ৰাজ্য চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততেই সংস্থাপন বিচাৰি নিবনুৱা যুৱকসকলৰ একাংশ ইতিপূৰ্বে ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিব লগা হৈছে। আনহাতে অন্য একাংশ শিক্ষিত যুৱকে আত্মসংস্থাপনৰ বাবে কেতবোৰ স্বনিয়োজন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তেনে এজন শিক্ষিত নিবনুৱা যুৱক হ’ল উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লুইতপৰীয়া গাঁও পঞ্চায়তৰ কুঁহিয়াবাৰী গাঁৱৰ বুদ্ধেশ্বৰ শইকীয়া। কলা বিভাগৰ স্নাতক ডিগ্ৰীধাৰী বুদ্ধেশ্বৰ শইকীয়াই চৰকাৰী চাকৰি বিচাৰি সময় নষ্ট কৰাৰ সলনি শাক-পাচলি আৰু তামোলৰ খেতিৰে আত্মসংস্থাপনৰ পথ বাছি লৈছে। বুদ্ধেশ্বৰ শইকীয়াই তিনি শতাধিক জোপা তামোল ৰোপন কৰি বৰ্তমান বছৰত ৪০ হেজাৰপৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে। তদুপৰি বৰ্তমান প্ৰায় ডেৰ বিঘামান মাটিত জিকা, তিয়ঁহ, কেৰেলা, ভাতকেৰেলা আদি বিভিন্ন জাতৰ শাক-পাচলি কৰি দৈনিক গড়ে পাঁচশ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ঋতু বিভিন্ন জাতৰ শাক-পাচলি খেতি কৰাৰ উপৰি উন্নতজাতৰ ধানৰ খেতিও কৰে বুদ্ধেশ্বৰ শইকীয়াই। কৃষি বিভাগৰ সহায় নোলোৱাকৈয়ে উপাৰ্জনক্ষম হোৱা নিবনুৱা যুৱকজনে এনেদৰে আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হৈছে।

উৎসঃ অসমীয়া প্ৰতিদিন