চমু পৰিচয়

স্নাতক ডিগ্ৰীৰে উচ্চ শিক্ষিত হৈয়ো চৰকাৰী চাকৰিৰ আশা বাদ দি কৃষি কৰ্মৰে নিজৰ পৰিয়াল ভৰণ-ভোষণ দিয়া সদানন্দ দাস যুৱপ্ৰজন্মৰ বাবে এক আদৰ্শৰ প্ৰতীক।শুৱালকুছি থানাৰ অন্তৰ্গত কামৰূপ জিলাৰ অন্যতম কৃষিগ্ৰাম সৰুলাহৰ মনিকান্ত দাস আৰু ধৈৰ্য দাসৰ পুত্ৰ সদানন্দ দাস। ১৯৯১ চনত শুৱালকুছি মহাবিদ্যালয়ৰ পৰা বি. এ. পাছ কৰি কিছুদিন চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাইছিল যদিও পাছত চৰকাৰী চাকৰিৰ আশা বাদ দি ২০০০ চনৰ পৰা কৃষিকৰ্মত আত্মনিয়োগ কৰে।

বিতং বৰ্ণনা

নিজৰ পৈতৃক সম্পত্তি হিচাপে থকা ২২ বিঘা মাটিত ধানকে ধৰি বিভিন্ন খেতি কৰিবলৈ সদানন্দ দাসে আৰম্ভ কৰে। প্ৰথম অৱস্থাত শ্ৰম অনুযায়ী ফচল লাভ নকৰাত হতাশ হৈছিল যদিও একাগ্ৰতাৰে পথাৰত লাগি থকাত পৰৱৰ্তী সময়ত মাত্ৰাধিক মাত্ৰাধিক ফচল লাভ কৰি অধিক উত্সাহিত হৈ পৰে। নলবাৰীৰ মঞ্জু দাসক বিবাহ কৰোৱাৰ পাছত দুয়ো স্বামী-স্ত্ৰী খেতিপথাৰত তিনিজন বনুৱাৰ সহায়ত খেতি কৰ্মত অগ্ৰসৰ হয়। তেওঁ বছৰত দুটা ধান খেতি কৰাৰ উপৰি বেঙেনা, মাহ, সৰিয়হ, আলু, পিঁয়াজ, মটৰ, পেপচিগাম আৰু কুঁহিয়াৰ খেতি কৰে। বিগত বছৰত এওঁ চৰকাৰৰ পৰা ‘পি এ চি ৮৩৭’ হাইব্ৰীড বীজৰ ধানখেতি কৰি সৰ্বাধিক লাভৱান হৈছে। প্ৰতি বিঘাত ২০ৰ পৰা ২৫ মোন পৰ্যন্ত ধান উত্পাদন হৈছে। ইয়াৰে কিছু ধান তেওঁ বজাৰত বিক্ৰী কৰিছে। বৰ্তমান এইগৰাকী উচ্চশিক্ষিত যুৱকে এইবাৰ ১০৮০ জোপা বেঙেনা গছ ৰোপণ কৰিছে। ইয়াৰে একাংশ চাইনিজ বীজ আৰু একাংশ ৭০৬ বীজ। কৃষি বিভাগৰ পৰামৰ্শৰ ভিত্তিত মানসিং পেপাৰৰ ওপৰত কৰা বেঙেনা গছসমূহে অতি কম দিনৰ ভিতৰতে ফচল দিবলৈ সক্ষম হৈছে। কৃষি বিভাগৰ গ্ৰাম সেৱক গোবিন্দ দাসে চৰকাৰৰ পৰা সাৰ আৰু উন্নতমানৰ বীজ যোগান ধৰি যুৱ কৃষকগৰাকীক বিশেষ সহায় কৰা বুলি উত্সাহিত কৃষক সদানন্দ দাসে ব্যক্ত কৰে। বৰ্তমান তেওঁ প্ৰতিদিনে ১২০ৰ পৰা ১৩০ কেজি উত্পাদিত বেঙেনা শিঙিমাৰীৰ বজাৰত প্ৰতিকিলোত ২৫ টকাকৈ বিক্ৰী কৰি আছে বুলি জানিবলৈ দিয়ে। ঠিক তেনেদৰে আজি দুই-তিনিমাহ আগত আলু আৰু পিঁয়াজ বিক্ৰী কৰাৰ কথাও উল্লেখ কৰে। হাড়ভঙা পৰিশ্ৰমেৰে কৃষি কাৰ্য কৰি পত্নী আৰু দুই সন্তান সহিতে জীৱননিৰ্বাহ কৰা সদানন্দ দাসে কৃষিৰ উপাৰ্জনেৰে নিজৰ মাটি-ঘৰ নিৰ্মাণ কৰি দুই সন্তানক বিদ্যালয়ত পঢ়ুৱাইছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া দুই ল’ৰা সন্তানৰ এজন দশম শ্ৰেণীত আৰু আনজন পঞ্চম শ্ৰেণীত অধ্যয়নৰত। পত্নী মঞ্জু দাসেও তেওঁক সকলো দিশতে পূৰ্ণ সহযোগ কৰে বুলি কৃষকগৰাকীয়ে জানিবলৈ দিছে। মানসিং পেপাৰৰ ওপৰত কৃষিকাৰ্য কৰাত বন, জাবৰ আদি চিকুনাব নালাগে বুলি সদানন্দ দাসে উল্লেখ কৰে। উচ্চ শিক্ষিত যুৱকগৰাকী এজন সফল কৃষক হিচাপে স্বীকৃতি লাভ কৰিছে। এওঁৰ আদৰ্শ যুৱ প্ৰজন্মই গ্ৰহণ কৰা উচিত।

উৎসঃ অসমীয়া খবৰ