পথাৰ পৰিচালনা সমিতিখনে কৃষিক্ষেত্ৰত লৈ অহা ভূমিকাৰ কাৰণে ইয়াৰ আশে পাশে থকা গাঁৱবোৰৰ কৃষকসকল উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।</p> <p style="text-align: justify; "><b><i>লেখক: বাপন শৰ্মা(দৈনিক অসম)</i></b></p> <p style="text-align: justify; "> </p>