একাগ্ৰতা, আগ্ৰহ আৰু বুদ্ধিৰে নলবাৰীৰ বাপুকণ বৰ্মনে কৃষি ক্ষেত্ৰত এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, কৃষি ব্যৱসায়ৰ ক্ষেত্ৰত বাপুকণে যে অধিক আগবাঢ়িব লাগিব সেয়া ধুৰূপ।

কৃষি ব্যৱসায়ৰ বাবে ‘বিভিন্ন নাই’ৰ মাজত কিদৰে এক সম্ভাৱনাৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰিছে সেয়াহে আমি আলোচনা কৰিব লৈছো।

কিদৰে নিষ্ঠা, সততা, দূৰন্ত অভিলাস আৰু স্থিতপ্ৰজ্ঞ হলে নিজক প্ৰতিষ্ঠা কৰিব পাৰি তাৰ এক উদাহৰণ নলবাৰী জিলাৰ প্ৰয়াত মোহন চন্দ্ৰ বৰ্মন আৰু সৰলা বৰ্মনৰ দ্বিতীয় পুত্ৰ বাপুকণ বৰ্মন।

কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰী আৰু আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ যুটীয়া উদ্যোগত APART আঁচনিৰ অধীনত নলবাৰীৰ জিলাৰ প্ৰগতিশীল কৃষকৰ এক জ্ঞান দৰ্শন কাৰ্যসূচীৰ অংশ হিচাপে আমি বহুকেইজন কৃষকক লৈ বাপুকণ বৰ্মনৰ কৃষি পাম পৰিদৰ্শন কৰিছিলো। আচলতে আমাৰ উদেশ্য আছিল বৰ্মনৰ ধানখেতিৰ পথাৰখন কৃষকসকলক পৰিদৰ্শন কৰোৱা।

‘ৰঞ্জিত চাব-১’ আৰু ‘বাহাদুৰ চাব-১’ ধানৰ জাত দুবিধ এইবছৰ শালিধানৰ বতৰত বিভিন্ন জিলাৰ কৃষকসকলৰ মাজত প্ৰদৰ্শনমূলক খেতি হিচাপে কৰিবলৈ দিয়া হৈছিল।

এই দুবিধ ধানৰ জাতৰ বৈশিষ্ট হল- পানীত দুসপ্তাহ পৰ্যন্ত ডুব গৈ থাকিলেও ধানখেতি নষ্ট নহয়। অৰ্থাৎ বানপানী অধ্যুষিত এলেকাৰ বাবে এই দুবিধ ধানৰ জাত উপযুক্ত।

বাপুকণ বৰ্মনে তেওঁৰ পথাৰৰ অতি দ’ অংশত ‘ৰঞ্জিত চাব-১’বিধৰ খেতি শালিধানৰ বতৰত কৰিছে। বাকী অংশত অন্যজাতৰ খেতি কৰিছে।

বাপুকণে খেতি কৰিবলৈ লওতে অন্য কিছু কৃষকে তেওঁক সেই দ’ মাটিত খেতি কৰিলে পানীয়ে মাৰি পেলাব বুলি কৈছিল। তাতকৈ চন পৰি থকাই ভাল বুলি কৈছিল, অন্ততঃ খৰছখিনি ৰাহি হব। বাপুকণে কিন্তু কাৰোৰে কথা মানি নললে।

তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শহে মানি ললে। নতুন কিবা এটা কৰাৰ আগ্ৰহে তেওঁক হাতবাউল দি মাতিছিল। ফলস্বৰূপে, ওচৰৰ অন্য ধানখেতি পানীয়ে মাৰি পেলালে, কিন্তু ‘ৰঞ্জিত চাব-১’ৰ খেতি দুপ্তাহ পানীত ডুব গৈ থকাৰ পিছতো ধানখিনি নষ্ট নোহোৱাকৈ থাকিল।

ধানখেতিৰ উপৰিও কৃষি পামখনত বাপুকণে মাছ পালন অৰু কলখেতিও কৰিছে। পশুধনো তেওঁৰ উপাৰ্জনৰ অন্য এক উৎস। বানাক্ৰান্ত এলেকাত এনে এখন কৃষি পামে কেনেকৈ সফলতা আনিব তাক লৈ সকলোৱেই সন্দিহান হৈ আছিল।

কিয়নো বলীয়া বানে তেওঁৰ পামখনৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতো আঠিয়া কল গছকেইজোপাহে মাত্ৰ ঠন ধৰি উঠিছিল।

দৰ্শন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লৈ চাকৰি প্ৰত্যাশী হৈও নিৰাস নহৈ কৃষিকে জীৱিকাৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে বাপুকণে। আঠিয়া কলখিনিয়ে বাপুকণৰ মনলৈ আশাৰ বতৰা আনিলে। আৰম্ভ কৰিলে কলাখাৰ প্ৰস্তুত কৰাৰ কাম। বিভিন্ন বাধাক নেওচি কলাখাৰ আৰু আঠিয়া কলৰ ব্যৱসায় আৰম্ভ কৰিলে।

বিক্ৰিৰ পাছত ৰৈ যোৱা কলাখাৰখিনি মাছৰ পুখুৰীত দিবলৈ আৰম্ভ কৰিলে। সাংঘাটিকভাবে মাছৰ বাঢ়ন হবলৈ ধৰিলে, মাছৰ বেমাৰ-আজাৰো কম হবলৈ আৰম্ভ কৰিলে।

লাহে লাহে মীন বিভাগৰ কাণত বাপুকণৰ কথা পৰিলগৈ আৰু বিভিন্ন বিষয়া-কৰ্মীয়ে কৃষিপামখন পৰিদৰ্শন কৰি বাপুকণক বিভিন্ন দিহা-পৰামৰ্শ দিবলৈ ধৰিলে।

বাপুকণে মাহেকত গড়ে প্ৰায় ২০০ লিটাৰ কলাখাৰ বিক্ৰি কৰে আৰু দেশী-বিদেশী কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানে এই কলাখাৰ বিক্ৰি কৰে।

২০০৪ চনত লখোপুৰত পৰিত্যক্ত অৱস্থাত থকা প্ৰায় ৭৫ বিঘা মাটিত বাপুকণে সম্ভাৱনাৰ পথ মুকলি কৰিছে।

২০০৬ চনৰ পৰা ২০০৮ চনলৈকে একেলেঠাৰিয়ে তিনিবাৰকৈ বানপানীয়ে খেতি নষ্ট কৰাৰ পিছতো আঠিয়া কলজোপাৰ দৰে স্থিতপ্ৰজ্ঞ হৈ ৰল বাপুকণ।

তেওঁ ভালদৰে বুজে, ব্যৱসায়ৰ পথ সূচল নহয়। কিন্তু একাগ্ৰতা আৰু সাহস থাকিলে কঠিন যাত্ৰাও মসৃণ হৈ যাব পাৰে।

লেখক: জ্যোতি বিকাশ নাথ

উৎস: সেউজ চিন্তা

লেখকৰ ঠিকনা: বিশেষজ্ঞ, কৃষি গৱেষণা আৰু উন্নয়ন, আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান, মবাইল: ৯৪৩৫০৪8৫০